নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শুৱালকুছি গম্ভীৰ মেধি বিদ্যালয়ৰ হীৰক জয়ন্তীৰ সফল সামৰণি

বিশেষ বাৰ্তা,  ৩০ জানুৱাৰীঃ শিক্ষাৰ মূল উদ্দেশ্যটোৱে হল নিজক প্ৰতিষ্ঠা কৰা আৰু মানুহ হোৱাৰ মহত্ত্ব আয়ত্ত কৰাটো ৷ শিক্ষক শিক্ষয়িত্ৰীসকলে বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলক দেশৰ সম্পদ হিচাৱে গঢ়িব লাগিব ৷ ছাত্ৰ ছাত্ৰীসকলক সমাজৰ প্ৰতি দায়িত্বশীল কৰি তোলাৰ লগতে দেশৰ সু- নাগৰিক হিচাবে গঢ়ি তুলিব লাগিব ৷ এই মন্তব্য কামৰূপ জিলাৰ বিদ্যালয় পৰিদৰ্শক অপূৰ্ব ঠাকুৰীয়াৰ৷ কালি শুৱালকুছি গম্ভীৰ মেধি প্ৰাঃ বিদ্যালয়ৰ হীৰক জয়ন্তীৰ সামৰণী অনুষ্ঠানৰ মুকলি সভাত অংশ গ্ৰহণ কৰি শিক্ষা বিষয়াগৰাকীয়ে শিক্ষাগুৰুসকল পৰিবৰ্তন হব লাগিব বুলি উল্লেখ কৰি নতুন পদ্ধতিৰে পাঠ্যক্ৰম আগবঢ়াই নিব লাগিব বুলি কয় ৷ তেওঁ অসমৰ স্বকীয়তা, কৃষ্টি, সংকৃতি আদিৰ লগত পৰিৱৰ্ত্তিত শিক্ষা ব্যৱস্থাক খাপ খুৱাব লাগিব বুলি শিক্ষকসকলক পৰামৰ্শ আগবঢ়ায় ৷ আসোঁৱাহপূৰ্ণ শিক্ষা ব্যৱস্থা ত্যাগ কৰি কৌশলগত বিষয়ত অগ্ৰাধিকাৰ দিব লাগিব বুলি উল্লেখ কৰি তেওঁ পুনৰ কয় যে হাতত থকা সম্পদ, কৌশল আদি ছাত্ৰ ছাত্ৰীসকলে নিজৰ হাততে ৰাখিব লাগিব৷ প্ৰাথমিক স্তৰতে সততা আৰু আদৰ্শ যাতে কোনো কাৰণতে নেহেৰুৱাই তাক ছাত্ৰ ছাত্ৰীসকলক ভালদৰে বুজাই দিব লাগিব শিক্ষাগুৰুসকলে ৷ উদযাপন সমিতিৰ সভাপতি তৰুণ চন্দ্ৰ দাসৰ সভাপতিত্ব অনুস্হিত সভাত উদ্দেশ্য বাখ্যা কৰে বিদ্যালয়খনৰ প্ৰধান শিক্ষয়িত্ৰী চানু দাসে ৷ সভাত অংশ গ্ৰহণ কৰি অৱসৰী আয়ুক্ত, বিশিষ্ট লেখক থানেশ্বৰ মালাকৰে অসমৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী ড°হিমন্ত বিশ্ব শৰ্মা দেশৰ ভিতৰতে শ্ৰেষ্ঠতম মুখ্যমন্ত্ৰী বুলি উল্লেখ কৰি কয় যে তেওঁৰ সকলো চিন্তা চৰ্চাক বাস্তৱ ৰূপ দিয়াৰ বাবে সকলোৱে সহযোগ কৰা উচিত ৷ তেতিয়াহে দেশৰ পাঁচখন ৰাজ্যৰ ভিতৰত অসম শ্ৰেষ্ঠ ৰাজ্য হব ৷ তেওঁ চৰকাৰে সৃষ্টি কৰা বিদ্যাঞ্জলি আচনি ৰূপায়ণত ৰাইজৰ সহযোগ কামনা কৰে ৷ বিশিষ্ট লেখক মালাকৰে পুনৰ কয় যে, প্ৰাথমিক বিদ্যালয় শিক্ষা জীৱনৰ কঠিয়াতলী ৷ প্ৰাথমিক বিদ্যালয়ত শিক্ষাদান কৰাটো জটিল বুলি উল্লেখ কৰি তেওঁ কয় যে এই সময়চোৱাক শিক্ষক শিক্ষয়িত্ৰী সকলে এক প্ৰত্যাহ্বান হিচাৱে লব লাগিব ৷ প্ৰাথমিক বিদ্যালয়তে শিক্ষক শিক্ষয়িত্ৰী সকলে নিয়মানুৱৰ্তিতা, নৈতিক জ্ঞান, পাঠপঢ়া, শ্ৰুতলিপি, শব্দৰ প্ৰতিযোগিতা, সাধুকথা কোৱা, মহৎলোকৰ জীৱন পঢ়োৱা আদি অভ্যাসবোৰ গঢ়ি তুলিব লাগিব ৷ শিক্ষাৰ প্ৰথম স্তৰতে যদি ছাত্ৰ ছাত্ৰীসকলে উপযুক্ত শিক্ষা লাভ কৰিব পাৰে তেন্তে ভবিষ্যত দিনত ছাত্ৰ ছাত্ৰী সকল সু-নাগৰিক হোৱাৰ লগতে দেশৰ শ্ৰেষ্ঠ মানৱ সম্পদ হোৱাৰ সম্ভাৱনা থাকে ৷ সভাত মুখ্যমন্ত্ৰীৰ বিশেষ কৰ্তব্যৰত বিষয়া হেমন্ত চৌধুৰীয়ে অংশ গ্ৰহণ কৰি দিয়া ভাষণত কয় যে, প্ৰাথমিক বিদ্যালয় এখনে এনেদৰে ধুমধামৰে হীৰক জয়ন্তী অনুষ্ঠিত কৰি এক মাইলৰ খুটা হিচাবে বিবেচিত হৈছে ৷ আগশাৰীৰ চৰকাৰী মাধ্যমৰ বিদ্যালয় হিচাবে পৰিচিত গম্ভীৰ মেধি বিদ্যালয়ে ইতিমধ্যে বিগত ছয়টা দশকত ভালেসংখ্যক মানৱ সম্পদ সৃষ্টি কৰিছে৷ বিদ্যালয়খনত শিক্ষাদান কৰা শিক্ষাগুৰুসকল ইয়াৰ বাবে আদৰণীয়৷ আগত দিনটো বিদ্যালয়খনে শুৱালকুছি অঞ্চলত শিক্ষাৰ এক নতুন পোহৰ বিলোৱাত সক্ষম হব বুলি তেওঁ আশা কৰে৷ বিদ্যালয়খনৰ হীৰক জয়ন্তীত সহযোগিতা আগবঢ়োবা সকলোকে ধন্যবাদ জ্ঞাপন কৰে ৷ সভাত বিভিন্ন প্ৰতিযোগিতাত সফলতা অৰ্জন কৰা ছাত্ৰ ছাত্ৰী সকলক বটাঁ বিতৰণ কৰা হয় ৷ নিশা অনুষ্ঠিত সাংস্কৃতিক অনুষ্ঠানত স্থানীয় শিল্পীৰ লগতে আমন্ত্ৰিত শিল্পী সকলে সংগীত পৰিবেশন কৰি পৰিৱেশটো জীপাল কৰি তোলে ৷

প্ৰেৰক দিলীপ মেধি

You might also like