নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বনভোজ : লোকাৰণ্য বজালীৰ কালদিয়া বনানী বনভোজথলী

নিয়মীয়া বাৰ্তা, ১৮ ডিচেম্বৰ: ৰাজ্যত এতিয়া আৰম্ভ হৈছে বনভোজৰ বতৰ। ইতিমধ্যেই ৰাজ্যৰ প্ৰায়বোৰ বনভোজ থলী, শিশু উদ্যানসমুহ আকৰ্ষণীয় ৰূপত সজাই পৰাই তুলিছে উদ্যোগতা সকলে।ব্যতিক্ৰম নহয় নৱগঠিত বজালী জিলাৰ সদৰ পাঠশালাৰ দক্ষিণ প্ৰান্তৰ বালাপাৰাত অৱস্থিত কালদিয়া বনানী বনভোজ থলী আৰু শিশু উদ্যান। কালদিয়া নৈৰ পাৰৰ নৈসৰ্গিক প্ৰাকৃতিক পৰিৱেশৰ মাজত অৱস্থিত এই বনভোজথলীত ইতিমধ্যেই পৰ্যটকৰ আগমন ঘটা পৰিলক্ষিত হৈছে। আজি বছৰৰ শেষ মাহৰ তৃতীয়টো দেওবাৰে একপ্ৰকাৰ লোকাৰণ্য হৈ পৰে কালদিয়া বনানী। ভিন্ন প্ৰান্তৰ পৰা অহা বনভোজৰ দল আৰু ফুৰিবলৈ অহা লৰা ছোৱালীৰে ভৰি পৰিছে এইখন বনভোজ থলী। গ্ৰামাঞ্চলৰ অতি ভিতৰুৱা অঞ্চল হিচাপে পৰিচিত বালাপাৰাৰ এই বনভোজ থলীত বনভোজ খোৱাৰ উপৰি ইয়াত আছে কণ কণ লৰা ছোৱালীৰ ভিন্ন ধৰণৰ মনোৰঞ্জনধৰ্মী খেল ধেমালিৰ ভিন্ন সজুলি য’ত আজিৰ দিনটোত উমলি জামলি সকলো মতলীয়া হোৱা পৰিলক্ষিত হৈছে। কালদিয়া বনানী ছোচাইটীৰ উদ্যোগত এই বনভোজ থলীত ইতিমধ্যে নিৰ্মান হৈছে তিনি হাজাৰ বৰ্গফুটৰ এক বিশাল আকাৰৰ আধুনিক প্ৰযুক্তি সমৃদ্ধ এটি চুইমিং পুল। শীঘ্ৰেই মুকলি হব লগীয়া এই চুইমিং পুলৰ পাৰত আজিৰ দিনটোত চেলফী লবলৈ হেতা ওপৰা লগায় বনভোজলৈ অহা লোকসকলে৷ উল্লেখ্য যে অসমৰ পৰ্যটন মানচিত্ৰত নতুনকৈ খোপনি পোটা বালাপাৰাৰ কালদিয়া বনানী বনভোজ থলী আৰু শিশু উদ্যানে বিগত বৰ্ষতো ডিচেম্বৰ আৰু জানুৱাৰী মাহৰ প্ৰতিটো দেওবাৰে বনভোজ দলৰ লগতে পৰ্যটকসকলক আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল৷ আনহাতে এই বনভোজথলীতে নিউজ লাইভৰ জনপ্ৰিয় অনুষ্ঠান ন-খোৱা উৎসৱো কিছুদিন পূৰ্বে সহস্ৰাধিক লোকৰ সমাৱেশত অনুষ্ঠিত হৈ যায়৷

প্ৰেৰক কল্যাণ কলিতা

You might also like