সম্পাদকীয় : ৰাষ্ট্রীয় চলচ্চিত্র পুৰস্কাৰত অসমৰ উপস্থিতি
অলপতে ঘোষিত ২০২৩ বর্ষৰ ৰাষ্ট্রীয় চলচ্চিত্র পুৰস্কাৰত অসম বিশেষভাৱে উল্লেখযোগ্য সফলতাৰ অধিকাৰী হৈছে৷ একেটা বছৰতে আহিছে চাৰিটাকৈ গৌৰৱজনক স্বীকৃতি৷ এজন চলচ্চিত্র সমালোচকে লাভ কৰিছে স্বর্ণ কমল, এজন নতুন পৰিচালকে তেওঁৰ প্রথম অ–কাহিনী ছবিৰ বাবে লাভ কৰিছে স্বর্ণ কমল, এখন অসমীয়া চিনেমাই লাভ কৰিছে অসমীয়া ভাষাৰ শ্রেষ্ঠ ছবিৰ স্বীকৃতি আৰু আন এখনে ষষ্ঠ অনুসূচীত অন্তর্ভুক্ত নোহোৱা ভাষাৰ শ্রেষ্ঠ চলচ্চিত্র ৰূপে স্বীকৃতি লাভ কৰিছে৷
ভাৰতৰ ৰাষ্ট্রীয় চলচ্চিত্র প্রতিযোগিতাত কাহিনী চিত্র, অ–কাহিনী চিত্র আৰু চিনেমা বিষয়ৰ লেখাৰ বাবে পুৰস্কাৰ দিয়া হয় আৰু অসমে এই তিনিওটা শাখাতে পুৰস্কাৰ আনিবলৈ সক্ষম হৈছে৷ এই কথাই প্রমাণ কৰে যে অসমৰ চিনেমাৰ কর্মীসকলে তিনিও দিশৰ সৃষ্টিশীলতাত আত্মনিয়োগ কৰিছে৷ আঞ্চলিক ভাষাৰ ছবিৰ বাবে দিয়া ৰজত কমল বঁটাৰ প্রতিযোগিতাৰ পৰিসৰ সেই ভাষাৰ ছবিৰ মাজতে সীমিত বাবে ইয়াত প্রতিযোগিতাৰ ব্যাপ্তি সীমিত৷
অসমীয়া ভাষাৰ চিনেমা এখনে আঞ্চলিক ভাষাৰ বাবে দিয়া বঁটাটো পাবই বুলি নিশ্চিতি থাকে৷ কিন্তু আন বঁটাকেইটিৰ ক্ষেত্রত প্রতিযোগিতা হয় সর্বভাৰতীয় ভিত্তিত আৰু এই প্রতিযোগিতাত স্থান পাবলৈকেও কামৰ মান উচ্চ হ’বই লাগিব৷ সেইবাবেই এইবঁটাৰ প্রাপ্তিয়ে বিজেতাজনক সর্বভাৰতীয় মর্যাদা প্রদান কৰে আৰু সেই বঁটাই ৰাজ্যখনলৈ অধিক সন্মান কঢ়িয়াই আনে৷ এহ স্বীকৃতিসমূহ অসমৰ চিনেমাজগতৰ কর্মীসকলৰ সৃষ্টিশীল দক্ষতাৰ স্পষ্ট প্রমাণ৷
এই বঁটা ঘোষণাৰ লগে লগেই মুখ্যমন্ত্রীকে ধৰি কেইবাগৰাকীও মন্ত্রীয়ে তৎক্ষণাৎ সামাজিক মাধ্যমযোগে অভিনন্দন জনাহছে৷ কেন্দ্রীয় চৰকাৰে দিয়া স্বীকৃতিক ৰাজ্য চৰকাৰৰ মন্ত্রীসকলে এনেদৰে উদ্যাপন কৰা কার্যই প্রমাণ কৰে যে এই স্বীকৃতি ৰাজ্যখনৰ বাবে গৌৰৱৰ কথা হিচাপে চৰকাৰে গ্রহণ কৰিছে৷ কিন্তু চৰকাৰৰ বাবে আচল পৰীক্ষা হয় এই অভিনন্দন পৰৱর্তী কালত হাতত লোৱা উৎসাহমূলক কামবোৰৰ মাজতহে৷
কেহবছৰমান আগতে ৰাষ্ট্রীয় চলচ্চিত্র পুৰস্কাৰ জয়ীসকলক ৰাজ্য চৰকাৰে ৰাজহুৱা অভিনন্দন জ্ঞাপন কৰিছিল আৰু তাৰ লগত আর্থিক উপহাৰো প্রদান কৰিছিল৷ সেহ দৃশ্য আছিল ডৎসাহজনক৷ সদৌ অসম ছাত্র সন্থাই বছৰটোত বিভিন্ন পুৰস্কাৰ–সন্মান লাভ কৰাসকলক বিহুৰ দিনটোত ৰাজহুৱা সম্বর্ধনা জনোৱা পৰম্পৰা এটাৰ সৃষ্টি কৰিছেই৷ সাহিত্যৰ পুৰস্কাৰ পোৱাসকলক সাহিত্যৰ সংগঠনে, চিনেমাৰ বঁটা পোৱাসকলক চিনেমাৰ সংগঠনে অভিনন্দন জনোৱা প্রথা এটা প্রায় চলিয়েই আছে৷
এই ধৰণৰ সামাজিক অভিব্যক্তিয়ে সমাজখনৰ সাংস্কৃতিক দিশটোক প্রতিনিধিত্ব কৰে৷ কিন্তু অকল অভিনন্দনেই শেষ কথা নহয়৷ এনে সন্মান কঢ়িয়াই অনাসকলে এটা কথাকে প্রমাণ কৰে যে অসমৰ চলচ্চিত্র উদ্যোগত প্রতিভাৰ অভাৱ নাই৷ অভাৱ হৈছে সামগ্রিক পৰিৱেশক সতেজ কৰি ৰখিব পৰা পৰিকাঠামো আৰু পৰিকল্পনাৰ৷ চৰকাৰে দর্শক সৃষ্টি কৰিব নোৱাৰে বা চিনেমাৰ বাবে দর্শক টানি আনিব নোৱাৰে৷ কিন্তু সমর্থন আৰু উপলব্ধিৰ যোগেৰে সমাজখনক অর্থৱহ চিনেমাৰ লগত সহযোগ কৰা পৰিৱেশ সৃষ্টি কৰিব পাৰে৷
অসম চৰকাৰে ৰাজ্যিক চলচ্চিত্র বঁটা প্রদান কৰে, কিন্তু এই কামটো এতিয়া নিয়মীয়া হৈ থকা নাই৷ চৰকাৰে সাহিত্যৰ বাবে উৎসৱৰ আয়োজন কৰে, কিন্তু চিনেমা উৎসৱৰ ধাৰাবাহিকতা ৰক্ষা নকৰিলে৷ চৰকাৰে গুৱাহাটীতে প্রকাণ্ড চলচ্চিত্র মহোৎসৱ আয়োজনৰ পৰিৱর্তে অন্ততঃ প্রতিখন জিলা সদৰতে স্থানীয় অনুষ্ঠানৰ সহযোগত সীমিত আকাৰৰ চলচ্চিত্র মহোৎসৱৰ আয়োজন কৰিব পাৰে৷ চৰকাৰে সহজতে কৰিব পৰা আন এটা কাম হ’ল ফিল্ম এণ্ড টিভি ইনষ্টিটিউট অৱ ইণ্ডিয়াৰ সহযোগত সমগ্র ৰাজ্যতে চিনেমাৰ ৰসাস্বাদন সম্পর্কীয় কর্মশালাৰ আয়োজন কৰা৷
আজিকালি কলেজ পর্যায়ৰ পাঠ্যক্রমত চিত্রনাট্য লেখন, চলচ্চিত্র ৰসাস্বাদন সম্পর্কীয় পাঠৰ ব্যৱস্থা আছে৷ কিন্তু প্রতিখন কলেজতে সেই বিষয়বোৰ শিকাব পৰা অভিজ্ঞ শিক্ষকো নথকাই স্বাভাৱিক৷ গতিকে চৰকাৰৰ শিক্ষা বিভাগে সাংস্কৃতিক বিভাগৰ লগ হৈ এনে কর্মশালাৰ আয়োজন কৰিব পাৰে যাতে অন্ততঃ কিছুসংখ্যক শিক্ষক এই দিশত প্রশিক্ষিত হ’ব পাৰে৷ এই কামে অসমৰ শিক্ষা ব্যৱস্থাত ভাল প্রভাৱ পেলাব৷ একে ধৰণে বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয়সমূহত্ ‘ফিল্ম ষ্টাডিজ’ৰ কেন্দ্র স্থাপন কৰিলে শিক্ষক আৰু বিদ্যার্থীসকল বিদ্যায়তনিক দিশতো উপকৃত হোৱাৰ লগে লগে ৰাজ্যখনৰ চলচ্চিত্র পৰিৱেশো অধিক অর্থৱহ ৰূপত গঢ় লৈ উঠাত সহায় হ’ব৷ পুৰস্কাৰৰ উদ্যাপন কেৱল চৰকাৰী বিবৃতিত সীমাবদ্ধ হৈ থাকিব নালাগে৷ সমাজ, সাহিত্য–সংস্কৃতি সংস্থা, শিক্ষা প্রতিষ্ঠান আদি সকলোৱে অনুভৱ কৰা উচিত যে এহ পুৰস্কাৰসমূহ ব্যক্তিগত নহয়– এহবোৰ অসমৰ একো একোটা সাংস্কৃতিক চিহ্ণ৷