নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গৌৰীসাগৰৰ মেজাংকৰী সংগীত বিদ্যালয়ৰ দুই ছাত্ৰলৈ চি চি আৰ টিৰ জলপানি

নিয়মীয়া বাৰ্তা, ৩ এপ্ৰিলঃ ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ অধীনত চি চি আৰ টিৰ ২০২০-২০২১ বৰ্ষৰ ৰাষ্ট্ৰীয় প্ৰতিভাসন্ধানী পৰীক্ষাৰ সদ্যঘোষিত ফলাফলত গৌৰীসাগৰ মেজাংকৰী সঙ্গীত বিদ্যালয়ৰ দুই ছাত্ৰ আকাশ দত্ত আৰু প্ৰত্যুৎ প্ৰিয়ম ৰাজখোৱাই খোল বাদ্যত জলপানি লাভ কৰি অঞ্চলটোৰ লগতে বিদ্যালয়খনলৈ গৌৰৱ কঢ়িয়াই আনিছে৷ উল্লেখযোগ্য যে দুয়োজন ছাত্ৰই বিদ্যালয়খনৰ গুৰু পৰমানন্দ কাকতিৰ ওচৰত খোল বাদ্যৰ শিক্ষা গ্ৰহণ কৰি আহিছে৷ আকাশ দত্ত শান্তিপুৰ অঞ্চলৰ গটঙা গাঁও নিৱাসী ৰাতুল দত্ত আৰু পম্পী দত্তৰ একমাত্ৰ পুত্ৰ আৰু প্ৰত্যুৎ প্ৰিয়ম ৰাজখোৱা গৌৰীসাগৰ অঞ্চলৰ নকুল ৰাজখোৱা আৰু বন্দনা ৰাজখোৱাৰ কনিষ্ঠ পুত্ৰ৷ দুয়োজন ছাত্ৰৰ এই সফলতাত অঞ্চলৱৰ্তী সচেতন মহলে অভিনন্দন জনাইছে৷

প্ৰেৰক প্ৰণৱ খাটনিয়াৰ

You might also like