নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

খৈৰাবাৰীত ৰাসৰ ব্যাপক প্ৰস্তুতি : জুৱা-সুৰা নিষিদ্ধ ৰাসোৎসৱথলীত

নিয়মীয়া বাৰ্তা, ৪ নৱেম্বৰ : ওদালগুৰিৰ খৈৰাবাৰীৰ ঐতিহ্যমণ্ডিত গুৰিহাটীৰ ৬২সংখ্যক ৰাস মহোৎসৱ ৭ নৱেম্বৰৰ পৰা ১৮ নবেম্বৰলৈ উদযাপন কৰা হব। ৰাস মহোৎসৱ সুচাৰুৰূপে চলাই নিবৰ বাবে বিটিচিৰ প্ৰাক্তন কাৰ্যবাহী সদস্য জগদীশ সৰকাৰক সভাপতি, খগেন নাৰ্জাৰীক কাৰ্যকৰী সভাপতি, অনিল চৌধুৰী, সুব্ৰত ৰয়, দীপক দাস, নৰেন্দ্ৰ বড়ো, ভবেন চন্দ্ৰ বড়োক উপ-সভাপতি, মদন ৰাভা আৰু ধ্ৰুৱজ্যোতি বড়োক সাধাৰণ সম্পাদক হিচাপে লৈ কেইবাখনো উপ সমিতিৰে ইতিমধ্যে এখন শক্তিশালী ৰাস উদযাপন সমিতি গঠন কৰা হৈছে। উদযাপন সমিতিয়ে ৰাসোৎসৱৰ যাৱতীয় প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰি তুলিছে । ইপিনে মৃণ্ময় মূৰ্তিসমূহ ৰং -তুলিকাৰে আটকধুনীয়া সজাই তোলাত দিনে-নিশাই ব্যস্ত হৈ পৰিছে মৃন্ময়‌ শিল্পীসকল। কাৰ্যসূচী অনুসৰি ৭ নৱেম্বৰত পুৱাৰ ভাগত ৰাস উদযাপন সমিতিৰ পতাকা উত্তোলন কৰি ৰাসোৎসৱৰ শুভাৰম্ভ কৰিব উদযাপন সমিতিৰ সভাপতি জগদীশ সৰকাৰে। স্মৃতি তৰ্পণ কাৰ্যসূচী মুকলি কৰিব প্ৰাক্তন বিধায়ক মহেশ্বৰ বড়োৱে। বিটিচিৰ প্ৰাক্তন কাৰ্যবাহী সদস্য লৌমশ্ৰাও দৈমাৰীয়ে আনুষ্ঠানিকভাৱে উদ্বোধন কৰিব ৰাসোৎসৱৰ কাৰ্যালয়। প্ৰতিমা দৰ্শনৰ দ্বাৰ উন্মোচন কৰিব ওদালগুৰিৰ আৰক্ষী অধীক্ষক সুপ্ৰিয়া দাসে। ইয়াৰ পিছতে স্থানীয় বিধায়ক দুৰ্গা দাস বড়োৱে উন্মোচন কৰিব মেলা বজাৰৰ মুখ্য দ্বাৰ। বিয়লিৰ ভাগত আনন্দ মেলাৰ শুভাৰম্ভ কৰিব মহকুমা আৰক্ষী বিষয়া (ভেৰগাঁও) জ্যোতিপ্ৰসাদ পেগুই। খৈৰাবাৰীবাসীয়ে ব্যাপক উৎসাহ-উদ্দীপনাৰে আয়োজন কৰা ৰাস মহোৎসৱ উপলক্ষে ভাগৱত পাঠ, আয়তী নাম, নাগাৰা নাম, বাউল সংগীত আদি আধ্যাত্মিক কাৰ্যসূচীৰ লগতে বৰ্ণাঢ্য সাংস্কৃতিক অনুষ্ঠানৰো আয়োজন কৰা হৈছে । ইপিনে ৰাসোৎসৱত দৰ্শনাৰ্থীসকলে চাৰ্কাছ, মীনা বাজাৰ, বানিজ্য মেলা, চিনেমা, চিত্ৰহাৰ, মিকি মাউচ, যাদু খেল ইত্যাদি উপভোগ কৰাৰো সুযোগ লাভ কৰিব। ৰাস মহোৎসৱ শৃংখলাবদ্ধ আৰু শান্তি পূৰ্ণভাৱে চলাই নিয়াত সহযোগ কৰিবলৈ সকলো পক্ষকে আহ্বান জনোৱাৰ লগতে ৰাসোৎসৱথলীত জুৱা খেল আৰু সুৰাৰ ব্যৱহাৰ সম্পূৰ্ণৰূপে বন্ধ কৰিছে উদযাপন সমিতিয়ে ।

প্ৰেৰক ধীৰেন মহলীয়া

You might also like