নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চীনক প্রত্যাহ্বান আমেৰিকা-জাপান-অষ্ট্রেলিয়াৰ

বিশেষ বাৰ্তা, ১৮ আগষ্টঃ চীনা সেনাক প্রত্যাহ্বান জনাই দক্ষিণ চীন সাগৰত সামৰিক অনুশীলনত নামিছে আমেৰিকা, জাপান আৰু অষ্ট্রেলিয়া৷ বিবদমান অঞ্চলত চীনৰ অবাধ আধিপত্য দাবীক প্রত্যাহ্বান জনোৱাৰ লগতে মিত্রদেশসমূহক আশ্বস্ত কৰিবলৈ তিনিওখন দেশে এই পদক্ষেপ গ্রহণ কৰা বুলি আন্তর্জাতিক বিশেষজ্ঞসকলে ধাৰণা কৰিছে৷ জাপানৰ সংবাদ সংস্থা ‘কিয়ডো’ৰ তৰফৰ পৰা সদৰী কৰা হৈছে যে আগন্তুক ২৩ আগষ্টৰ পৰা তিনিওখন দেশৰ নৌ সেনাই দক্ষিণ চীন সাগৰত অনুশীলন চলাব৷ অৱশ্যে এই অনুশীলনত ভাৰতে অংশগ্রহণ কৰিব নে নাই, সেয়া এতিয়াও স্পষ্ট হোৱা নাই৷ গালৱান সংঘর্ষৰ পিছৰে পৰা লাডাখ সীমান্তত ভাৰত-চীনৰ মাজত চলি আছে উত্তেজনা৷ এনে পৰিস্থিতিত দক্ষিণ চীন সাগৰত তিনিওখন মিত্রদেশৰ সৈতে ভাৰতে সামৰিক অনুশীলনৰ বাবে নৌ সেনাক প্রেৰণ কৰিব নে নাই, তাক লৈ চলি আছে চিন্তা–চর্চা৷ লক্ষণীয়ভাৱে দক্ষিণ চীন সাগৰীয় অঞ্চলত বেইজিঙৰ অবাধ আধিপত্য দাবীৰ উপৰি ভাৰত প্রশান্ত মহাসাগৰীয় অঞ্চলত দেশখনৰ আগ্রাসী চৰিত্রক লৈ পূর্বৰে পৰা উদ্বেগ প্রকাশ কৰি আহিছে নতুন দিল্লীয়ে৷ ইয়াৰ মাজতে তিনিখন দেশৰ নৌ সেনাৰ অনুশীলনলৈ ভাৰতে কেনেধৰণৰ সঁহাৰি জনাব, সেয়া হ’ব লক্ষণীয়৷

You might also like