নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আইপিএলৰ অন্তর্ভুক্ত এচিএ ষ্টেডিয়াম: ৫ আৰু ৮ এপ্রিলত আইপিএলৰ মেচ

  • অৱশেষত আইপিএলৰ অন্তর্ভুক্ত এচিএ ষ্টেডিয়াম
  • ঘৰুৱা খেলপথাৰত খেলাৰ সুযোগ ৰিয়ান পৰাগৰ
  • গুৱাহাটীত অনুষ্ঠিত হ’ব আইপিএলৰ মেচ

নিয়মীয়া বাৰ্তা, ১৮ ফেব্ৰুৱাৰী: ৰাজস্থান ৰয়েলছ দলৰ অন্যতম সদস্য
অসমসন্তান ৰিয়ান পৰাগ৷ দলটোৰ হৈ একাধিক ছিজনত তেওঁ খেলাৰ সুযোগ লাভ
কৰিছে৷ খেলপথাৰত দেখুওৱা বিভিন্ন আচৰণৰ লগতে অলৰাউণ্ড প্রদর্শনৰ বাবে
ৰিয়ানে প্রায়ে সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰি আহিছে৷ কিন্তু এই পর্যন্ত
ঘৰুৱা খেলপথাৰত আই পি এল খেলাৰ সুযোগ পোৱা নাই তেওঁ৷ কাৰণ ইমানদিনে আই পি
এল আয়োজনৰ সুযোগ পোৱা নাছিল গুৱাহাটীয়ে৷ কিন্তু এই জনপ্রিয় আৰু চহকী
ক্রিকেট লীগত সন্নিৱিষ্ট হ’ল গুৱাহাটীৰ নাম৷ ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ
ব’র্ডে ঘোষণা কৰা চলিত বর্ষৰ আই পি এলৰ সূচী অনুসৰি, গুৱাহাটীৰ
বর্ষাপাৰাস্থিত অসম ক্রিকেট সন্থাৰ ষ্টেডিয়ামত দুখনকৈ মেচ অনুষ্ঠিত হ’ব৷

ইয়াৰ লগে লগে ঘৰুৱা খেলপথাৰত অসমৰ ক্রিকেট অনুৰাগীৰ সন্মুখত প্রদর্শন
আগবঢ়োৱাৰ দীর্ঘদিনীয়া সপোন পূৰণ হ’ব ৰিয়ানৰ৷ উল্লেখ্য যে আজি ব’র্ডে
ঘোষণা কৰা অনুসৰি, এইবাৰৰ আই পি এল ৩১ মার্চৰ পৰা আৰম্ভ হ’ব৷ প্রথমখন
মেচত যোৱাবাৰৰ চেম্পিয়ন গুজৰাট টাইটানছে খেলিবলৈ নামিব৷ মেচখনত হার্দিক
পাণ্ডিয়াৰ গুজৰাটৰ বিৰুদ্ধে মুখামুখি হ’ব মহেন্দ্র সিং ধোনীৰ চেন্নাই
ছুপাৰ কিংছ৷ ঘোষণা কৰা সূচী অনুসৰি, গুৱাহাটীৰ এচিএ ষ্টেডিয়ামত অহা ৫ আৰু
৮ এপ্রিলত আই পি এলৰ দুখন মেচ অনুষ্ঠিত হ’ব৷ ৰাজস্থান ৰয়েলছৰ গৃহ স্থান
হ’ব গুৱাহাটী৷ ৰিয়ান পৰাগৰ ৰাজস্থান ৰয়েলছে প্রথমখন মেচত পঞ্জাব কিংছৰ
বিপক্ষে খেলিব৷ আনহাতে, ৮ এপ্রিলত দ্বিতীয়খন মেচত ৰাজস্থানৰ মুখামুখি হ’ব
দিল্লী কেপিটেলছ৷

উল্লেখ্য যে বিধায়ক তৰংগ গগৈয়ে অসম ক্রিকেট সন্থাৰ সভাপতিৰ দায়িত্ব গ্রহণ কৰাৰ পিছতে গুৱাহাটীত আই পি এলৰ মেচ অনুষ্ঠিত কৰাৰ বাবে পদক্ষেপ গ্রহণ কৰিব বুলি জানিবলৈ দিছিল৷ তদুপৰি ভাৰতত অনুষ্ঠিত হ’বলগীয়া এদিনীয়া বিশ্বকাপৰ মেচ আয়োজনৰ বাবেও প্রচেষ্টা অব্যাহত ৰাখিছে সন্থাই৷

You might also like