নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জাতি-জনগোষ্ঠীৰ মিলনেৰে লোকাৰণ্য গোৱালপাৰাৰ ৰেন্দু পেন্দু পাহাৰ

নিময়ীয়া বাৰ্তা, ৯ ফেব্ৰুৱাৰী : লোকাৰণ্য হৈ পৰিছে গোৱালপাৰা জিলাৰ মাকৰিৰ ৰেন্দুপেন্দু পাহাৰ। আজি দ্বিতীয় দিনাও বিভিন্ন জাতি জনগোষ্ঠীৰ কৃষ্টি সংস্কৃতিৰ সমাহাৰ ঘটে ৰেন্দু পেন্দুৰ বাকৰিত৷ আজি ৰাভা সকলৰ ৰাভা সকলৰ পৰম্পৰাগত বায়খো পূজা অনুষ্ঠিত হয়, বিভিন্ন জনগোষ্ঠীয় নৃত্য প্ৰদৰ্শন, ৰাভা জনগোষ্ঠীয় নৃত্য প্ৰদৰ্শন, সাংস্কৃতিক সন্ধিয়াৰ উদ্বোধন কৰে ৰাভা হাছং স্বায়ত্ত্বশাসিত পৰিষদৰ সাধাৰণ সদস্য যুটিকা ৰাভাই। উল্লেখযোগ্য যে বিগত পাঁচ বছৰ ধৰি টংকেশ্বৰ ৰাভা নেতৃত্বাধীন ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদে ৰাভা হাছং সাংস্কৃতিক সমাৰোহ আয়োজনৰ জৰিয়তে ৰাভা জনগোষ্ঠীৰ বাহিৰেও বড়ো, গাৰো, নেপালী, হাজং, ৰাজবংশী আদি  জাতি জনগোষ্ঠীৰ কলা-কৃষ্টি-সংস্কৃতি বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ চেষ্টা চলাই আহিছে। তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰ জৰিয়তে ৰাভা হাচং এলেকাৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ লোক নৃত্য কৃষ্টি সংস্কৃতি প্ৰদৰ্শন কৰাৰ ব্যৱস্থা কৰা হৈছে । কাইলৈ সন্ধিয়া সামৰণি পৰিব ৰাভা হাছং সাংস্কৃতিক সমাৰোহৰ।

 

প্ৰেৰক উদিত নাৰায়ণ কলিতা

You might also like