নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

‘গ’ল্ডেন গার্ল’ বেট্টি হোৱাইটৰ দেহাৱসান

নিয়মীয়া বার্তা, ২ জানুৱাৰী: সাত দশকধৰি আমেৰিকা যুক্তৰাষ্ট্রকে ধৰি বিশ্বৰ বিভিন্ন দেশৰ দর্শকক হাঁহিৰ খোৰাক জগোৱা ‘গ’ল্ডেন গার্ল’খ্যাত অভিনেত্র বেট্টি হোৱাইটৰ ৯৯ বছৰ বয়সত দেহাৱসান ঘটিছে৷ ১৯৪৯ চনৰে পৰা ২০১৯ চনলৈকে টিভিত সক্রিয় হৈ বিশ্ববাসীৰ মাজত হাঁহিৰ সঁফুৰা বুলি চর্চিত বেট্টি হোৱাইটৰ যোৱানিশা বিয়োগ ঘটে৷ দ্য গ’ল্ডে গার্ল, দ্য মেৰী টাইলৰ মুৰে শ্ব’ আদিৰ বাবে ভূয়সী প্রশংসিত বেট্টি হোৱাইটে ১৯২২ চনৰ ১৭ জানুৱাৰীত চিকাগোত জন্মগ্রহণ কৰে যদিও আর্থিক মন্দাৱস্থাৰ সময়ত কেলিফ’র্নিয়ালৈ তেওঁলোকৰ পৰিয়াল আহি বসবাস কৰিবলৈ লয়৷ বিদ্যালয়ত অধ্যয়ন কৰি থকা সময়ছোৱাতে অভিনয়ৰ প্রতি আগ্রহী বেট্টি হোৱাইটে মডেলিং জগতত প্রৱেশ কৰে৷ কিছু বছৰ ধৰি মডেলিং কৰাৰ পিছত দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত আমেৰিকাৰ অ’মেনছ ভলেণ্টাৰী ছার্ভিচত নিজকে আত্মনিয়োগ কৰে৷ যুদ্ধৰ পিছত ৰেডি’ত বিভিন্ন কার্যসূচীত অংশ লোৱা হোৱাইটে ১৯৪৯ চনত টেলিভিছনৰ কার্যসূচীত প্রৱেশ কৰে আৰু টেলিভিছনত বিভিন্ন কার্যসূচীত অংশ লৈ দেশবাসীৰ মাজত জনপ্রিয় হয়৷

You might also like