নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰঙিয়াত কৌশলেৰে দুৰ্বৃত্ত‌ই লুটিলে অৱসৰপ্ৰাপ্ত কৰ্মচাৰীৰ ধন

নিয়মীয়া বাৰ্তা, ১৭ নৱেম্বৰ : ৰঙিয়াত ধন লুটৰ ঘটনা। এজন দুৰ্বৃত্ত‌ই SBIৰ এটিএমৰ পৰা এগৰাকী গ্ৰাহকৰ ৪৩ হেজাৰ টকা কৌশলেৰে লুটি নিয়ে। ভাৰতীয় জীৱন বিমা নিগমৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী কামৰূপ জিলাৰ বাৰাংহাটীৰ সম্ভুৰাম কলিতাই বৃহস্পতিবাৰে ৰঙিয়ালৈ চিকিৎসাৰ বাবে আহে। চিকিৎসাৰ বাবে প্ৰয়োজনীয় ধন উলিওৱাৰ বাবে সম্ভুৰাম কলিতাই ষ্টেচন ৰোডত থকা এটি SBIৰ এটিএমলৈ যায়। সম্ভূৰামে নিজৰ ইউকো বেংকৰ একাউণ্টৰ বেলেঞ্চ চাবলৈ ল‌ওতে SBI ৰ এটিএমটোত উপস্থিত এজন লোক সহায় কৰিবলৈ আগবাঢ়ি আহে। লোকজনৰ কথাত পতিয়ন গৈ সম্ভুৰামে এটিএম কাৰ্ডখন দিয়াত তৎমুহূৰ্ততে লোকজনে এটিএম কাৰ্ডখন সলাই দিয়ে। মিনি ষ্টেটমেন্ট উলিওৱাৰ পিছতে লোকজনে তাৰ পৰা উধাও হয়। লগে লগে সম্ভুৰামৰ মোবাইলত তেওঁৰ একাউণ্টৰ পৰা ১০ হাজাৰ টকাকৈ মুঠ চাৰিবাৰ উলিয়াই নিয়াৰ মেছেজ আহে। এনেদৰে কৌশলেৰে ধনখিনি লুটি নিয়াত সম্ভুৰাম হতভম্ব হৈ পৰে। পিছত ইউকো বেংকলৈ যোৱাত বেংক কৰ্তৃপক্ষই তেওৰ একাউন্টটোৰ পৰা দুৰ্বৃত্ত জনে মুঠ ৫ বাৰত ৪৩ হাজাৰ টকা কিছু সময় পূৰ্বে উলিওৱা বুলি জনায়। ভুক্তভোগী লোকজনে পিছত ৰঙিয়া আৰক্ষী থানাত ঘটনা সন্দৰ্ভত অৱগত কৰে।

প্ৰেৰক ফাৰুক হুছেইন

You might also like