নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

Oxygen Shortage: ২২ জন ক’ৰোনা ৰোগীৰ প্রাণ বচালে Sonu Sood য়ে

নিয়মীয়া বাৰ্তা ৫ মেঃ চনু সুদ আৰু তেওঁৰ দলে নিশা জৰুৰীকালীনভাৱে এটা ফোনকল পোৱাৰ পিছত দ্ৰুতভাৱে অক্সিজেন প্ৰদান কৰি ২২ জন কৰোনা ৰোগীৰ জীৱন ৰক্ষা কৰে।

 চনুৰ দলে সোমবাৰে ৰাতিটোৰ ভিতৰতে বাংগালোৰৰ আৰাক চিকিৎসালয়ত(Arak Hospital) অক্সিজেনৰ অভাৱ পূৰণ ৰখাৰ বাবে সকলো ব্যৱস্থা কৰিছিল।

 মঙলবাৰে চনু সুদৰ সংস্থালৈ  এটা ফোনকল পোৱা গৈছিল। ফোনটোৰ সিপাৰে থকা পৰিদৰ্শকে কৈছিল যে আৰাক চিকিৎসালয়খনে অক্সিজেনৰ সংকটৰ সন্মুখীন হৈছে। অক্সিজেনৰ অভাৱত ইতিমধ্যে সেই চিকিৎসালয়ত দুজন লোকৰ মৃত্যু হৈছে। চনু সুদৰ দলটোৱে ফোনটো পোৱাৰ ক্ষেত্ৰত তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ কৰিছিল। তেওঁলোকে কেইঘণ্টামানৰ ভিতৰতে আৰু ১৫ টা অক্সিজেন চিলিণ্ডাৰ সংগ্ৰহ কৰিছিল। ফলস্বৰূপে, কমেও ২২ জন কৰোনা ৰোগী প্ৰাণ ৰক্ষা পৰিছিল।

You might also like