নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ফুটবল কিংবদন্তি পি কে বেনার্জীৰ বিয়োগ

ভাৰতীয় ক্রীড়া জগতৰ এটা বর্ণিল যুগৰ অৱসান, দেশজুৰি শোকৰ ছাঁ

নিয়মীয়া বাৰ্তা, ২১ মার্চঃ ভাৰতীয় ফুটবলৰ অন্যতম শ্রেষ্ঠ খেলুৱৈ পি কে বেনার্জী আৰু নাই ৷ শুকুৰবাৰে দুপৰীয়া প্রায় ১২.৪০ বজাত কলকাতাৰ এখন চিকিৎসালয়ত তেওঁ শেষ নিশ্বাস ত্যাগ কৰে৷ ৫০–৬০ৰ দশকত ফুটবলৰ পথাৰত দুর্দান্ত প্রদর্শনেৰে দেশলৈ বিৰল সুনাম কঢ়িয়াই অনা কিংবদন্তি ফুটবলাৰগৰাকীৰ মৃত্যুৰ সময়ত বয়স হৈছিল ৮৩ বছৰ ৷ বার্ধক্যজনিত কেইবাটাও ৰোগত আক্রান্ত বেনার্জী যোৱা ২ মার্চত উশাহ–নিশাহত সমস্যাৰ সন্মুখীন হোৱাত তেওঁক কলকাতাৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভর্তি কৰোৱা হৈছিল ৷ তেতিয়াৰে পৰা লাইফ ছাপ’টত থকা প্রখ্যাত ফুটবলাৰগৰাকীৰ শুকুৰবাৰে দুপৰীয়া দেহাৱসান ঘটে ৷ ১৯৬২ৰ এছিয়ান গেমছত স্বর্ণ পদক বিজয়ী বেনার্জীৰ বিয়োগত দেশৰ ক্রীড়া মহলত গভীৰ শোকৰ ছাঁ পৰিছে ৷ উল্লেখ্য যে ভাৰতীয় ফুটবলৰ সোণালী অধ্যায়ৰ অন্যতম নায়কগৰাকীয়ে ৮৪খন আন্তঃৰাষ্ট্রীয় মেচত দেশক প্রতিনিধিত্ব কৰি ৬৫টা গ’ল কৰিবলৈ সক্ষম হৈছিল ৷ ভাৰতীয় ফুটবললৈ তেওঁৰ অনবদ্য বৰঙণিক আন্তঃৰাষ্ট্রীয় ফুটবল ফেডাৰেচনে (ফিফা) স্বীকৃতি দিছিল ৷ ২০০৪ চনত পি কে বেনার্জীক ফিফাই বিংশ শতিকাৰ ভাৰতৰ মহান খেলুৱৈ আখ্যা দিছিল ৷ ১৯৩৬ চনৰ ২৩ জুনত জলপাইগুৰিত জন্মগ্রহণ কৰা প্রখ্যাত ফুটবলাৰগৰাকীয়ে ১৯৫২ চনত বিহাৰৰ হৈ সন্তোষ ট্রফী ফুটবলত কেৰিয়াৰৰ পাতনি মেলিছিল ৷ ১৯৫৬ চনৰ মেলব’ন অলিম্পিকত ছেমিফাইনেল খেলা ভাৰতীয় দলটোৰ অন্যতম সদস্য পি কে বেনার্জীয়ে ১৯৬০ চনৰ ৰোম অলিম্পিকত ভাৰতীয় ফুটবল দলক নেতৃত্ব দিছিল৷ প্রতিযোগিতাখনৰ এখন মেচত ফ্রান্সৰ বিৰুদ্ধে ভাৰতে ১–১ গ’লত ড্র খেলাৰ সময়ত বেনার্জীয়ে সমতাসূচক গ’লটো দিছিল ৷

You might also like