নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মানসিক স্বাস্থ্য

মানৱ জীৱনৰ দিনচর্যাত আৱেগ-অনুভূতিয়ে গুৰুত্বপূর্ণ ভূমিকা গ্রহণ কৰে৷ যিকোনো সিদ্ধান্ত গ্রহণ আৰু বাহ্যিক পৰিস্থিতিৰ প্রতি সঁহাৰি জনোৱাৰ ক্ষেত্রত আৱেগে ক্রিয়া কৰে৷ সামাজিক আৰু ব্যক্তিগত মংগল সাধনত আৱেগৰ স্পর্শ পৰিলক্ষিত হয়৷ কোনো ব্যক্তিৰ ভাব প্রকাশৰ ক্ষমতা, আত্মনিয়ন্ত্রণ আৰু আচৰণ আৱেগৰ দ্বাৰা পৰিচালিত হয়৷ ইয়াৰ বিপৰীতে আৱেগক ৰুদ্ধ অথবা অস্বীকাৰ কৰিলে ব্যক্তিৰ মানসিক স্বাস্থ্যত প্রভাৱ পৰে৷ সাম্প্রতিক বিশ্বত মানসিক স্বাস্থ্য এটা গুৰুতৰ সমস্যাৰূপে পৰিগণিত হৈছে৷ উদ্বেগ আৰু হতাশাৰ দৰে নেতিবাচক আৱেগে আচ্ছন্ন কৰা লোকৰ সংখ্যা ১০০ কোটিৰো অধিক৷ এয়া নিঃসন্দেহে ভয়াৱহ৷ কঠুৱা বাস্তৱ, দ্রুত অর্থনৈতিক উন্নয়ন আৰু বস্তুবাদী জগতখনৰ সৈতে খাপ খুৱাব নোৱাৰা বহু লোকেই মানসিক স্বাস্থ্যৰ সমস্যাত ভোগে৷ বর্ধিত সামাজিক হেঁচা আৰু প্রত্যাশাৰ ফলত মানসিক চাপ, উদ্বিগ্ণতা আৰু উদাসীনতা বৃদ্ধি পোৱা দেখা যায়৷ ছাত্র–ছাত্রীসকলৰ পৰা অভিভাৱকসকলে বহু বেছি আশা কৰা বাবে তেওঁলোকৰ ওপৰত মানসিক চাপ বাঢ়ে৷ পৰীক্ষাত আশানুৰূপ ফল দেখুৱাব নোৱাৰিলে অথবা সহপাঠী মেধাৱী শিক্ষার্থীৰে তুলনাৰে ব্যতিব্যস্ত কৰিলে সমস্যাৰ সৃষ্টি হ’ব পাৰে৷ কর্মক্ষেত্রতো থকা হেঁচা, কম উপার্জনেৰে সংসাৰৰ বোজা বব নোৱাৰা অৱস্থা, অপ্রত্যাশিত বিপর্যয়ে মষিমূৰ কৰা আদিৰ দৰে পৰিস্থিতিৰ মোকাবিলা কৰিব নোৱাৰিলেও মানসিক স্বাস্থ্যত প্রভাৱ পৰিব পাৰে৷ প্রতিটো প্রতিকূল পৰিস্থিতিৰ সৈতে খাপ খুৱাব পৰাকৈ মানসিকভাৱে সবল নহ’লেও সমস্যাৰ উদ্ভৱ হোৱা পৰিলক্ষিত হয়৷ ২০২০ চনৰ পৰা ক’ভিডৰ প্রাদুর্ভাৱৰ ফলত সাধাৰণ লোক আৰু ৰোগত আক্রান্তসকলৰ জীৱন আৰু মানসিক স্বাস্থ্য বাৰুকৈয়ে প্রভাৱান্বিত হৈছে৷ ভয়াৱহ মহামাৰীৰ সংক্রমণৰ আৰম্ভণিতে অজান আৰু অতি বিপজ্জনক শ্বাসজনিত ৰোগে কঢ়িয়াই অনা বিপদশংকাৰ সৈতে মানসিক স্বাস্থ্যৰ বিষয়টো ওতপ্রোতভাৱে জড়িত হৈ পৰিছিল৷ কাৰণ, তেতিয়ালৈ কোনো নির্দিষ্ট চিকিৎসা নথকাৰ লগতে ভেকচিনৰ আৱিষ্কাৰ হোৱা নাছিল৷
গতিকে, সামাজিক ব্যৱধান আৰু ৰোগীক নিলগত ৰখাৰ বাহিৰে এই ভয়াৱহ ৰোগ সংক্রমণৰ আন বিকল্প নাছিল৷ লকডাউন আৰু নিলগাই ৰখা (আইছ’লেচন)ৰ দৰে কঠোৰ নিয়মৰ বাবে ব্যক্তি আৰু সমাজৰ ওপৰত বিৰূপ প্রভাৱ পৰিছিল৷ সেইসমূহৰ মোকাবিলা কৰিবলৈ ব্যাপক সজাগতা অভিযান চলোৱা হ’ল আৰু সময়ৰ লগে লগে ই প্রশমিত হ’বলৈ ধৰিলে৷ বস্তুবাদী সমাজৰ অৱক্ষয় আৰু মূল্যবোধৰ প্রতি আস্থাহীনতায়ো বহু ক্ষেত্রত সমস্যা কঢ়িয়াই অনা দেখা যায়৷ কোমল আৰু অন্তর্মুখী স্বভাৱৰ শিশু–কিশোৰৰ শংকা আৰু মানসিক নিৰাপত্তাহীনতা দূৰ কৰাৰ ক্ষেত্রত পিতৃ–মাতৃয়ে গুৰুত্বপূর্ণ ভূমিকা গ্রহণ কৰিব পাৰে৷ চিকিৎসকৰ পৰামর্শ অথবা দৰবেই যথেষ্ট নহয়৷ মানসিক স্বাস্থ্যৰ উন্নতি ঘটাবলৈ শিশু বা কিশোৰৰ মনৰ খবৰ ৰখাৰ লগতে আৱেগিক সমর্থন দিয়াটো অত্যাৱশকীয়৷ মানসিক স্বাস্থ্য বর্তাই ৰখাটো আভিজাত্য বা বিলাসিতা নহয়৷ বিশ্ব স্বাস্থ্য সংস্থা (হু) আৰু ৰাষ্ট্রসংঘয়ো এই বিষয়টো অতি গুৰুত্বসহকাৰে গ্রহণ কৰিছে৷ অসংক্রামক ৰোগ আৰু মানসিক স্বাস্থ্য সন্দর্ভত উচ্চস্তৰীয় বৈঠক আৰু আলোচনা–চক্রৰে বিষয়টোৰ মোকাবিলা কৰিবলৈ বিচৰা হৈছে৷ বিস্তৃত আলোচনাৰ পাছত গ্রহণ কৰা বিভিন্ন পদক্ষেপৰ ইতিবাচক ফল পৰিলক্ষিত হৈছে৷ বিশ্ব স্বাস্থ্য সংস্থাই মানসিক স্বাস্থ্যৰ দিশটো উন্নত কৰিবলৈ প্রথমতে ১২খন দেশক অগ্রাধিকাৰ প্রদান কৰিছে৷ টেলী স্বাস্থ্যসেৱা উদ্ভাৱন আৰু কৃত্রিম বুদ্ধিমত্তাৰ দ্বাৰা পৰিচালিত চিকিৎসা সঁজুলিৰে মানসিক স্বাস্থ্যজনিত সমস্যাৰ চিকিৎসাৰ ক্ষেত্রত বেছ অগ্রগতি লাভ কৰা দেখা গৈছে যদিও কেৱল এয়াই যথেষ্ট নহয়৷ তৃণমূল পর্যায়ত ব্যাপক সজাগতা অভিযানে সমস্যাসমূহ বুজাৰ ক্ষেত্রত ইন্ধন যোগায়৷ চৰকাৰ আৰু স্বেচ্ছাসেৱী সংগঠনৰ ভূমিকা অপৰিহার্য৷ বিশেষজ্ঞসকলৰ মতে, কেৱল মানসিক স্বাস্থ্যৰ বাবেই স্বাস্থ্য শিতানত কমপক্ষেও ২ শতাংশৰ অধিক পুঁজি নির্ধাৰণ কৰাটো অত্যাৱশ্যকীয় হৈ পৰিছে৷ সমাজৰো কৰণীয় আছে– যিকোনো মানসিক স্বাস্থ্য সংকটৰ মোকাবিলাৰ বাবে প্রয়োজন মুকলি আলোচনা৷ সমস্যাটো থাপি–থূপি নথৈ সমাধানৰ দিশত আগবাঢ়িব লাগে৷ তেতিয়াহে কাম সিদ্ধি হ’ব৷ প্রচণ্ড হতাশাৰ চিকাৰ হৈ আত্মহত্যাৰ বাসনা দিনকদিনে বৃদ্ধি পাইছে৷ বিশেষকৈ বিপথগামী যুৱক–যুৱতীসকলৰ মাজত এই অশুভ প্রৱণতা গভীৰ উদ্বেগজনক৷ ইয়াক ৰোধ কৰিবলৈ প্রথমে ঘৰখনেই আগভাগ ল’ব লাগিব৷ সুস্থ ঘৰুৱা পৰিৱেশ একান্ত কাম্য৷ সন্তানৰ অস্বাভাৱিক আচৰণ দৃষ্টিগোচৰ হ’লেই বিহিত ব্যৱস্থা গ্রহণ কৰা বাঞ্ছনীয়৷ দেশৰ মানসিক স্বাস্থ্যৰ ছবিখন বৰ আশাপ্রদ নহয়৷ মুঠ জনসংখ্যাৰ ১৪ শতাংশ (প্রতি ৭জনৰ মাজত এজন)ই মানসিক সমস্যাৰ ভুক্তভোগী৷ অথচ ইয়াৰ মাথোঁ ১০–১২ শতাংশই চিকিৎসা বা পৰিচর্যা লাভ কৰে৷ ক’ভিড মহামাৰী, শৈক্ষিক হেঁচা আৰু দ্রুত নগৰীকৰণৰ বাবে পূর্বতকৈ মানসিক হেঁচা বৃদ্ধি পাইছে– উদ্বেগ আৰু হতাশাৰ চিকাৰ হৈছে অধিকসংখ্যক কিশোৰ–কিশোৰী আৰু যুৱক–যুৱতী (১৫–২৯ বছৰ বয়সৰ) ৷ ইয়াৰ প্রশমনৰ বাবে উপযুক্ত চিকিৎসা, পর্যাপ্ত নিদ্রা আৰু পুষ্টি, খোজকঢ়া, যোগাসন আৰু ধ্যান, গভীৰ শ্বাস গ্রহণ আদিৰ লগতে উদ্বেগ হ্রাসৰ বাবে প্রচেষ্টাৰ অত্যন্ত আৱশ্যকীয়৷ আটাইতকৈ প্রয়োজনীয় হ’ল ব্যাপক জনসজাগতা৷

You might also like