ধনীৰ পৰা ধনীলৈ
যদিও ভবা যায় ৰাজনৈতিক শক্তি আৰু সামৰিক শক্তিয়ে পৃথিৱীখন পৰিচালিত কৰিছে, কিন্তু বাস্তৱত ঠিক সেয়া নহয়৷ প্রকৃতার্থত ক’বলৈ গ’লে পৃথিৱীখন এতিয়া পৰিচালিত কৰিছে বাণিজ্যইহে৷ ব্যৱসায় তথা বাণিজ্যইহে এই মুহূর্তত বিশ্বৰ ৰাজনীতি তথা সামৰিক শক্তিৰ প্রয়োগ কোন দিশে হ’ব সেয়া নির্ণয় কৰে৷ আমেৰিকাৰ পৰা ৰাছিয়ালৈকে, ৰাছিয়াৰ পৰা চীনলৈকে, চীনৰ পৰা ভাৰত আৰু ইউৰোপলৈকে প্রায় সকলো দেশ–মহাদেশ একবিংশ শতিকাত পৰিচালিত হৈছে বাণিজ্যৰ প্রসাৰ আৰু সম্ভাৱনীয়তাৰ দিশেৰে৷ এই যে বিশ্ব বাণিজ্যৰ দ্বাৰা প্রভাৱিত হৈছে, বাস্তৱত কিন্তু এমুঠি ব্যৱসায়ীৰ দ্বাৰাহে প্রকৃতার্থত পৰিচালিত হৈছে৷ কাৰণ এমুঠি অত্যন্ত ধনৱান ব্যৱসায়ীৰ হাততে বিশ্বৰ প্রধান বাণিজ্য কুক্ষিগত হৈ আছে৷ শেহতীয়াকৈ বহু গুৰুত্বপূর্ণ বাতৰিৰ চাপত এটা বাতৰি প্রায় চকুত নপৰাকৈ প্রকাশ পাইছে৷ সেয়া হ’ল বিশ্বৰ সকলোতকৈ ধনী ব্যক্তি এলন মাস্কৰ মুঠ সম্পত্তিৰ পৰিমাণে ৫০০ বিলিয়ন মার্কিন ডলাৰ অতিক্রম কৰিলে৷ এবাৰ ভাবি চাওকচোন, এই ৫০০ বিলিয়ন মার্কিন ডলাৰ এক কিমান বৃহৎ পৰিসংখ্যা৷ মাত্র এটা দশক পূর্বে কোনোবাই ১০০ বিলিয়ন ডলাৰৰ সম্পত্তিৰ গৰাকী হোৱাটোৱে এটা ডাঙৰ খবৰ আছিল৷ সেই সময়ত কোনোবাই যে কেতিয়াবা ৫০০ বিলিয়ন ডলাৰৰ সম্পত্তিৰ গৰাকী হ’ব পাৰিব সেয়া প্রায় অলীক কল্পনা আছিল৷ কিন্তু সেই কল্পনাকে বাস্তৱত পৰিণত কৰিলে ধনকুবেৰ উদ্যোগপতি এলন মাস্কে৷ বিগত মাত্র ১০টা মাহতে মাস্কৰ সম্পত্তি বাঢ়িল ৮ লাখ কোটি ডলাৰ৷ যোৱা ডিচেম্বৰ মাহত মাস্কৰ সম্পত্তিৰ পৰিমাণ আছিল ৪০০ বিলিয়ন মার্কিন ডলাৰ৷ অর্থনৈতিক বিশ্লেষকসকলৰ মতে, যি হাৰত মাস্কৰ সম্পত্তিৰ পৰিমাণ বৃদ্ধি পাই আহিছে যদি সেই হাৰ অপৰিৱর্তিত হৈ থাকে তেন্তে আৰু কেইটামান বছৰৰ ভিতৰতে মাস্কৰ মুঠ সম্পত্তিৰ পৰিমাণ কল্পনাতীত ১০০০ বিলিয়ন ডলাৰ হ’বগৈ৷ বিশ্লেষকসকলে মাস্কৰ সম্পত্তি বৃদ্ধিৰ হাৰৰ বিশ্লেষণ কৰি প্রকাশ কৰিছে যে ২০৩৩ চনৰ ভিতৰত ধনকুবেৰজনৰ সম্পত্তিৰ পৰিমাণ ১০০০ বিলিয়ন ডলাৰ হ’বগৈ৷ যদিহে সেই পৰিমাণৰ সম্পত্তিৰ গৰাকী হ’বলৈ মাস্ক সক্ষম হয় তেন্তে তেওঁ সেই সম্পত্তিৰ পৰা লাভ কৰা শক্তিৰে যিকোনো বৃহৎ দেশকো অর্থনৈতিকভাৱে প্রত্যাহ্বান জনাবলৈ সক্ষম হ’ব৷
যোৱা বুধবাৰে ব্লুমবার্গে বিশ্বৰ ধনাঢ্য ব্যক্তিসকলৰ তালিকা এখন প্রকাশ কৰিছে৷ স্বাভাৱিকভাৱে টেছলা, স্পেচএক্সৰ মালিক এলন মাস্কে এই তালিকাৰ শীর্ষত অৱস্থান কৰাৰ বিপৰীতে দ্বিতীয় স্থান পাইছে আমেৰিকাৰে আন এগৰাকী ধনকুবেৰ লেৰী এৰিছনে৷ মাজতে কিছুদিনৰ বাবে মাস্ককো অতিক্রম কৰি যোৱা লেৰীৰ সম্প্রতি সম্পত্তিৰ পৰিমাণ ৩৫০ বিলিয়ন মার্কিন ডলাৰ৷ অ’ৰাকেল নামৰ বিশ্বখ্যাত ছফটৱেৰ কোম্পানী এটাৰ মালিক লেৰীৰো যোৱা এটা বছৰত প্রায় অবিশ্বাস্য হাৰত বৃদ্ধি পাইছে সম্পত্তিৰ পৰিমাণ৷ মাস্ক আৰু লেৰীৰ পিছত বিশ্বৰ ধনী ব্যক্তিৰ তালিকাত স্থান লাভ কৰিছে ফেচবুক–ইনষ্টাগ্রাম স্বত্বাধিকাৰী মার্ক জুকাৰবার্গ, এমাজ’নৰ মালিক জেক বেজছ, এলভিএমএইচৰ স্বত্বাধিকাৰী বার্নার্ড আর্নল্ট, বার্গশ্বায়াৰ হাথৱেৰ ৱাৰেন বাফেটে৷ এই সকলোকেইগৰাকী ব্যৱসায়ীৰে যোৱা পাঁচটা বছৰত মুঠ সম্পত্তিৰ পৰিমাণ দ্রুতগতিত বৃদ্ধি পাই আহিছে৷ তীক্ষ্ণ ব্যৱসায়িক মেধা আৰু বজাৰৰ চাহিদাৰ প্রতি থকা দক্ষতাৰ বাবেই এইসকল ধনকুবেৰে তেওঁলোকৰ ব্যৱসায়িক সাম্রাজ্য বিশালৰ পৰা বিশালতালৈ বৃদ্ধি কৰিবলৈ সক্ষম হৈছে৷ ভাৰতৰো বিশ্বখ্যাত ধনকুবেৰ মুকেশ আম্বানি আৰু গৌতম আদানিৰ সম্পত্তিৰ পৰিমাণ যোৱা বছৰকেইটাত আশাতীতভাৱে বৃদ্ধি পাইছে৷ ইয়াৰ অর্থই হ’ল তেওঁলোকে লক্ষণীয়ভাৱে তেওঁলোকৰ ব্যৱসায় বিস্তাৰ কৰিবলৈ সক্ষম হৈছে৷ বিশ্বত এনে অসংখ্যজনে ব্যৱসায় হওক বা আন উপায়েৰে ৰকেট গতিত ধনীৰ পৰা ধনী হৈ গৈ আছে৷ কিন্তু ইয়াৰ বিপৰীত ছবিসমূহ যথেষ্ট উদ্বেগজনক৷ যোৱা এটা দশকত পৃথিৱীত দৰিদ্র মানুহৰ সংখ্যা ভয়াৱহভাৱে বৃদ্ধি পাইছে৷ ধনী আৰু দৰিদ্রৰ এই বিষম অসমতাই ভৱিষ্যতৰ পৃথিৱীৰ সুস্থিৰতাৰ বাবে নিশ্চিতভাৱে এক অশনি সংকেত কঢ়িয়াই আনিছে৷