নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সম্পাদকীয় : ভোটদানৰ পৱিত্রতা

দেশৰ নির্বাচন আয়োগে ইতিপূর্বে নির্ধাৰণ কৰা মতে আজি অসমত বিধানসভা নির্বাচনৰ ভোটগ্রহণৰ দিন৷ এইবাৰ একেটা দিনতেই সমগ্র ৰাজ্যতে ভোটগ্রহণ অনুষ্ঠিত হ’ব৷ ইয়াৰ পূর্বে এনেদৰে একেটা দিনতে সমগ্র ৰাজ্যত ভোটগ্রহণ অনুষ্ঠিত হোৱা নাছিল৷ কাৰণ সেই সময়ত ৰাজ্যখনৰ পৰিস্থিতি তাৰ বাবে অনুকূল নাছিল৷ অসমত নির্বাচনী হিংসাৰ পৰিৱেশ বৰ বেছি নাছিল যদিও উগ্রপন্থাজনিত সমস্যা আছিল আৰু ৰাজ্যখনত সঘনে আন্দোলন চলি আছিল৷ স্বাভাৱিকতেই নিৰাপত্তাৰ স্বার্থত এনেদৰে একাধিক পর্যায়ত ভোটগ্রহণ অনুষ্ঠিত কৰিবলগীয়া হৈছিল৷ কিন্তু এতিয়া ৰাজ্যখনৰ পৰিস্থিতি সলনি হৈছে৷ এটা মুকলিমূৰীয়া পৰিৱেশৰ সৃষ্টি হৈছে৷ সেইবাবেই নির্বাচন আয়োগে একেটা দিনতে নির্বাচন অনুষ্ঠিত কৰি নির্বাচনী ব্যয় হ্রাস কৰাৰ লগতে নির্বাচন পৰিচালনাৰ দিশটোৰ পৰাও সকাহ লাভ কৰিব পৰা হৈছে৷ কেৱল নির্বাচন আয়োগৰ বাবেই নহয়, ভোটাৰসকলৰ বাবেও এটা মুকলি পৰিৱেশৰ সৃষ্টি হৈছে৷ প্রতিগৰাকী ভোটাৰে এতিয়া দ্বিধাহীনভাৱে ভোট দিবলৈ ওলাই আহিব পৰা পৰিৱেশ সৃষ্টি হৈছে৷ এনে পৰিৱেশ–পৰিস্থিতিত নিকা আৰু স্বচ্ছ নির্বাচন অনুষ্ঠিত কৰাটো সহজ হৈ পৰে৷ এয়া গণতন্ত্রৰ বাবেও এক ইতিবাচক দিশ৷ প্রকাশিত তথ্য মতে, এইবাৰৰ নির্বাচনত অসমৰ মুঠ ১২৬টা সমষ্টিত মুঠ ২ কোটি ৫০ লাখ ৫৪ হাজাৰ ৪৬৩গৰাকী ভোটাৰে ভোটদান কৰিব৷ মুঠ ভোটাৰৰ ভিতৰত ১,২৫,৩১,৫৫২জন পুৰুষ আৰু ১,২৫,২২,৫৯৩গৰাকী মহিলা, তদুপৰি ৩১৮গৰাকী তৃতীয় লিংগৰ ব্যক্তি৷ ৩১,৪৯০টা ভোটগ্রহণ কেন্দ্রত অনুষ্ঠিত হ’ব ভোটদান পর্ব৷ মুঠ ভোটগ্রহণ কেন্দ্রৰ ২৭,৭১৫টা গ্রামাঞ্চলৰ আৰু ৩,৭৭৫টা নগৰাঞ্চলৰ৷ তদুপৰি ১২৬টা সমষ্টিত ১২৬টা আদর্শ ভোটগ্রহণ কেন্দ্রও স্থাপন কৰা হৈছে৷ এইবাৰ সকলো ভোটগ্রহণ কেন্দ্রৰ পৰা ৱেবকাষ্টিঙৰ ব্যৱস্থা কৰা হৈছে৷ এইবাৰৰ বিধানসভা নির্বাচনত প্রতিদ্বন্দ্বিতাত অৱতীর্ণ হৈছে ৭২২গৰাকী প্রাৰ্থী ৷ ইয়াৰে ৬৬৩গৰাকী পুৰুষ আৰু ৫৯গৰাকী মহিলা৷ ইতিমধ্যে নির্বাচনী প্রচাৰৰ সমাপ্তি ঘটিছে৷ নির্বাচনী প্রচাৰপর্বও সামগ্রিকাৱে সুকলমে পাৰ হৈ গৈছে৷ এতিয়া মূল দায়িত্ব আহি পৰিছে ভোটাৰৰ ওপৰত৷ প্রতিটো দল বা প্রতিগৰাকী প্রাৰ্থী নির্বাচনী প্রচাৰৰ পৰা ভোটাৰসকলে নিশ্চয় এটা ধাৰণাত উপনীত হ’ব পাৰিছে তেওঁলোকৰ নীতি আৰু কর্মসূচী সন্দর্ভত৷ নির্বাচনী প্রচাৰ সমাপ্ত হোৱাৰ পিছত ভোটদান পূর্বে এইবোৰ কথা যুকিয়াই চাবলৈ সাধাৰণ ভোটাৰে দুদিনৰ সময় পাইছে৷ এই দুদিনত যিহেতু কোনো ধৰণৰ প্রচাৰৰ সুবিধা ৰখা নাই সেইবাবে ভোটাৰে কোনো ধৰণৰ বিভ্রান্তিত নপৰাকৈ সকলো দিশ চালি–জাৰি চাই সুস্থিৰভাৱে নিজৰ নিজৰ সিদ্ধান্ত ল’ব পাৰে৷ নির্বাচন হ’ল গণতান্ত্রিক পৰম্পৰাৰ এটা পৱিত্র উৎসৱ৷ এই নির্বাচনৰ মাধ্যমেৰে আমি আমাৰ প্রতিনিধি নির্বাচন কৰি এখন চৰকাৰ গঠন কৰিব পাৰোঁ৷ এখন গণতান্ত্রিক দেশৰ নাগৰিকৰ এয়া এক পৱিত্র কর্তব্য আৰু দায়িত্ব৷ আমি বাছনি কৰি দিয়া জনপ্রতিনিধিসকলে চৰকাৰ গঠন কৰি আমাৰ বাবে নীতি নির্ধাৰণ কৰিব৷ গতিকে আমি বাছনি কৰা লোকসকল যাতে ভাল আৰু দক্ষ হয়, তাৰ প্রতি আমি লক্ষ্য ৰাখিব লাগিব৷ নির্বাচনৰ পিছত চিঞৰ–বাখৰ কৰি লাভ নাই৷ এবাৰ নির্বাচিত হোৱাৰ পিছত কাম–কাজ ভাল নাপালে তেওঁলোকক পুনৰ ওভতাই অনাৰ নিয়ম আমাৰ সংবিধানত নাই৷ গতিকে পুনৰ পাঁচ বছৰলৈ আমি সহ্য কৰিবই লাগিব৷ সেইবাবে ভোটাৰৰ সিদ্ধান্তটো পৰিপক্ব হ’ব লাগে৷ ভোটাৰৰ সঠিক সিদ্ধান্তই দেশৰ তথা দহৰ ভৱিষ্যৎ গঢ়িব পাৰে৷ এটা সঠিক সিদ্ধান্ত ল’বলৈ হ’লে আৱেগতকৈ বিবেকক প্রাধান্য দিব লাগে৷ ৰাজনৈতিক দল বা প্রাৰ্থীসকলে নিজৰ নিজৰ আদর্শ আৰু কর্মসূচী প্রচাৰ কৰোঁতে প্রলোভনমূলক বক্তব্যও প্রদান কৰিব পাৰে৷ সেইবোৰ চালি–জাৰি চাই সঠিক সিদ্ধান্ত লোৱাৰ বাবে ভোটাৰসকল সচেতন হ’ব লাগিব৷ ছলাহী কথা বা প্রলোভনৰ জালত ভৰি দিলে ব্যক্তিগত সাময়িক লাভ হ’ব পাৰে, কিন্তু সামূহিক লাভ হ’ব নোৱাৰে৷ সামূহিক লাভ নহ’লে তাৰ ভাগ নিজৰ মূৰতো পৰে৷

আমাৰ সংবিধানে প্রাপ্তবয়স্ক ভোটাধিকাৰ প্রাপ্তিৰ বয়সৰ সীমা পূর্বৰ ২১ বছৰৰ পৰা কমাই ১৮ বছৰ কৰিছে৷ আজিকালি দেশত শিক্ষাৰ বিস্তাৰ হোৱাৰ লগে লগে শিক্ষিত লোকৰ সংখ্যাও বৃদ্ধি পাইছে৷ তদুপৰি আধুনিক তথ্য–প্রযুক্তিৰ বিস্তাৰে নাগৰিকসকলক সকলো কথা ফঁহিয়াই চোৱাৰ এক বহল অৱকাশ প্রদান কৰিছে৷ পিছে সকলো বিষয়ৰে দুটা দিশ থকাৰ দৰে এইক্ষেত্রতো আছে৷ তথ্য–প্রযুক্তিৰ সহায় লৈ একাংশ দুষ্ট বুদ্ধিৰ লোকে নিজৰ নিজৰ ৰাজনৈতিক লাভ আদায়ৰ বাবেও উঠিপৰি লগাটোকো নুই কৰিব নোৱাৰি৷ গতিকে সুবিধা যিমানেই বাঢ়িছে জটিলতাও সমানেই বাঢিছে৷ এনে দুষ্টচক্রৰ জালত যাতে পৰিবলগীয়া নহয়, তাৰবাবে নাগৰিকৰ সচেতনতা আৰু সজাগতাৰ নিতান্তই প্রয়োজন৷ গতিকে আজিৰ দিনটোত লোৱা এটা সিদ্ধান্তই দেশৰ–দহৰ ভৱিষ্যৎ সলাই দিব পাৰে৷ এই সলনি ইতিবাচক হ’লে সকলোৰে বাবে মংগল আৰু নেতিবাচক হ’লে একাংশৰ বাবেহে মংগল৷ এইক্ষেত্রত প্রধান সমস্যাটো হ’ল ভোটদানৰ সময়ত দল আৰু প্রাথ্ নির্বাচন৷ প্রায়ে দেখা যায় যে কোনোবাটো দলৰ নীতি–আদর্শ আৰু কাম–কাজ ভাল লাগিলেও ভোটদান কৰিবলগীয়া সমষ্টিটোৰ প্রাথ্গৰাকী পছন্দৰ নহ’ব পাৰে বা ওলোটাকৈ প্রাৰ্থীগৰাকী পছন্দৰ হ’লেও দলটো পছন্দৰ নহ’ব পাৰে৷ প্রায়ভাগ ভোটাৰেই এই সমস্যাটোত ভোগা দেখা যায়৷ এইখিনিতেই বিবেকৰ ভূমিকা আহি পৰে৷ বহুতৰেই ধাৰণা যে যিহেতু চৰকাৰ এখনেহে সামগ্রিকভাৱে ৰাজ্যখনৰ বা দেশখনৰ দায়িত্ব ল’ব, সেইবাবে যিটো দলে চৰকাৰ গঠন কৰাৰ সম্ভাৱনা থকা বুলি পতিয়ন যায় সেই দলটোৰ প্রাৰ্থীকেই তেওঁলোকে ভোটদান কৰে, লাগিলে তেওঁ পছন্দৰ প্রাৰ্থী নহওকেই৷ তেওঁলোকৰ মতে যিহেতু ভাৰতবর্ষত বহুদলীয় ব্যৱস্থা আছে, সেয়েহে স্বাভাৱিকতেই নির্বাচনত অনেক দলৰ প্রাথ্য়ে প্রতিদ্বন্দ্বিতা কৰিব পাৰে৷ তেনেদৰে নির্দলীয় প্রাথ্ৰ সংখ্যাও কম নহয়৷ গতিকে নিজৰ পছন্দৰ প্রাৰ্থী বাছনি কৰিবলৈ গৈ সকলোৱে ভিন্ন ভিন্ন দলৰ প্রাথ্ক নির্বাচিত কৰি পঠিয়ালে ‘খিচিৰি’ চৰকাৰ এখন হয়তো হ’ব, কিন্তু তাৰ স্থায়িত্ব কিমান হ’ব তাৰ কোনো নিশ্চয়তা নাথাকে৷ এনে উদাহৰণ ইতিমধ্যে বহুবাৰ পৰিলক্ষিত হৈছে৷ চৰকাৰৰ স্থায়িত্ব মানে নির্ধাৰিত পাঁচ বছৰৰ কার্যকাল সম্পূর্ণ কৰিব পৰা বা নোৱাৰাৰ ওপৰতে দেশ বা ৰাজ্যখনৰ বহু কথাই নির্ভৰ কৰে৷ ই ৰাজনৈতিক অস্থিৰতাৰ সৃষ্টি কৰাৰ লগতে সঘনে নির্বাচন পাতিবলগীয়া হোৱাৰ ফলত ৰাজকোষৰো বহু ধনৰ অপচয় হয়৷ সেইবাবেই কোৱা হৈছে যে ভোটদান কেৱল কর্তব্যই নহয় দায়িত্বও৷ এজন ভোটাৰৰ এটা ভোটেই দেশৰ বা ৰাজ্যৰ ভৱিষ্যতৰ ওপৰত প্রভাৱ পেলায়৷ সেইবাবেই প্রতিটো ভোটদানৰ পূর্বে প্রতিগৰাকী ভোটাৰে ভালদৰে ভাবি–চিন্তি সিদ্ধান্ত ল’ব লাগে৷ তাতেই নিহিত হৈ থাকে ভোটদানৰ পৱিত্রতা৷ দেশৰ সুভৱিষ্যৎ আৰু এখন সুস্থিৰ তথা ভাল চৰকাৰ গঠনৰ বাবে প্রতিজন নাগৰিকৰ প্রতিটো ভোটেই মূল্যৱান৷ এই মূল্যৱান ভোটটোৰ মূল্য তেতিয়াহে নিৰূপিত হ’ব যেতিয়া ই সঠিক ঠাইত পৰিব৷ গতিকে মূল্যৱান ভোটটো যাতে অথলে নাযায় তাৰবাবে ভোটাৰসকলে সুচিন্তিতভাৱে ভোটদান কৰা উচিত৷

You might also like