মোদীৰ শিক্ষাগত অৰ্হতা সম্পৰ্কীয় তথ্য প্ৰকাশ নকৰিব, দিল্লী হাইক’ৰ্টৰ ৰায়
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ গ্ৰেজুৱেশ্যন ডিগ্ৰীৰ সৈতে সম্পৰ্কিত তথ্য প্ৰকাশৰ বাবে কেন্দ্ৰীয় তথ্য আয়োগৰ (CIC) নিৰ্দেশক দিল্লী উচ্চ ন্যায়ালয়ে বাতিল কৰি দিছে। দিল্লী বিশ্ববিদ্যালয়ে কেন্দ্ৰীয় তথ্য আয়োগৰ এই নিৰ্দেশৰ বিৰুদ্ধে আপত্তি উত্থাপন কৰিছিল। ২০১৬ চনত দাখিল কৰা এখন তথ্য জনাৰ অধিকাৰ (RTI) আবেদনৰ ভিত্তিত CIC-য়ে দিল্লী বিশ্ববিদ্যালয়ক প্ৰধানমন্ত্ৰী মোদীৰ গ্ৰেজুৱেশ্যন ডিগ্ৰীৰ সৈতে সম্পৰ্কিত তথ্য প্ৰকাশ কৰাৰ নিৰ্দেশ দিছিল।
দিল্লী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ শচীন দত্তৰ আদেশ অনুসৰি শৈক্ষিক ৰেকৰ্ড আৰু ডিগ্ৰী প্ৰকাশ কৰাটো বাধ্যতামূলক নহয়। প্ৰধানমন্ত্ৰী মোদীৰ শৈক্ষিক ৰেকৰ্ড প্ৰকাশৰ বিষয়ে এই আইনী যুদ্ধ বছৰ বছৰ ধৰি চলি আছে। তথ্য জনাৰ অধিকাৰ (RTI) আইনৰ অধীনত আবেদন দাখিল কৰাৰ পিছত কেন্দ্ৰীয় তথ্য আয়োগে ১৯৭৮ চনত বিএ পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলো ছাত্ৰৰ ৰেকৰ্ড পৰীক্ষা কৰাৰ অনুমতি ২১ ডিচেম্বৰ, ২০১৬ তাৰিখে দিছিল। প্ৰধানমন্ত্ৰী মোদীয়েও এই পৰীক্ষাত উত্তীৰ্ণ হৈছিল।
বিশ্ববিদ্যালয়ে তৃতীয় পক্ষৰ সৈতে সম্পৰ্কিত তথ্য ভাগ-বতৰা নকৰাৰ নিয়মৰ উল্লেখ কৰি এই আবেদন প্ৰত্যাখ্যান কৰিছিল। কিন্তু কেন্দ্ৰীয় তথ্য আয়োগে (CIC) এই যুক্তি গ্ৰহণ কৰা নাছিল আৰু ২০১৬ চনৰ ডিচেম্বৰত দিল্লী বিশ্ববিদ্যালয়ক ৰেকৰ্ড পৰীক্ষাৰ অনুমতি দিয়াৰ নিৰ্দেশ দিছিল। CIC-য়ে কৈছিল যে যিকোনো ৰাজহুৱা ব্যক্তি, বিশেষকৈ প্ৰধানমন্ত্ৰীৰ শৈক্ষিক যোগ্যতা স্বচ্ছ হোৱা উচিত। CIC-য়ে এইটোও কৈছিল যে এই তথ্য থকা ৰেজিষ্টাৰক এখন ৰাজহুৱা দলিল হিচাপে গণ্য কৰা হ’ব।
এই নিৰ্দেশৰ বিৰুদ্ধে বিশ্ববিদ্যালয়ে উচ্চ ন্যায়ালয়ৰ দ্বাৰ টুকুৰিয়াইছিল, য’ত ভাৰতৰ ছলিচিটৰ জেনেৰেল তুষাৰ মেহতা আৰু তেওঁৰ আইনী দলে বিশ্ববিদ্যালয়ৰ প্ৰতিনিধিত্ব কৰিছিল। তুষাৰ মেহতাই যুক্তি দাঙি ধৰিছিল যে তথ্য প্ৰকাশ কৰিলে এটা বিপদজনক নজিৰ স্থাপন হ’ব, যাৰ ফলত চৰকাৰী কৰ্তৃপক্ষৰ কাম-কাজত বাধাৰ সৃষ্টি হ’ব পাৰে। তেওঁ কৈছিল যে কিছুমান লোকে ৰাজনৈতিক উদ্দেশ্যৰে প্ৰেৰিত হৈ ৰেকৰ্ড প্ৰকাশৰ পোষকতা কৰিছে।
Niyomiya Barta Desk, 25 August