নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Tag

Featured

অনুপ্রৱেশকাৰী-ক লৈ কঠোৰ স্থিতি উচ্চতম ন্যায়ালয়ৰ

ভাৰতত থকা ৰহিংগ্যাসকলক লৈ উত্থাপিত এটা গোচৰ সন্দর্ভত উচ্চতম ন্যায়ালয়ে কাঢ়া সুৰত প্রশ্ন তুলি কয়– ‘অনুপ্রৱেশকাৰীসকল বাবে আমি ৰঙা দলিচা পাৰি দিয়া উচিত নেকি?’ স্পষ্ট ভাষাত উচ্চতম ন্যায়ালয়ৰ তৰফৰ পৰা জনাই দিয়া হৈছে যে ৰহিংগ্যায়াসকলৰ আইনী মর্যাদা…

ৰে’লৱেই শীঘ্ৰেই আনিব এক বৃহৎ পৰিৱর্তন… যাত্ৰা সুৰক্ষিত কৰাৰ বাবে ঐতিহাসিক সিদ্ধান্ত

ভাৰতীয় ৰেলৱেই তৎকাল টিকট বুকিং ব্যৱস্থাত নতুন নিয়ম প্ৰৱৰ্তন কৰিবলৈ সাজু হৈছে। খুব সোনকালে সমগ্ৰ দেশৰ ৰিজাৰ্ভেচন কাউণ্টাৰসমূহত অ’টি’পি (OTP) ভিত্তিক তৎকাল বুকিং বাধ্যতামূলক হ'ব। ৰেলৱে ইতিমধ্যে পাইলট প্ৰকল্প আৰম্ভ কৰি চূড়ান্ত পৰ্যায়লৈ…

২০২৭ৰ লোকপিয়ল-ত আনিব সম্পূৰ্ণ নতুন পদ্ধতি, গৃহ মন্ত্ৰালয়ৰ সদৰী

অহা ২০২৭ চনৰ লোকপিয়লত প্ৰথমবাৰৰ বাবে ডিজিটেল মাধ্যম ব্যৱহাৰ কৰা হ'ব বুলি পুনৰ স্পষ্ট কৰি কৈছে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে। মঙলবাৰে সংসদত এই ঘোষণা কৰে গৃহ ৰাজ্যমন্ত্ৰী নিত্যানন্দ ৰায়ে। সংসদৰ শীতকালীন অধিৱেশনত মন্ত্ৰীগৰাকীয়ে কয় যে ২০২৭ চনৰ…

ধুবুৰীত সৰিয়হ খেতিয়কে আনিব পাৰে নীৰৱ অৰ্থনৈতিক বিপ্লৱ!

অতীজৰে পৰা কৃষিৰ ক্ষেত্রখনত ধুবুৰী জিলাৰ আছে পৰিচিত, এক কৃষি-সম্ভাবনাময় এক অঞ্চলৰূপে। পশ্চিম অসমৰ বৃহত্তৰ এই অঞ্চলটোত শতাব্দী ধৰি কৃষকসকল ধান, মৰাপাট, মাটিমাহ, শাক-পাচলি আদি খেতিৰে নিজৰ জীৱিকা নির্বাহ কৰি আহিছে। বিশেষকৈ সৰিয়হৰ খেতি,…

উচ্ছেদ-ৰ পূৰ্বেই বেদখলকৃত ভূমি ত্যাগ বেদখলকাৰীৰ

চামগুৰিৰ ভকতগাঁৱত উচ্ছেদ-ৰ জাননী লাভ কৰাৰ পিছত খালী কৰিছে চৰকাৰী ভূমি। উচ্ছেদৰ পূৰ্বেই বেদখলকৃত ভূমি এৰিছে বেদখলকাৰীয়ে। নিজে নিজেই আঁতৰি গৈছে চৰকাৰী ভূমিৰ পৰা খালী কৰিছে চৰকাৰী ভূমি। টালি-টোপোলা বান্ধি অন্য ঠাইলৈ ঢাপলি মেলিছে বেদখলকাৰীয়ে।…

ৰোহিত-কোহলিৰে কি গোপন আলোচনা ৰাষ্ট্রীয় নির্বাচকৰ

ৰাঁচীৰ বিমানবন্দৰতে এগৰাকী ৰাষ্ট্রীয় নির্বাচকৰ সৈতে গোপন আলোচনা তাৰকা ক্রিকেটাৰ বিৰাট কোহলিৰ৷ দ্বিতীয়খন এদিনীয়াত ভাগ লোৱাৰ উদ্দেশ্যে ৰায়পুৰলৈ ৰাওনা হোৱাৰ পূর্বে ৰাঁচীৰ বিমানবন্দৰত যথেষ্ট সময় ধৰি প্রজ্ঞান ওঝাৰ সৈতে কথা পতা দেখা গৈছিল কোহলিক৷…

ৰায়পুৰত শৃংখলা দখলৰ লক্ষ্য টীম ইণ্ডিয়াৰ, প্রত্যাৱর্তনৰ লক্ষ্য দক্ষিণ আফ্রিকা-ৰ

ৰায়পুৰত এদিনীয়া শৃংখলা দখলৰ লক্ষ্য লৈছে ঘৰুৱা দল টীম ইণ্ডিয়াই৷ আলহী দল দক্ষিণ আফ্রিকাৰ বিপক্ষে খেলি থকা তিনিখনীয়া এদিনীয়া মেচৰ শৃংখলাটোত দ্বিতীয়খন মেচ আজি ৰায়পুৰত অনুষ্ঠিত হ’ব৷ ৰাঁচীত হৈ যোৱা প্রথমখন এদিনীয়া মেচত বিজয় সাব্যস্ত কৰি সম্প্রতি…

সম্পাদকীয় : ৰাজহুৱা পুথিভঁৰাল

ৰাজহুৱা পুথিভঁৰালক এটা সময়ত সমাজৰ বৌদ্ধিক চিন্তাৰ প্রতিফলন হিচাপে মান্যতা দিয়া হৈছিল৷ পুথিভঁৰাল কেৱল কিতাপ সংৰক্ষণ কৰা স্থান নহয়, পুথিভঁৰাল হৈছে জ্ঞানৰ এক মন্দিৰ আৰু এক সাংস্কৃতিক ক্ষেত্র৷ সমাজৰ বৌদ্ধিক ধাৰাক গঢ় দিয়াত ই গুৰুত্বপূর্ণ ভূমিকা…

ৰঙাঘৰলৈ নৰপিশাচ কমলাকান্ত… কৰিলে এই কু-কাণ্ড

ষষ্ঠ শ্ৰেণীত অধ্যয়নৰত কিশোৰীক কু-কৰ্ম কৰি ৰঙাঘৰৰ আলহী হল ৫০ উৰ্ধৰ কমলাকান্ত ৰায় ওৰফে কমলা। বিদ্যালয়ৰ পৰা ঘৰলৈ উভতি যোৱাৰ বাটত নৰপিশাচ কমলাকান্তই কিশোৰীগৰাকীক বাটত আগiচি ধৰি কু-কৰ্ম কৰে বুলি জানিব পৰা গৈছে। কিশোৰীগৰাকী কান্দি কান্দি ঘৰত…

আজিৰ দিনটোৰ ৰাশিফল (৩ ডিচেম্বৰ)

মেষ ৰাশি আপুনি আজি আপোনাৰ অনুভৱৰ ওপৰত নিয়ন্ত্ৰণ ৰাখিব লাগিব। পৰিয়ালৰ নিজৰ মানুহৰ মন জয় কৰিবলৈ সক্ষম হ'ব। কোনো কামত অলসতা দেখুওৱা ঠিক নহয়, নহ’লে পিছত সমস্যা দেখা দিব পাৰে। বাক্য-ব্যৱহাৰত সংযম ৰাখিলে সন্মান বৃদ্ধি পাব। নতুন কোনো কাম আৰম্ভ…