নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Tag

Featured

এসপ্তাহত ১০০% অবৈধ কাঠফলা মিল বন্ধ হ’ব লাগিব : মন্ত্ৰী জয়ন্ত মল্ল

ৰাজ্যখনৰ বনজ সম্পদ সংৰক্ষণ, জৈৱ-বৈচিত্ৰ্য ৰক্ষা আৰু চোৰাং কাঠৰ বেহা সম্পূৰ্ণৰূপে ৰোধ কৰাৰ লক্ষ্যৰে সমগ্ৰ অসমতে অবৈধ কাঠফলা মিলৰ বিৰুদ্ধে ‘মিছন মুড’ত এক ব্যাপক অভিযান আৰম্ভ কৰিছে বন বিভাগে। এই সন্দৰ্ভত বন আৰু পৰিৱেশ মন্ত্ৰী জয়ন্ত…

নলবাৰীত অবৈধ কাঠ ফলা মিলৰ বিৰুদ্ধে বন বিভাগৰ অভিযান

ডিজিটেল ডেস্ক, নলবাৰী, ৩০ জুন : ৰাজ্যৰ বনমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ গৃহ জিলা নলবাৰীত অবৈধ কাঠ ফলা মিলৰ বিৰুদ্ধে বন বিভাগৰ চলিল ধাৰাবাহিক অভিযান। ৰাজ্যৰ কোনো ঠাইতেই অবৈধ কাঠ মিল থাকিব নোৱাৰিব বুলি বনমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই কঠোৰ নিৰ্দেশ…

কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ সিং চৌহানৰ পৰা বঁটা গ্ৰহণ দুমুনিচকীৰ ধৃতিৰাজ চমুৱাৰ

ডিজিটেল ডেস্ক, বাইহাটা চাৰিআলি, ৩০ জুন : এক ঐতিহাসিক ক্ষণৰ সাক্ষী কৰি সোমবাৰে কামৰূপ জিলাৰ কমলপুৰ সমষ্টিৰ অন্তৰ্গত বেজেৰাৰ নিকটৱৰ্তী শৰাইঘাট গাঁৱৰ প্ৰতিভাৱান ছাত্ৰ ধৃতিৰাজ চমুৱাই ভাৰত চৰকাৰৰ গ্ৰামোন্নয়ন মন্ত্ৰালয়ৰ ৰাষ্ট্ৰীয় গ্ৰামীণ বিকাশ…

সোণতলীত অবৈধ ঔষধ কাৰখানা ছীল প্ৰশাসনৰ, দুজনক আটক

মানুহৰ জীৱন আৰু স্বাস্থ্যক লৈ দীৰ্ঘদিন ধৰি হেতালি খেলি অহা এক মাৰাত্মক ক’লা সাম্ৰাজ্যৰ বিৰুদ্ধে প্ৰশাসনে কঠোৰ পদক্ষেপ গ্ৰহণ কৰে। কামৰূপ জিলাৰ ছমৰীয়া সমষ্টিৰ অন্তৰ্গত সোণতলীৰ ৩নং দক্ষিণ ৰাঙাপানী গাঁৱত কোনোধৰণৰ চৰকাৰী অনুজ্ঞা-পত্ৰ অবিহনে…

নগৰবেৰাত আৰক্ষীৰ অভিযানত সাতটাকৈ চোৰাং গৰুসহ দুজনক আটক

নিয়মীয়া বাৰ্তা, নগৰবেৰা, ৩০ জুন : কামৰূপৰ বকো-ছয়গাঁও সমষ্টিৰ অন্তৰ্গত নগৰবেৰাত আৰক্ষীয়ে পিজুপাৰা অঞ্চলত অবৈধভাৱে গৰু সৰবৰাহ কৰা এটা চক্ৰৰ বিৰুদ্ধে এক আকস্মিক অভিযান চলায় | বকো-ছয়গাঁও সমজিলাৰ আৰক্ষী অধীক্ষক জানকিশোৰ গগৈৰ এক নিৰ্দেশৰ ভিত্তিত…

ধুবুৰী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়লৈ NABHৰ স্বীকৃতি

ধুবুৰী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ে সফলভাৱে 'নেচনেল এক্ৰেডিটেচন ব’ৰ্ড ফৰ হাস্পতালছ এণ্ড হেল্থকেয়াৰ প্ৰভাইডাৰ্ছ' (NABH)-ৰ স্বীকৃতি লাভ কৰি এক উল্লেখযোগ্য কৃতিত্ব অৰ্জন কৰিছে। অসম চৰকাৰ স্বাস্থ্য, পৰিয়াল কল্যাণ আৰু চিকিৎসা শিক্ষা…

চেঙাৰ খোলাবান্ধাত বিদ্যুৎস্পৃষ্ট হৈ যুৱকৰ কৰণ মৃত্যু

বৰপেটা জিলাৰ কাছুমাৰা আৰক্ষী থানাৰ অন্তৰ্গত চেঙাৰ খোলাবান্ধাত আজি সংঘটিত হৈছে এক শোকাৱহ ঘটনা । জানিব পৰা মতে, কাছুমাৰা আৰক্ষী থানাৰ অন্তৰ্গত খোলাবান্ধাত বিদ্যুৎস্পৃষ্ট হৈ ছাদ্দাম হুছেইন (৩৫) নামৰ যুৱকজনৰ মৃত্যু হয়। যুৱকজনৰ ঘৰ আলোপতি চৰ…

কোকৰাঝাৰ জে’লত ন্যায়িক জিম্মাত থকা চিৰাঙৰ ভুৱা চিকিৎসকৰ মৃত্যু

ডিজিটেল ডেস্ক, ৩০ জুন : কোকৰাঝাৰ জে'লত ন্যায়িক জিম্মাত থকা অৱস্থাত চিৰাং জিলাৰ এজন ভুৱা চিকিৎসকৰ মৃত্যু হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। মৃত ব্যক্তিজন ৰবীন চন্দ্ৰ নাগ বুলি চিনাক্ত কৰা হৈছে। উল্লেখ্য যে যোৱা ২৫ জুনত অসম কাউন্সিল অৱ…

বশিষ্ঠ আৰক্ষীৰ জালত চাৰিজনীয়া দুৰ্ধৰ্ষ চোৰৰ দল

ডিজিটেল ডেস্ক, ৩০ জুন : গুৱাহাটীত চুৰিকাণ্ড সংঘটিত কৰি সন্ত্ৰাস চলাই থকা এক দুৰ্ধৰ্ষ চাৰিজনীয়া চোৰৰ দলক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে বশিষ্ঠ আৰক্ষী। গোপন সূত্ৰৰ ভিত্তিত চলোৱা অভিযানত আৰক্ষীয়ে চোৰৰ দলটোৰ চাৰি সদস্যক আটক কৰাৰ লগতে বৃহৎ…

কাছাৰৰ বাঁশকান্দিত বুজন পৰিমাণৰ ড্ৰাগছসহ আৰক্ষীৰ জালত পিতৃ-কন্যা

ডিজিটেল ডেস্ক, ৩০ জুন : কাছাৰ আৰক্ষীয়ে ড্ৰাগছবিৰোধী অভিযানত পুনৰ এক বৃহৎ সফলতা লাভ কৰিছে। গোপন সূত্ৰৰ খবৰৰ ভিত্তিত অভিযান চলাই বুজন পৰিমাণৰ হেৰ’ইন আৰু নিচাজাতীয় টেবলেটসহ এজন লোক আৰু তেওঁৰ কন্যাক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। এই ঘটনাটো সংঘটিত…