নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাৰাঘৰ বিচাৰি শিৱসাগৰত নতুন চৰকাৰী নিযুক্তিপ্ৰাপ্তৰ হাহাকাৰ

👉শিৱসাগৰত বছৰ বছৰ ধৰি চৰকাৰী বিষয়া-কৰ্মচাৰীৰ দখলত চৰকাৰী আৱাস

👉নতুন নিযুক্তি প্ৰাপ্তই শিৱসাগৰত হাহাকাৰ কৰিছে ভাড়াঘৰ বিচাৰি

👉যোৰহাট-ডিব্ৰুগড়ত চাকৰি, শিৱসাগৰত দখল চৰকাৰী আৱাস

👉চহৰৰ সমীপত নিজা বাসগৃহ, বাস বিভাগৰ চৰকাৰী কোৱাৰ্টাৰত

নিয়মীয়া বাৰ্তা, ৬ জুলাইঃ ৰাজ্যৰ স্বচ্চ আৰু নিকা সাক্ষাতকাৰৰ বিনিময়ত নিযুক্তি লাভ কৰা শিৱসাগৰত বহুকেইটা বিভাগৰ নিযুক্তি প্ৰাপ্তই যোগদানৰ পিছৰে পৰাই জিলাখনৰ লগতে চহৰাঞ্চলত ভাড়া ঘৰ বিছাৰি হাবাথুৰি খোৱাৰ ঘটনাই প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৷ ৰাজ্যৰ আন স্থানৰ লগতে শিৱসাগৰতো জলসম্পদ, লোক নিৰ্মাণৰ লগতে বিভিন্ন বিভাগত পৰ্য্যাপ্ত চৰকাৰী আৱাসগৃহ থকাৰ পিছতো এনেদৰে নতুন নিযুক্তি প্ৰাপ্তই প্ৰায় এমাহে ভাড়াঘৰ বিছাৰি হায়ৰান হোৱাৰ ঘটনাক লৈয়েই সৃষ্টি হৈছে এই প্ৰতিক্ৰিয়াৰ ৷ বিশেষকৈ শিৱসাগৰস্থিত জলসম্পদ আৰু লোক নিৰ্মাণ বিভাগৰ বহু আৱাসগৃহ দশক দশক ধৰি একো একোজন কৰ্মচাৰীয়ে দখল কৰি ৰখাক লৈয়েই সৃষ্টি হৈছে এই প্ৰতিক্ৰিয়াৰ ৷ আন নালাগে চহৰৰ সমীপতে নিজা বাসগৃহ আৰু একাংশৰ চাকৰি শিৱসাগৰত নথকাৰ পিছতো শিৱসাগৰত বছৰ বছৰ ধৰি চৰকাৰী আৱাসগৃহ এনেদৰে দখল কৰি ৰখাক লৈয়েই সম্প্ৰতি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে৷ ইতিমধ্যে শিৱসাগৰ জিলা উপায়ুক্তই এই বিষয়ে অৱগত হৈ দণ্ডাধীশৰ হতুৱাই ঘটনাস্থলী পৰিদৰ্শন কৰোৱাই তদন্তও কৰাইছিল যদিও ৰহস্যজনকভাৱে তদন্ত স্থৱিৰ হোৱাৰ ঘটনাত স্তম্ভিত সচেতন ৰাইজ৷ উল্লেখ্য যে নিজা কাৰ্য্যালয়ৰ পৰা বাসগৃহৰ মাজত দুৰত্ব প্ৰায় বিশ কিলোমিটাৰতকৈও অধিক হলেহে বিভাগে তেনে কৰ্মচাৰীক বিভাগৰ অধীনস্থ আৱাসগৃহ আৱন্টন দিয়াতো নিয়ম ৷ কিন্তু শিৱসাগৰৰ জলসম্পদ বিভাগত নিয়ম ভঙাটোৱেই যে একাংশ কৰ্মচাৰীৰ বাবে নিয়মত পৰিণত হৈছে ৷ আমাৰ হাতত পৰা তথ্য অনুসৰি শিৱসাগৰ জলসম্পদ বিভাগৰ কৰ্মচাৰী বিষয়াৰ বাবে বিভাগে চহৰখনৰ তিনিটা স্থানত চৰকাৰী আৱাসৰ ব্যৱস্থা কৰিছে ৷ নগৰৰ দিখৌ দলঙৰ মঠাউৰিৰ কাষত, নগৰৰ খিজনুৰ আলি পথত থকা জলসম্পদ বিভাগৰ কাৰ্য্যবাহী অভিযন্ত্ৰাৰ কাৰ্য্যালয় সংলগ্ন বিভাগীয় আৱাস আৰু শিৱসাগৰ জিলা উপায়ুক্তৰ কাৰ্য্যালয়ৰ সমীপত আছে বিভাগটোৰ চৰকাৰী আৱাস৷ উত্থাপিত অভিযোগ অনুসৰি জলসম্পদ বিভাগৰ কাৰ্য্যবাহী অভিযন্ত্ৰা হিচাবে ডিব্ৰুগড়ত কৰ্মৰত গীতিমণি হাজৰিকা আৰু যোৰহাটত কৰ্মৰত ৰঞ্জিত হাজৰিকাৰ দখলত দীৰ্ঘ সময় ধৰি আছে দুটাকৈ চৰকাৰী আৱাস৷ যি সময়ত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কেবিনেট সিদ্ধান্ত অনুসৰি বিভাগীয় বিষয়াই কৰ্তব্যস্থলীত নিয়মিত উপস্থিত থকাতো বাধ্যতামূলক আৰু হেড কোৱাটাৰৰ পৰা আঁতৰি অথবা জিলাৰ বাহিৰত যাব লগীয়া হলে মুখ্য কাৰ্য্যালয়ৰ পৰা অনুমতি লব লাগিব ৷ তেনেস্থলত যোৰহাট ডিব্ৰুগড়ত চাকৰি থকাৰ পিছত কেনেদৰে দুগৰাকীকৈ শীৰ্ষ বিষয়াই শিৱসাগৰত অনুমতি বিহীন ভাৱে বছৰ বছৰ ধৰি চৰকাৰী আৱাসগৃহ নিজৰ দখলত ৰাখি মুখ্যমন্ত্ৰীৰ নিৰ্দেশ মুকলিকৈয়ে অমান্য কৰি আহিছে সেইয়াহে এক লাখটকীয়া প্ৰশ্ন হিচাবে বিবেচিত হৈ আহিছে৷ ইফালে আন এক বিস্ফোৰক অভিযোগ অনুসৰি বিভাগটোৰ শাখা সহায়ক ললিত হাজৰিকা, ধন কুমাৰ বৰুৱা, অনুজ বুঢ়াগোহাই, মহেন্দ্ৰ মিলি, বিকাশ দাস আদিয়ে দখল কৰি আছে বিভাগৰ চৰকাৰী আৱাস৷ ইফালে আন অভিযোগ অনুসৰি শিৱসাগৰত নিজৰ বাসগৃহ কাৰ্য্যালয়ৰ পৰা মাত্ৰ ৬-৭ কিলোমিটাৰ দূৰত অৱস্থিত হোৱাৰ পিছতো একাংশ বিভাগীয় বিষয়া কৰ্মচাৰীয়ে বিভাগক সম্পুৰ্ণ ভূৱা তথ্য প্ৰদাণ কৰি বছৰ বছৰ ধৰি আৱাসগৃহ দখল কৰি আছে তাক লৈ ৰাইজৰ চকু কঁপালত তুলিছে ৷ স্মৰ্তব্য যে, যি সময়ত নতুন নিযুক্তি প্ৰাপ্তই নামনিৰ বিভিন্ন জিলাৰ পৰা আহি শিৱসাগৰত চৰকাৰী আৱাস নাপাই ভাৰাঘৰ বিচাৰি হামৰাও কাঢ়িছে সেই সময়ত কিন্তু এইসকল বেদখলকাৰীয়ে চৰকাৰী আৱাসগৃহ পৈতিক সম্পতিৰ দৰে ব্যৱহাৰ কৰি বছৰ বছৰ নিজৰ দখলত ৰাখিছে ৷ বিশেষকৈ এনে বেদখলকাৰী কৰ্মচাৰীক এই সন্দৰ্ভত প্ৰশ্ন কৰিলেই আমি নিজেই ঘৰ মেৰামতি কৰি লৈছো, আমাৰ লৰা ছোৱালী পঢ়ি আছে ইত্যাদি অদ্ভুদ উত্তৰ প্ৰদাণ কৰে ৷ নামনি আৰু মধ্য অসমৰ পৰা অহা মেধা আৰু নিকা নিযুক্তি প্ৰাপ্ত কৰ্মচাৰীৰ দুখ বেদনাকো অনুভৱ কৰিব নোৱাৰা বেদখলী কৰ্মচাৰীৰ অৱৈধ কাৰ্য্যকলাপ সন্দৰ্ভত অৱগত হৈ যোৱা ৬ জুনত জিলা উপায়ুক্তই এক নিৰ্দেশনা জাৰি কৰিছিল ৷ এগৰাকী কাৰ্য্যবাহী দণ্ডাধীশক চৰজমিন অনুসন্ধানৰ দায়িত্ব ন্যস্ত কৰাৰ লগতে প্ৰতিটো বিভাগকেই কোন কৰ্মচাৰীয়ে কিমান দিন চৰকাৰী আৱাসগৃহ দখল কৰি আছে আৰু সেই কৰ্মচাৰীৰ প্ৰকৃত ঘৰৰ ঠিকনা ইত্যাদি তথ্য সমুহ শীঘ্ৰে জমা দিয়াৰ নিৰ্দেশ জাৰি কৰিছিল৷ কিন্তু আচৰিত যেন লাগিলেও সত্য এই সকল বেদখলী বিষয়া কৰ্মচাৰীয়ে খোদ জিলা উপায়ুক্তৰ নিৰ্দেশকে বুঢ়া আঙুলি দেখুৱাই তথ্য দিয়াৰ পৰা বিৰত থকাৰ বিস্ফোৰক অভিযোগ উত্থাপন হৈছে ৷ তেনেস্থলত চৰকাৰী আৱাসগৃহ বেদখল কৰা এই সকল কৰ্মচাৰীক ৰাজ্য চৰকাৰে কেনেদৰে চৰকাৰী আৱাসগৃহৰ পৰা বাহিৰ কৰি দুৰণীৰ পৰা অহা কৰ্মচাৰীক বাসগৃহ সমুহ আৱন্টন দিয়ে সেইয়া হ’ব লক্ষণীয় ৷

প্ৰেৰক আশ্ৰফুৰ ৰহমান

You might also like