নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বৰছলাৰ পৰা আৰম্ভ বিজেপিৰ ‘জন আশীৰ্বাদ যাত্ৰা’

ঢেকীয়াজুলিৰ পৱিত্ৰ গুপ্তেশ্বৰ মন্দিৰত পূজা-অৰ্চনা আৰু সাষ্টাংগ প্ৰণিপাত জনাই আজি আৰম্ভ হ’ল বিজেপিৰ ‘জন আশীৰ্বাদ যাত্ৰা’। “বাবাৰ আজ্ঞাৰে আজি আৰম্ভ কৰিছোঁ জন আশীৰ্বাদ যাত্ৰা” বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। ঢেকীয়াজুলিৰ…

সীমা শুল্ক বিভাগৰ জেৰা : গ্ৰেপ্তাৰ মঙলদৈৰ ডিটিঅ’সহ চাৰিজন

সীমা শুল্ক বিভাগৰ অভিযানত মঙলদৈৰ জিলা পৰিবহণ বিষয়াসহ চাৰিজনক গ্ৰেপ্তাৰ কৰিছে৷ বঙাইগাঁৱৰ তদনীন্তন জিলা পৰিবহন বিষয়া দীপক পাটোৱাৰীসহ চাৰিজনক বিভাগটোৱে মাৰাথন জেৰাৰ অন্তত সীমা শুল্ক বিভাগৰ তৰফৰ পৰা আদালতত হাজিৰ কৰায় ৷ বঙাইগাঁও আদালতত হাজিৰ…

বলিভিয়াত সামৰিক কাৰ্গ’ বিমান দুৰ্ঘটনাগ্ৰস্ত, কমেও ১৫জন নিহত

বলিভিয়াৰ পশ্চিমাঞ্চলীয় চহৰ El Altoত বলিভিয়ান বায়ুসেনাৰ এখন কাৰ্গ’ বিমান দুৰ্ঘটনাগ্ৰস্ত হোৱাত কমেও ১৫জন লোক নিহত হোৱাৰ লগতে বহু লোক আহত হৈছে বুলি দেশখনৰ কৰ্তৃপক্ষই জনাইছে। শুকুৰবাৰে স্থানীয় সময় অনুসাৰে সন্ধিয়া ৬:১৫ বজাত Santa Cruz…

কাইলৈ নিশ্চিত হ’ব টীম ইণ্ডিয়াৰ টি-২০ বিশ্বকাপৰ ভৱিষ্যৎ

ইডেন গার্ডেনত দেওবাৰে নিশ্চিত হ’ব ডিফেণ্ডিং চেম্পিয়ন টীম ইণ্ডিয়াৰ টি–২০ বিশ্বকাপৰ ভৱিষ্যৎ৷ ঘৰৰ মাটিত চলি থকা আইচিচিৰ সন্মানীয় প্রতিযোগিতাখনত ফেভাৰিট হিচাপে আৰম্ভণি কৰিছিল টীম ইণ্ডিয়াই৷ কিন্তু ছুপাৰ এইটৰ প্রথমখন মেচত সূর্যকুমাৰ যাদৱ…

কাজিৰঙাৰ আৰক্ষী অতিথিশালাত অঘটন

কাজিৰঙাৰ আৰক্ষী অতিথিশালাত অঘটন৷ .303 ৰাইফলৰ গুলীত গুৰুতৰভাৱে আহত লোহিত গোঁহাই নামৰ এজন গৃহৰক্ষী জোৱান৷ বৃহস্পতিবাৰে মাজনিশা প্ৰায় এটা বজাত সংঘটিত এই ঘটনাত আহত লোহিত গোহাঁই সংকটজনত অৱস্থাত ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন৷…

উচ্ছেদৰ জাননী দিবলৈ যোৱা আৰক্ষীক দলবদ্ধ আক্রমণ মিঞাৰ

চৰকাৰী ভূমি বেদখলকাৰীক উচ্ছেদৰ জাননী দিবলৈ যোৱা গাঁওপ্রধান আৰু আৰক্ষীৰ দলৰ ওপৰত মহানগৰীৰ আজাৰাৰ বঙৰা ইছলামপুৰত একাংশ মিঞাই ভয়ংকৰ আক্রমণ চলায়৷ এই ঘটনাত গাঁওপ্রধানজনৰ লগতে কেইবাজনো আৰক্ষী বিষয়া–জোৱান আহত হয়৷ ইতিমধ্যে আহত ৫ জনক গুৱাহাটী…

১০ মার্চৰ পূর্বে অগপৰ সৈতে হ’ব আসন বুজাবুজি

বিজেপি আৰু মিত্রদলৰ নির্বাচনী আসন বুজাবুজি কেতিয়া সম্পন্ন হ’ব তাক লৈ চলি থকা চর্চাৰ মাজতে অহা ১০ মার্চৰ পূর্বে অগপৰ সৈতে আসন ভাগ–বাটোৱাৰা সম্পন্ন হ’ব বুলি স্পষ্ট কৰিলে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ মুখ্যমন্ত্রীয়ে কয়– অগপৰ সৈতে ১০…

সম্পাদকীয় : উন্মনা ফাগুন

কবি নৱকান্ত বৰুৱাই লিখিছিল– ‘মোকতো পোৱাই চিনি, মই যে ফাগুন৷ অঁকৰা কবিৰ সৈতে চুপতি মৰাৰ বাবে, মোৰতো বহুত বদনাম৷’ ফাগুন যেন এজনী উন্মনা ছোৱালী৷ তাই যেতিয়াই যি মন যায় তাকেই কৰে৷ পছোৱা বলিলে তাই বাউলি হৈ পৰে৷ উৰুঙা লগা শীতৰ দিনবোৰে মেলানি…

ইতিহাস গঢ়াৰ পথত জম্মু–কাশ্মীৰ : ড্রৰ দিশে ৰঞ্জি ট্রফীৰ ফাইনেল

প্রথমবাৰলৈ ৰঞ্জি ট্রফীৰ ফাইনেলত প্রৱেশ কৰি ইতিহাস ৰচনা কৰা জম্মু–কাশ্মীৰে আন এক ইতিহাস ৰচনা কৰাৰ দিশে আগবাঢ়িছে৷ কর্নাটকৰ বিপক্ষে খেলি থকা ফাইনেল মেচখন ড্রৰ দিশে অগ্রসৰ হৈছে যদিও প্রথম ইনিংছত অগ্রগতি লোৱাৰ সুবাদত চেম্পিয়ন হোৱাৰ পথত…

২৮ ফেব্ৰুৱাৰী : আজিৰ দিনটোৰ ৰাশিফল

আজি ২৮ ফেব্রুৱাৰী, ফাগুন মাহৰ ১৫ তাৰিখ শনিবাৰ : তিথি–শুক্লাদ্বাদশী, নক্ষত্র : পুনর্ব্বসু, যাত্রা : নাই মেষ : আকস্মিকভাৱে অর্থ ক্ষতি হ’ব পাৰে৷ পাৰিবাৰিক শুভ বুলিব পাৰি৷ কর্মক্ষেত্রত আনৰ প্রিয়পাত্র হ’ব পাৰিব৷ পঢ়া–শুনাত শুভ৷ শুভ বর্ণ পাতল…