নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসমত পুনৰ সক্ৰিয় জেএমবিৰ শ্লীপাৰ চেলঃ লক্ষ্য ডকাইতি-অপহৰণ

কল্লোল ভৌমিক, নতুন দিল্লী, ২২ ফেব্ৰুৱাৰীঃ অসমত পুনৰ সক্ৰিয় হৈ পৰিছে জামাত-উল-মুজাহিদীন, বাংলাদেশৰ (জেএমবি) শ্লীপাৰ চেল । তীব্ৰ আৰ্থিক সংকটৰ সন্মুখীন হোৱা জেএমবিয়ে জেহাদী কাৰ্যকলাপ সাময়িকভাৱে বিৰত ৰাখি শ্লীপাৰ চেলক এতিয়া ডকাইতি, অপহৰণ, জালিয়াতিৰে ধন সংগ্ৰহ আদিৰ দৰে অপৰাধমূলক কাৰ্যকলাপত লিপ্ত কৰাইছে ৷ অৱশ্যে ভৱিষ্যতে জেহাদী কার্যকলাপ সংঘটিত কৰিবলৈ তথা কূটাঘাতমূলক কাম–কাজৰ বাবে অসম, উত্তৰবংগত বিস্ফোৰক প্রস্তুত কৰি থকা হৈছে ৷ ইয়াৰ বাবে ইতিমধ্যে একাধিক গোপন লেবৰেটৰী স্থাপন কৰিছে জেহাদী সংগঠনটোৱে৷ কেন্দ্রীয় চোৰাংচোৱা সংস্থা আই বিৰ তৰফৰ পৰা শেহতীয়াকৈ কেন্দ্রীয় গৃহ মন্ত্রালয়ক এক প্রতিবেদনযোগে অতি চাঞ্চল্যকৰ এইবোৰ তথ্য প্রদান কৰা হৈছে ৷

উল্লেখ্য যে ভাৰতত জে এম বিৰ নামকৰণ কৰা হৈছে জামাত–উল–মুজাহিদীন্, ভাৰত (জে এম আই)ৰূপে৷ প্রতিবেদন অনুসৰি অসম, ত্রিপুৰা আৰু পশ্চিমবংগ সংলগ্ণ বাংলাদেশ সীমান্তৱত্ এলেকা এতিয়া হৈ পৰিছে জে এম বিৰ শ্লীপাৰ চেলৰ নতুন ঠিকনা৷ মূলতঃ ধন সংগ্রহৰ বাবে জে এম বিয়ে অসম, উত্তৰবংগ আৰু পশ্চিমবংগ–বিহাৰ সীমান্তৱত্ এলেকাক বাছি লৈছে৷ কোৱা হৈছে জে এম আইৰ মুৰব্বী এজাজ আহমেদকে ধৰি মৌলবাদী সংগঠনটোৰ একাধিক শীর্ষ নেতা আৰক্ষীৰ জালত পৰাৰ পাছত সংগঠনটোৱে তীব্র আর্থিক সংকটত পৰিছে৷ কাৰণ মৌলবাদী নেতাসকলৰ বেংক একাউণ্টো বাজেয়াপ্ত কৰা হৈছে৷ সেয়েহে পূর্ণ উদ্যমত জেহাদী কার্যকলাপ সম্প্রসাৰিত কৰাৰ পূর্বে সংগঠনটোৱে এতিয়া ধন সংগ্রহতহে বিশেষ গুৰুত্ব আৰোপ কৰিছে ৷ এইক্ষেত্রত আমদানি–ৰপ্তানিৰ ব্যৱসায়ত জডিত ব্যক্তি তথা প্রতিষ্ঠান আৰু অলংকাৰৰ দোকানীসকলক লক্ষ্য কৰি লোৱা হৈছে ৷

কেন্দ্রীয় গৃহ মন্ত্রালয়ৰ এটা শীর্ষ সূত্রই প্রকাশ কৰা মতে, আই বিৰ এই প্রতিবেদন দাখিল কৰাৰ পূর্বে কেন্দ্রীয় গৃহ মন্ত্রালয়ৰ তৰফৰ পৰা অসম, ত্রিপুৰা আৰু পশ্চিমবংগ সংলগ্ন বাংলাদেশৰ সীমান্তৱৰ্তী এলেকাত হাই এলার্ট জাৰি কৰা হৈছিল ৷ বাংলদেশৰ চোৰাংচোৱাৰ পৰা লব্ধ তথ্যৰ আধাৰতেই জাৰি কৰা হৈছিল এই হাই এলার্ট ৷ ইয়াৰ পাছত নিৰাপত্তা বাহিনীৰ চোৰাংচোৱাৰ উপৰি নিয়াৰ সহযোগাত আই বিয়ে চলিত মাহত এই প্রতিবেদন প্রস্তুত কৰে ৷ লক্ষণীয়ভাৱে চোৰাংচোৱাই নাগৰিকত্ব সংশোধনী আইনবিৰোধী (কা) আন্দোলনৰ ওপৰতো তীক্ষ্ণ দৃষ্টি ৰাখিছিল ৷ পিছে ‘কা’বিৰোধী আন্দোলনত জে এম বিৰ কোনো ভূমিকা বিচাৰি পোৱা নাই বুলিহে প্রতিবেদনখনত উল্লেখ কৰা হৈছে৷ লক্ষণীয়ভাৱে চোৰাংচোৱাৰ প্রতিবেদনত ৰে’লৱে প্রটেকচন ফ’চ, চমুকৈ আৰ পি এফৰ মুৰব্বী অৰুণ কুমাৰৰ এক ভাষ্য গুৰুত্বসহকাৰে সন্নিৱিষ্ট কৰা হৈছে৷ কুমাৰে প্রকাশ কৰা মতে, অলপতে ৰে’লৰ ভুৱা ই–টিকট চক্রৰ সৈতে জডিত ৰাজু পোদ্দাৰ নামৰ এজন যুৱকক আৰ পি এফে পশ্চিমবংগৰ নদীয়া জিলাৰ পৰা গ্রেপ্তাৰ কৰিছিল৷ পাছত তদন্তত আন এক ভয়াৱহ বিষয় পোহৰলৈ আহে৷ দৰাচলতে ৰাজু পোদ্দাৰ নামৰ যুৱকজনে জে এম বিৰ শ্লীপাৰ চেলৰ সৈতে সম্পর্ক ৰক্ষা কৰি চলিছিল৷ সোধা–পোছাত পোদ্দাৰে দিয়া তথ্য অনুসৰি ৰাজেশ যাদৱ নামৰ এজন যুৱক হৈছে জে এম বিৰ সদস্য৷ উদ্বেগজনক বিষয়টো হৈছে একাংশ হিন্দু যুৱকেও হেনো এতিয়া জে এম বিৰ হৈ কাম কৰি আছে৷ আৰ পি এফৰ মুৰব্বীজনে প্রদান কৰা ভাষ্যৰ পৰাই এই কথা পোহৰলৈ আহিছে৷ মূলতঃ ধন সংগ্রহৰ কামতেই নিয়োজিত হৈছে জে এম বিৰ হিন্দু সদস্যসকল৷ উল্লেখ্য যে পোদ্দাৰে কেৱল ৰে’লৰ ভুৱা ই–টিকটেই নহয়, জালনোট, ভুৱা পাছপ’ট, আধাৰ বনোৱা চক্রৰ সৈতেও জডিত আছিল৷ জালিয়াতিৰে ধন সংগ্রহো হৈছে জে এম বিৰ এতিয়া আন এক পন্থা৷ ইয়াৰ উপৰি শ্লীপাৰ চেলৰ সদস্যসকলক এতিয়া ডকাইতিৰ প্রশিক্ষণো দি থকা হৈছে৷ আৰু ইয়াৰ বাবে লক্ষ্য কৰি লোৱা হৈছে অসম, উত্তৰবংগ আৰু সীমান্তৱত্ বিহাৰৰ এলেকাসমূহক৷ আনহাতে অসম, উত্তৰবংগত জে এম আইৰ জাল বিস্তাৰৰ বাবে ৰণনীতি প্রস্তুত কৰাৰ বৈঠক জে এম বিৰ শীর্ষ নেতৃত্বই শেহতীয়াকৈ নেপালত বাহৰ পাতি থকা বুলি প্রতিবেদনখনত উল্লেখ কৰা হৈছে ৷ নেপালৰ পৰাই এতিয়া নিয়ন্ত্রিত হৈ আছে জে এম বি তথা জে এম আইৰ কার্যকলাপ ৷

You might also like