নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চামগুৰিৰ বাজিয়াগাঁৱত দুখন গাড়ীসহ ২৩টা চোৰাং গৰু জব্দ

নিয়মীয়া বাৰ্তা, ২৭ অক্টোবৰঃ নগাঁৱৰ চামগুৰি সম্প্ৰতি চোৰাং গৰু সৰবৰাহৰ ৰম্যভূমিত পৰিণত হৈছে ৷ আৰক্ষীয়ে চামগুৰিৰ বিভিন্ন সংখ্যালঘু এলেকাত প্ৰায়েই অভিযান চলাই চোৰাং গৰু জব্দ কৰিবলৈ সক্ষম হৈছে। আনহাতে আৰক্ষীৰ চকুত ধূলি দিবলৈ চোৰাং গৰু সৰবৰাহকাৰীসকলে নিতৌ ন-ন কৌশল অৱলম্বন কৰাও পৰিলক্ষিত হৈছে। চোৰাং গৰু সৰবৰাহৰ বাবে এতিয়া সৰবৰাহকাৰীসকলে বিলাসী বেলেন’, চাফাৰী, নৈশ বাছৰ লগতে যাত্ৰীবাহী ট্ৰেভেলাৰ গাড়ীও ব্যৱহাৰ কৰি আৰক্ষীৰ হাতত ধৰা পৰিছে। ২৫ অক্টোবৰত আৰক্ষীয়ে এক গোপন খবৰৰ ভিত্তিত বৰমাবিল অঞ্চলৰ পৰা ৬টা চোৰাং গৰুৰ  উদ্ধাৰ কৰাৰ  পিছত যোৱা নিশা পুনৰ বাজিয়াগাঁও অঞ্চলত অভিযান চলাই দুখন গাড়ী সহ ২৩টা চোৰাং গৰু জব্দ কৰিবলৈ সক্ষম হয় । জানিব পৰা মতে, চামগুৰি থানাৰ অন্তৰ্গত বাজিয়াগাৱঁৰত যোৱানিশা চামগুৰি আৰক্ষীয়ে এক গোপন খবৰৰ ভিত্তিত চোৰাং গৰুৰ বিৰুদ্ধে অভিযান চলায়৷ পৰৱৰ্তী সময়ত তহলদাৰি আৰক্ষীৰ দলটোৱে বাজিয়াগাঁও ৩নং ৱাৰ্ডত এ এছ ০২ ই ৭৩০২ নম্বৰৰ এখন টাটা ডি আই গাড়ী খনৰ পৰা এএছ ০১ এফ চি ৭৯১২ নম্বৰৰ ট্ৰাক খনত উঠা থকা অৱস্থাত ২৩টা চোৰাং গৰু জব্দ কৰে ৷ আৰক্ষীয়ে চোৰাং গৰুৰ বিৰুদ্ধে অভিযান চলোৱাৰ উমান পাই চোৰাং গৰু সৰবৰাহকাৰী কেইজন আন্ধাৰৰ সুযোগ গ্ৰহণ কৰি পলাই যাবলৈ সক্ষম হয় বুলি আৰক্ষীৰ এক সুত্ৰই জানিবলৈ দিয়ে ৷আনহাতে আৰক্ষীয়ে যোৱা নিশা উদ্ধাৰ কৰা উক্ত  গৰু খিনি চোৰাং গৰু সৰবৰাহকাৰীয়ে বিভিন্ন স্থানৰ পৰা আনি ট্ৰাক খনৰ জৰিয়তে সৰবৰাহৰ প্ৰস্তুতি চলাই আছিল বুলি আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে ৷ আনহাতে আৰক্ষীয়ে যোৱা নিশা উদ্ধাৰ কৰা উক্ত ২৩ টা গৰু নগাঁৱৰ গো-শালালৈ প্ৰেৰণ কৰাৰ লগতে উক্ত গাড়ী দুখন চামগুৰি থানাত আছে বুলি আৰক্ষীৰ এক সুত্ৰই জানিবলৈ দিয়ে ৷
প্ৰেৰক প্ৰমোদ কুমাৰ শৰ্মা
You might also like