অপাৰেচন সিন্দূৰ মাত্ৰ এক ট্ৰেইলাৰ, পাকিস্তান এতিয়া ব্ৰাহ্মোছৰ ৰাডাৰত
লক্ষ্ণৌৰ ব্ৰাহ্মোছ এয়াৰ’স্পেচ ইউনিটৰ অনুষ্ঠানত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে আজি এক ডাঙৰ ঘোষণা কৰে। তেওঁ কয় যে অপাৰেচন সিন্দূৰে ভাৰতৰ শক্তি আৰু আত্মনিৰ্ভৰতাৰ প্ৰমাণ সম্পূৰ্ণ বিশ্বৰ আগত দাঙি ধৰিছে। তেওঁ লগতে উল্লেখ কৰে— পাকিস্তানৰ প্ৰত্যেক ইঞ্চি ভূমি এতিয়া ব্ৰাহ্মোছ মিছাইলৰ আৱৰণত আহি পৰিছে। তেওঁ কয়, “অপাৰেচন সিন্দূৰ কেৱল এটা ট্ৰেইলাৰ আছিল, কিন্তু এই ট্ৰেইলাৰে বিশ্বক দেখুৱাইছে যে ভাৰত নিজৰ শত্রুক নিয়ন্ত্ৰণত ৰাখিবলৈ সক্ষম।”
তেওঁ যে ব্ৰাহ্মোছ মিছাইল কেৱল এক অস্ত্ৰ নহয়, ই ভাৰতৰ স্বদেশী সক্ষমতা আৰু প্ৰযুক্তিগত শক্তিৰ প্ৰতীক। এই ছুপাৰচ’নিক মিছাইল ভাৰতীয় স্থল, নৌ আৰু বায়ু সেনাৰ মূল স্তম্ভ হিচাপে কাম কৰি আছে। ইয়াৰ উচ্চ গতি, নিখুঁত লক্ষ্যবস্তু আৰু প্ৰচণ্ড শক্তিৰ বাবে ই বিশ্বৰ আটাইতকৈ আধুনিক মিছাইল প্ৰণালীৰ ভিতৰত এখন বুলি গণ্য কৰা হয়।
ৰাজনাথ সিঙে কয়— “লক্ষ্ণৌ এতিয়া কেৱল সংস্কৃতিৰ নহয়, প্ৰযুক্তি আৰু উদ্যোগৰ কেন্দ্ৰলৈ পৰিণত হৈছে। উত্তৰ প্ৰদেশত বহু প্ৰতিৰক্ষা উৎপাদন কেন্দ্ৰ গঢ়ি উঠিছে, আৰু ব্ৰাহ্মোছ ইউনিটো তাত অন্তর্ভুক্ত।”
তেওঁ কয়— ১১ মে’ ২০২৫ ত এই আধুনিক ইউনিট উদ্বোধন কৰা হৈছিল আৰু কেৱল পাঁচ মাহৰ ভিতৰতে প্ৰথম ভাগ মিছাইল প্ৰস্তুত কৰি প্ৰেৰণ কৰা হৈছে।
এই ইউনিটত বছৰি প্ৰায় ১০০টা মিছাইল ছিষ্টেম নিৰ্মাণ কৰা হ’ব, যিবোৰ স্থল, নৌ আৰু বায়ু সেনাৰ বাবে উপলব্ধ হ’ব। প্ৰায় ২০০ একৰ ভূমিত গঢ়ি তোলা এই ইউনিটৰ খৰচ ৩৮০ কোটি টকা। ইয়াৰ ফলত শতাধিক লোকৰ চাকৰিৰ সুযোগ সৃষ্টি হৈছে।
ৰাজনাথ সিঙে কয়— “ভাৰত এতিয়া নিজৰ চুটি-ডাঙৰ উদ্যোগসমূহৰ সহায়ত মিছাইলৰ সকলো অংশ উৎপাদন কৰিবলৈ সক্ষম। ইয়াৰ ফলত বিদেশী যোগানদাৰত নিৰ্ভৰতা শেষ হ’ব, আৰু দেশৰ অৰ্থনীতি শক্তিশালী হ’ব।
তেওঁ লগতে কয় যে ব্ৰাহ্মোছ এতিয়া কেৱল ‘Made in India’ নহয়, ই এটা গ্লোবেল ব্ৰেণ্ড। ফিলিপাইনছৰ সৈতে ইতিমধ্যে ৰপ্তানি চুক্তি স্বাক্ষৰিত হৈছে আৰু অন্যান্য দেশৰ সৈতে সহযোগিতা বৃদ্ধি পাব বুলি আশা প্ৰকাশ কৰে।
ৰাজনাথ সিঙে দৃঢ়ভাৱে কয়— “এতিয়া পাকিস্তানৰ প্ৰতিটো ইঞ্চি ভূমি ব্ৰাহ্মোছ মিছাইলৰ আৱৰণত আহিছে।” তেওঁ উল্লেখ কৰে যে অপাৰেচন সিন্দূৰ সময়ত হোৱা প্ৰদৰ্শন কেৱল ট্ৰেইলাৰ আছিল, কিন্তু সেই ট্ৰেইলাৰে পাকিস্তানক সজাগ বাৰ্তা প্ৰেৰণ কৰিছে। ইয়ে কেৱল ভাৰতীয় নাগৰিকৰ বিশ্বাসে বৃদ্ধি কৰা নাই, সকলো বিশ্বৰ আগত ব্ৰাহ্মোছৰ প্ৰতি আস্থা শক্তিশালী কৰিছে।
তেওঁ ইঞ্জিনীয়াৰ, টেকনিচিয়ান আৰু কৰ্মচাৰীসকলক কয়— “এই বিশ্বাস ৰক্ষা কৰাটো এতিয়া তোমালোকৰ দায়িত্ব।” তেওঁ কয়— “ব্ৰাহ্মোছ কেৱল ভাৰতীয় সেনাৰ শক্তিৰ প্ৰতীক নহয়, ই উত্তৰ প্ৰদেশ আৰু সম্পূৰ্ণ ভাৰতৰ সক্ষমতাৰ প্ৰতীক।”
ৰাজনাথ সিঙে মুখ্যমন্ত্ৰী যোগী আদিত্যনাথক প্ৰশংসা কৰি কয়— “উত্তৰ প্ৰদেশ এতিয়া আত্মনিৰ্ভৰতা, সুৰক্ষা আৰু প্ৰযুক্তিগত বিকাশৰ ক্ষেত্ৰত নতুন শিখৰত অৱৰোহণ কৰিছে।” ব্ৰাহ্মোছ মিছাইলৰ সফলতাই ভাৰতীয় বিজ্ঞানী আৰু নাগৰিকসকলৰ মাজত বিশ্বাস বৃদ্ধি কৰিছে আৰু এইটো আত্মনিৰ্ভৰ ভাৰতৰ নতুন প্ৰজন্মৰ বাবে অনুপ্ৰেৰণা।
এই অনুষ্ঠানত এইটোও স্পষ্ট কৰা হয় যে ব্ৰাহ্মোছ কেৱল প্ৰতিৰক্ষা উপকৰণ নহয়, ই শিক্ষা, স্বাস্থ্য আৰু চাকৰিৰ নতুন সুযোগ সৃষ্টি কৰা এটা গুৰুত্বপূর্ণ উদ্যোগ। ইয়াৰ উৎপাদন আৰু ৰপ্তানি দুয়োতে ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰে অৰ্থনৈতিক লাভ পাবে, যাৰ ফলত সমাজকল্যাণমূলক যোজনা আৰু বিনিয়োগ বৃদ্ধি হ’ব।
নিয়মীয়া বাৰ্তা ডেস্ক, ১৮ অক্টোবৰ