নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

“আমি বৰপেইটা ফেচবুক ফৰাম”ৰ উদ্যোগ : বৰপেটাত চতুৰ্থ গ্ৰন্থ উৎসৱৰ লাইখুঁটা স্থাপন

বাৰ্তা ব্যুৰো, ২৫ ডিচেম্বৰঃ ‘আমি বৰপেইটা ফেচবুক ফৰাম’ৰ উদ্যোগত ১৮ জানুৱাৰীৰ পৰা পাঁচদিনীয়া বৰ্ণাঢ্য কাৰ্যসুচীৰে অনুষ্ঠিত হবলগা চতুৰ্থ সংখ্যক বৰপেটা গ্ৰন্থ উৎসৱৰ আজি আনুষ্ঠানিকভাৱে লাইখুটা স্থাপন কৰা হয়৷ বৰপেটা বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেল পথাৰত আজি দিনৰ ১১ বজাত উৰুলি, শংখ, ঘণ্টা ধ্বনিৰ মাজেৰে গ্ৰন্থ উৎসৱৰ লাইখুটা স্থাপন কৰে শিক্ষাবিদ, সাহিত্যিক অক্ষয় কুমাৰ মিশ্ৰই ৷ লাইখুটা স্থাপন কৰি মিশ্ৰই কয় যে,বিশ্ব প্ৰকৃতিখন এখন ডাঙৰ গ্ৰন্থ ৷ ইয়াতকৈ ডাঙৰ গ্ৰন্থ আন একো নাই ৷ মানুহ হৈছে ৰসাল গ্ৰন্থ৷ বিশ্ব প্ৰকৃতিক বা মানুহ নামৰ গ্ৰন্থখন অধ্যয়ণ কৰাৰ বাবে এনে গ্ৰন্থমেলাৰ প্ৰয়োজন৷ গ্ৰন্থমেলাৰ যোগেদি মণীষী সকলে চিন্তা চৰ্চ্চা কৰি লেখা কিতাপ সমূহ পঢ়ি আমি দৃষ্টি,দৰ্শন আৰু চেতনা প্ৰেৰণা লাভ কৰিব পাৰোঁ৷ তেওঁ কয় যে,গ্ৰন্থ উৎসৱ অতি দৰকাৰী অনুষ্ঠান৷ ইয়ে নিশ্চয় নৱ প্ৰজন্মৰ শৈক্ষিক চিন্তাচৰ্চ্চাৰ দিশত চেতনা আৰু প্ৰেৰণা যোগাব ৷ বিশ্বত এতিয়া ই বুক আহিলেও গ্ৰন্থমেলাত গৈ কিনক বা নিকিনক, নতুন প্ৰজন্মৰ যুৱক যুৱতীসকলে কিতাপ সমূহ চালেও বহু পৰিমাণে উপকৃত হব৷ গ্ৰন্থমেলাত আনুষংগিকভাৱে হোৱা প্ৰতিযোগিতামূলক অনুষ্ঠান সমূহেও যুৱক যুৱতী সকলক প্ৰতিভা বিকাশৰ সুযোগ দিয়ে৷ তেওঁ কয় যে, বহু কষ্ট,দীৰ্ঘদিনীয়া ত্যাগ আৰু পৰিশ্ৰমৰ ফলত গ্ৰন্থ উৎসৱৰ দৰে বৰপেটাৰ এটা কৰণীয় দিশ ফেচবুক ফৰামে সম্ভৱ কৰি তুলিছে৷ তাৰ বাবে তেওঁলোক ধন্যবাদৰ পাত্ৰ বুলিও তেওঁ উল্লেখ কৰে৷ বৰপেটা ছোৱালী মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ বিৰিঞ্চি কুমাৰ দাসে আতঁ ধৰা অনুষ্ঠানটোত আমি বৰপেইটা ফেচবুক ফৰামৰ সদস্য সকলৰ সৈতে বহু গুণী জ্ঞানী ব্যক্তিসকল উপস্থিত থাকে ৷ লাইখুটা স্থাপনৰ পূৰ্ব্বে বন্তি প্ৰজ্বলন কৰে চতুৰ্থ সংখ্যক বৰপেটা গ্ৰন্থ উৎসৱৰ সভাপতি কনকেশ্বৰ দেৱশৰ্মাই৷ উদ্যোক্তা সকলে জনোৱা মতে,অহা ১৮ জানুৱাৰীত বিশিষ্ট ঔপন্যাসিক, গল্পকাৰ আৰু প্ৰবন্ধকাৰ ফণীন্দ্ৰ কুমাৰ দেৱ চৌধুৰীয়ে চতুৰ্থ সংখ্যক বৰপেটা গ্ৰন্থ উৎসৱ মুকলি কৰিব৷ ইতিমধ্যে অসমৰ কেবাটাও আগশাৰীৰ প্ৰকাশন প্ৰতিষ্ঠানে গ্ৰন্থ উৎসৱত অংশ লোৱাৰ কথা সদৰি কৰিছে৷ এইবাৰৰ গ্ৰন্থমেলাত বিভিন্ন প্ৰতিযোগিতাৰো আয়োজন কৰা হৈছে বুলি উদ্যোক্তা সকলে জানিবলৈ দিছে৷

প্ৰেৰক নৱজিত বায়ন

You might also like