নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সংক্রমণৰ এমাহ পিছতেই ক’ৰোনামুক্ত উত্তৰ কোৰিয়া!

নিয়মীয়া বাৰ্তা, ২২ জুনঃ ক’ভিড মহামাৰীয়ে বিগত দুবছৰ ধৰি বিশ্বৰ বিভিন্ন দেশত তাণ্ডৱ সৃষ্টি কৰি আহিছে৷ আনকি অতি উন্নত স্বাস্থ্য ব্যৱস্থা থকা দেশসমূহেও এই মহামাৰীৰ পৰা পৰিত্রাণ পোৱা নাই৷ কিন্তু মাত্র এমাহ পূর্বে ক’ভিড মহামাৰীৰ সংক্রমণ আৰম্ভ হোৱা উত্তৰ কোৰিয়াই শীঘ্রে ক’ভিডমুক্ত হ’ব বুলি দেশখনৰ চৰকাৰে ঘোষণা কৰিছে৷

কট্টৰ কমিউনিষ্ট দেশখনত এমাহ পূর্বে ক’ভিডৰ সংক্রমণ ধৰা পৰা বুলি ঘোষণা কৰিছিল দেশখনৰ শীর্ষ নেতা কিম জং–উনে৷ আনকি ৰাষ্ট্রপতি কিম জং–উনক মাস্ক পৰিধান কৰা বুলি দেখিবলৈ পোৱা গৈছিল৷ কিন্তু এমাহ সম্পূর্ণ হোৱাৰ লগে লগে উত্তৰ কোৰিয়াত হেনো ক’ভিড নির্মূল হৈছে৷ এই দাবী কৰিছে দেশখনৰ চৰকাৰী সংবাদ মাধ্যমে৷ ইতিমধ্যে কিম জং–উনে উত্তৰ কোৰিয়াক ক’ভিডমুক্ত বুলি ঘোষণা কৰাৰ প্রস্তুতিও চলাইছে৷ স্মর্তব্য যে বিগত দুটা বছৰ ধৰি সমগ্র বিশ্বত ক’ভিড তাণ্ডৱ চলিছিল যদিও উত্তৰ কোৰিয়াই দেশখনত কোনো লোক ক’ভিডত আক্রান্ত হোৱা নাছিল বুলি দাবী কৰি আহিছিল৷

শেহতীয়াকৈ প্রতিৱেশী চীনত ক’ৰোনাৰ সংক্রমণ বৃদ্ধি পোৱা সত্ত্বেও উত্তৰ কোৰিয়াই দাবী কৰিছে যে আজিৰ মুহূর্তত দেশখনত কোনো লোক নতুনকৈ এই মহামাৰীত আক্রান্ত হোৱা নাই৷ উত্তৰ কোৰিয়াৰ এই দাবীক লৈ আশ্বস্ত হ’ব পৰা নাই পৃথিৱীৰ কোনো এখন দেশ৷ আনকি বিশ্ব স্বাস্থ্য সংস্থায়ো উত্তৰ কোৰিয়াৰ এই দাবীক মানি লোৱা নাই৷ আজি দেশখনৰ সংবাদ মাধ্যমে ঘোষণা কৰে যে ক’ভিডত উত্তৰ কোৰিয়াত অসংখ্য লোকৰ প্রাণহানি হ’ব বুলি বিভিন্ন দেশে ধাৰণা কৰিছিল৷ কিন্তু এই ধাৰণাক অমূলক বুলি প্রমাণিত কৰিছে উত্তৰ কোৰিয়াই৷ দেশখনৰ চৰকাৰী সংবাদ সংস্থা কে চি এন এৰ মতে, উত্তৰ কোৰিয়াই ক’ভিডক জয় কৰিছে৷

You might also like