নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Tag

Featured

মাকুমৰ শংকৰদেৱ শিশু নিকেতনত ফ্ৰান্স, ইটালীৰ পৰ্যটকৰ আগমন

আজি মাকুমৰ অন্যতম অগ্ৰণী শিক্ষানুষ্ঠান শংকৰদেৱ শিশু নিকেতনৰ শৈক্ষিক কাৰ্যসূচীৰ মাজতেই ফ্ৰান্স, ইটালী আদিৰ কেইবাগৰাকী পৰ্যটক আহি ছাত্ৰ ছাত্ৰীসকলৰ লগত এক অন্তৰংগ আলাপত মিলিত হৈ শৈক্ষিক প্ৰতিষ্ঠানখনৰ বুজ লয়। মাকুমৰ শংকৰদেৱ শিশু নিকেতনখনৰ …

ৰংঘৰৰ বাকৰিত মহিলা উদ্যমিতা আঁচনিৰ চেক বিতৰণ মুখ্যমন্ত্ৰীৰ

৯৬নং শিৱসাগৰ বিধানসভা সমষ্টিৰ ৰংপুৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত ঐতিহাসিক তলাতল ঘৰৰ বাকৰিত অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান আৰু ৰাষ্ট্ৰীয় নগৰীয়া জীৱিকা অভিযানৰ অন্তৰ্গত আত্মসহায়ক গোটৰ মহিলাসকলক আজি অসমৰ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ…

ভাৰতীয় একাডেমিক গৱেষক সন্থাৰ পৰা শ্ৰেষ্ঠ গৱেষক বঁটাৰ বাবে নিৰ্বাচিত ড০ গিৰীশ বৰুৱা

যোৰহাট নিৱাসী অৱসৰপ্ৰাপ্ত জেষ্ঠ গৱেষক ড° গিৰীশ বৰুৱাক ভাৰতীয় একাডেমিক গৱেষক সন্থাৰ পৰা ২০২৫ বৰ্ষৰ শ্ৰেষ্ঠ গৱেষক বঁটাৰ বাবে নিৰ্বাচন কৰিছে ৷ ভাৰতীয় একাডেমিক গৱেষক সংস্থা তিৰুচিৰাপল্লী তামিলনাডুৰ পৰা Best Academic. Researcher Award 2025  ড°…

নগৰবেৰাত ইটাভাতাৰ বিৰুদ্ধে ৰাইজৰ উত্তাল প্ৰতিবাদ

কামৰূপৰ নগৰবেৰা ৰাজহ চক্ৰৰ অন্তৰ্গত জামলাই ইছলামপুৰত ইটাভাতাৰ বিৰুদ্ধে ৰাইজে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে। জনবসতিপূৰ্ণ এলেকাত কৰা ইটাভাতা শীঘ্ৰে বন্ধ কৰিবলৈ ৰাইজে ইটাভাতাতে সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ। উল্লেখ্য যে প্ৰায় তিনি বছৰ ধৰি…

বালিপৰাৰ জ্ঞানজ্যোতি জাতীয় বিদ্যালয়ৰ ৯ শিক্ষাৰ্থীৰ ৰাজ্যিক বৃত্তি লাভ

বালিপৰাৰ অগ্ৰণী শিক্ষানুষ্ঠান জ্ঞানজ্যোতি জাতীয় বিদ্যালয়ৰ নগৰাকী শিক্ষাৰ্থীয়ে অসম জাতীয় বিদ্যালয়ৰ সদ্যঘোষিত ৰাজ্যিক বৃত্তি পৰীক্ষাত সফলভাৱে উত্তীৰ্ণ হৈ অঞ্চলটোৰ লগতে বিদ্যালয়খনলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। জানিব পৰা মতে, ৰাজ্যিক বৃত্তি…

ভাৰত এৰি গুচি যাওক… META-ক ভর্ৎসনা উচ্চতম ন্যায়ালয়ৰ

কোনো ভাৰতীয় নাগৰিকৰ ব্যক্তিগত পৰিসৰত সোমাবলৈ কাকোৱেই অনুমতি দিয়া নহ’ব৷ কোনোধৰণৰ আপোচ কৰা নহ’ব গোপনীয়তাৰ প্রশ্নতো৷ হোৱাট্ছএপৰ নতুন সুৰক্ষা বিধি সন্দর্ভত মঙলবাৰে এই ভাষাতেই নিয়ন্ত্রক সংস্থা মেটাক ভর্ৎসনা কৰে উচ্চতম ন্যায়ালয়ে৷ শীর্ষ…

বিদ্যালয়ৰ কোঠাত উদ্ধাৰ প্ৰধান শিক্ষকৰ মৃতদেহ, ঋণজনিত হেঁচাৰ অভিযোগ সুদখোৰৰ বিৰুদ্ধে

বৰপেটাৰোডত এক হৃদয়বিদাৰক ঘটনাই অঞ্চলজুৰি শোকৰ ছাঁ পেলাইছে। সুদখোৰৰ মানসিক অত্যাচাৰৰ অভিযোগ উঠাৰ মাজতে বৰপেটাৰোডৰ পশ্চিম বেলগুৰি প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক সাধন বৰ্মনৰ মৃতদেহ বিদ্যালয় চৌহদৰ ভিতৰত উদ্ধাৰ কৰা হয়। ঘটনাটোক লৈ শিক্ষা মহলৰ…

ভাৰতৰে মেচ বর্জন কৰি বিপদত পাকিস্তান

বিপদত পাকিস্তান ক্রিকেট ব’ৰ্ড৷ ক্রিকেট জগতত কার্যতঃ বিচ্ছিন্ন হৈ পৰিছে তেওঁলোক৷ ভাৰতৰ বিৰুদ্ধে টি–২০ বিশ্বকাপৰ মেচ বর্জনৰ সিদ্ধান্তৰ পিছত পাকিস্তানে বিভিন্ন দেশৰ ক্রিকেট ব’ৰ্ডৰ দুৱাৰত টুকুৰিয়াইছে৷ কিন্তু সকলো ক্ষেত্রতে হতাশ হৈ ঘূৰি…

বিশ্বকাপত অন্য দলত দেখা যাব ভাৰতীয় মূলৰ ৪০জন খেলুৱৈক

মনাংক পেটেল, সৌৰভ নেত্রভালকাৰ, যশপ্রীত সিঙৰ সপোন আছিল টীম ইণ্ডিয়াৰ জার্চীত খেলাৰ৷ সেই সপোন বাস্তৱ নহ’ল৷ অৱশ্যে এইবাৰ তেওঁলোকক দেখা যাব আসন্ন টি–২০ বিশ্বকাপত৷ এইবাৰৰ বিশ্বকাপত ভাৰতীয় মূলৰ ক্রিকেটাৰৰ সংখ্যাগৰিষ্ঠতা৷ ৭ ফেব্রুৱাৰীৰ পৰা আৰম্ভ…

বাংলাদেশৰ পৰা অহা মিঞাক অসমৰ বৰঘৰলৈ লৈ আনিব বিচাৰিছে কংগ্রেছে : মুখ্যমন্ত্ৰী

কংগ্রেছ দল সাম্প্রদায়িক আৰু জাতিদ্রোহী৷ –এই মন্তব্য মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ৷ উল্লেখ্য যে যোৱা কিছুদিনৰ পৰা কংগ্রেছ দলে অসমৰ মুখ্যমন্ত্রীয়ে সাম্প্রদায়িক ৰাজনীতি কৰা বুলি উত্থাপন কৰা অভিযোগৰ প্রত্যুত্তৰ দি মুখ্যমন্ত্রী ড০ শর্মাই…