নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বংগত ঘৰ এৰি পলায়ন শ শ সন্দেহজনক লোকৰ, চলিছে SIR-ৰ কাম

বুথ পর্যায়ৰ নির্বাচনী বিষয়াসকলে ঘৰে ঘৰে গৈ এছআইআৰ প্রক্রিয়াৰ কথা ঘোষণা কৰে৷হাতত গণনাৰ প্র–পত্র লৈ ঘৰে ঘৰে যোৱা বিএল’সকলে প্রতিটো পৰিয়ালৰ ভোটাৰৰ সঠিক নথি বিচাৰি পুনৰীক্ষণ আৰম্ভ কৰিছে

স্বচ্ছ আৰু নিকা ভোটাৰ তালিকা প্রস্তুত কৰাৰ লক্ষ্যৰে নির্বাচন আয়োগে বিহাৰৰ পিছত পশ্চিমবংগকে ধৰি কেইবাখনো ৰাজ্যত বিশেষ ব্যাপক পুনৰীক্ষণ (SIR) ব্যৱস্থা বলৱৎ কৰিছে৷ বিশেষকৈ পশ্চিমবংগত এই ব্যৱস্থা কার্যকৰী হোৱাৰ পিছতে ১০ৰ পৰা ২০ বছৰ পর্যন্ত বাস কৰা একাংশ সন্দেহজনক লোকে ঘৰ এৰি পলায়ন কৰা বুলি তথ্য পোহৰলৈ আহিছে৷

পশ্চিমবংগৰ ডুমডুমৰ চাংপুইপাৰাত ৰাতিটোৰ ভিতৰতে এখন গাঁৱৰ ৭০টাতকৈও অধিক পৰিয়ালে ঘৰ এৰি পলায়ন কৰিছে৷ বুথ পর্যায়ৰ নির্বাচনী বিষয়াসকলে ঘৰে ঘৰে গৈ এছআইআৰ প্রক্রিয়াৰ কথা ঘোষণা কৰে৷হাতত গণনাৰ প্র–পত্র লৈ ঘৰে ঘৰে যোৱা বিএল’সকলে প্রতিটো পৰিয়ালৰ ভোটাৰৰ সঠিক নথি বিচাৰি পুনৰীক্ষণ আৰম্ভ কৰিছে৷

পশ্চিমবংগৰ ডুমডুম অঞ্চলৰ একাংশ লোকে SIRৰ জৰিয়তে ধৰা পৰাৰ ভয়ত ঘৰ এৰি পলায়ন কৰিছে৷ অৱশ্যে এই লোকসকল ক’লৈ গৈছে সেই কথা স্থানীয় লোকসকলে নাযানে বুলি সদৰী কৰিছে৷ চামপুইপাৰা কলনিত বাস কৰা এগৰাকী মহিলাই কয় যে যিসকল লোকে ঘৰ এৰি পলায়ন কৰিছে সেইসকল লোকে ১০ৰ পৰা ২০ বছৰ পর্যন্ত এই অঞ্চলটোত বাস কৰিছিল৷

SIR প্রৱর্তনৰ পিছতে বহু লোকে দেশ এৰি যাব লাগিব বুলি ভয় খাইছিল৷ অৱশ্যে নির্বাচন আয়োগৰ তৰফৰ পৰা সকলোকে নির্ভয় প্রদান কৰিছিল৷ অৱশ্যে যিসকল লোকে ভুৱা নথি–পত্রৰে ভোটাৰ তালিকাত নাম সন্নিৱিষ্ট কৰি ৰাখিছে সেই লোকসকলক বিচাৰি উলিয়াবলৈকে নির্বাচন আয়োগে এছআইআৰৰ প্রৱর্তন কৰে৷

এই SIRৰ জৰিয়তে ভোটদানৰ পৰা বঞ্চিত হৈ থকা বহু যোগ্য ভোটাৰৰ নাম সন্নিৱিষ্ট কৰা হৈছে৷ অহা বছৰ পশ্চিমবংগত বিধানসভা নির্বাচন অনুষ্ঠিত হ’ব৷ ইয়াৰ পূর্বেই স্বচ্ছ আৰু নিকা ভোটাৰ তালিকা প্রস্তুত কৰাৰ লক্ষ্যৰে এছআইআৰৰ প্রৱর্তন কৰা হৈছে৷

বর্তমান নির্বাচন আয়োগৰ তত্ত্বাৱধানত ভোটাৰ তালিকা পৰীক্ষণৰ কাম চলি আছে৷ ইফালে, তৃণমূল চৰকাৰে SIRৰ বাবে বহু লোক আতংকিত হৈ পৰা বুলি অভিযোগ উত্থাপন কৰিছে৷ তেওঁলোকে বহু বৈধ ভোটাৰৰ নাম বাদ পৰিব পাৰে বুলি আশংকা প্রকাশ কৰিছে৷ ইয়াৰ বিপৰীতে ডুমডুমৰ চামপুইপাৰা কলনিৰ বাসিন্দাসকল নিশাৰ ভিতৰতে অন্তর্ধান হোৱা ঘটনাটো ৰহস্যজনক হৈ পৰিছে৷

ডিজিটেল ডেস্ক, ১০ নৱেম্বৰ

You might also like