নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিশ্বভাৰতী বিশ্ববিদ্যালয়ত ভূপেন হাজৰিকা-নৱকান্ত বৰুৱাৰ জন্ম শতবৰ্ষ পালন

ভূপেন হাজৰিকা সাংস্কৃতিক ন্যাস আৰু ৰাউল কৌশিক নাথ ফাউণ্ডেশ্বনৰ উদ্যোগত বিশ্ব-ভাৰতীৰ ভাষা ভৱন আৰু অসমীয়া বিভাগৰ সহযোগিতাত যোৱা ১৩ ফেব্ৰুৱাৰী তাৰিখে শান্তি নিকেতনৰ বিশ্ব-ভাৰতী বিশ্ববিদ্যালয়ৰ ‘লিপিকা প্ৰেক্ষাগৃহ’ত মন কবিতা শীৰ্ষক এক…

বাংলাদেশী নাগৰিকক আৰক্ষীক গতালে চাহ বাগিচাৰ লোকে

ভাৰত-বাংলাদেশ সীমান্তৰ ইচামতি নদী সাতুৰি পাৰ হৈ এজন বাংলাদেশী লোক তিতাবৰ উপস্থিত হোৱা ঘটনাই আজি তিতাবৰত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। লোকজনৰ নাম মহম্মদ আল হাছান। তিতাবৰৰ মেজেঙা চাহ বাগিছাত ৰাইজে মহম্মদ আল হাছানক কৰায়ত্ত কৰি আৰক্ষীক…

বিজনী-বাওখুংগ্ৰী সমষ্টিত কোচ ৰাজবংশী জনগোষ্ঠীয় প্ৰাৰ্থিত্বৰ দাবী সদৌ বিটিচি কোচ ৰাজবংশী সন্মিলনীৰ

সমাগত বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগেই ৰাজনৈতিক দলসমূহৰ লগতে সক্ৰিয় হৈ উঠিছে অৰাজনৈতিক জাতীয় দল সংগঠনসমূহো। এইক্ষেত্ৰত পিছ পৰি ৰৈ থকা নাই বিটিচি অঞ্চলক কেন্দ্ৰ কৰি গঠন হোৱা কোচ ৰাজবংশী জনগোষ্ঠীৰ সংগঠন সদৌ বিটিচি কোচ ৰাজবংশী…

আহিল এডমিট কাৰ্ড, তথাপিও পৰীক্ষাত নবহে বৈভৱ সূৰ্যবংশী

আইচিচি U-19 বিশ্বকাপ ২০২৬ত ভাৰতীয় দলক বিজয় মুকুট পৰিধান কৰোৱাত গুৰুত্বপূৰ্ণ ভূমিকা লোৱা ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীক লৈ এক গুৰুত্বপূৰ্ণ খবৰ পোহৰলৈ আহিছে। কিছুদিন পূৰ্বে বৈভৱে এইবাৰ দশম শ্ৰেণীৰ পৰীক্ষাত অৱতীৰ্ণ হ’ব বুলি খবৰ প্ৰকাশ পাইছিল যদিও…

গহপুৰৰ এগৰাকী প্ৰাক্তন সেনা জোৱানৰ মানৱীয় কৰ্ম

ভাৰতীয় স্থলসেনাৰ এগৰাকী অৱসৰপ্ৰাপ্ত জোৱান তথা বৰ্তমান বেংকৰ সুৰক্ষা বিষয়া হিচাপে কৰ্তব্য সম্পাদন কৰি থকা এগৰাকী ব্যক্তিয়ে নিজৰ চাৰিচকীয়া ব্যক্তিগত বাহনখন লৈ গ্ৰহণ কৰা বিশেষ পদক্ষেপ বৰ্তমান চৰ্চাৰ বিষয় হৈ পৰিছে। কৃষ্ণ, জয় গুৰু শংকৰ বুলি…

‘সৰু ভাই বুলি মাফ কৰি দিব’, ভূপেন বৰাক ক্ষমা বিচাৰিলে গৌৰৱ গগৈয়ে

ডিজিটেল ডেস্ক, ১৬ ফেব্ৰুৱাৰী : ৰাজ্যৰ ৰাজনীতিত ধুমুহাৰ সৃষ্টি কৰি সোমবাৰে ভূপেন বৰাই কংগ্ৰেছৰ পৰা দলত্যাগ কৰাৰ পিছতে কংগ্ৰেছত এক হাহাকাৰময় পৰিৱেশৰ সৃষ্টি হয়। অসম প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতিগৰাকীৰ দলত্যাগৰ খবৰ পোহৰলৈ অহাৰ পিছতেই ভূপেন…

গৰৈমাৰীত অসামাজিক কাৰ্যকলাপ বন্ধৰ দাবীত আছুৰ স্মাৰক-পত্ৰ

কামৰূপ জিলাৰ ছমৰীয়া সমষ্টিৰ অন্তৰ্গত বিভিন্ন অঞ্চলত দিনকদিনে অসামাজিক কাৰ্যকলাপ বৃদ্ধি পোৱা বুলি পূব ছমৰীয়া আৰু গৰৈমাৰী শাখা ছাত্ৰ সন্থাই অভিযোগ উত্থাপন কৰিছে৷ অভিযোগ অনুসৰি, গৰৈমাৰী বজাৰৰ পূব দিশৰ লগতে গৰৈমাৰী ৰাজহ চক্ৰ কাৰ্যালয়ৰ সমীপৰ…

সিদ্ধান্ত স্থগিত নে চূড়ান্ত? নাটকীয় পদত্যাগ, নিশাৰ ভিতৰতে স্পষ্ট হ’ব পাৰে চূড়ান্ত স্থিতি!

ৰাজ্যৰ ৰাজনীতিত ধুমুহাৰ সৃষ্টি কৰি সোমবাৰে ভূপেন বৰাই কংগ্ৰেছৰ পৰা দলত্যাগ কৰাৰ পিছতে কংগ্ৰেছত এক হাহাকাৰময় পৰিৱেশৰ সৃষ্টি হয়। অসম প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতিগৰাকীৰ দলত্যাগৰ খবৰ পোহৰলৈ অহাৰ পিছতেই ভূপেন বৰাৰ বাসগৃহত উপস্থিত হয় গৌৰৱ…

কংগ্ৰেছত ভূমিকম্প, কাইলৈ কি সিদ্ধান্ত ল’ব ভূপেন বৰাই

অসমৰ শাসক আৰু বিৰোধী শিবিৰৰ নেতাসকলে ভূপেন বৰাৰ পদত্যাগক লৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। বৰাৰ কংগ্ৰেছ দল ত্যাগে দলটোৰ ভৱিষ্যতক লৈ নতুনকৈ বিতৰ্কৰ সূচনা কৰিছে। কংগ্ৰেছ দলৰ পৰা ভূপেন বৰাৰ হঠাৎ পদত্যাগে অসমৰ ৰাজনৈতিক পৰিসৰত চাঞ্চল্য সৃষ্টি…

নাই আত্মসমীক্ষা : কংগ্ৰেছত অব্যাহত পৰিয়ালকেন্দ্ৰিক ৰাজনীতি

ৰাজ্যৰ ৰাজনৈতিক পৰিসৰত কংগ্ৰেছ দলৰ সংগঠনমূলক বিপৰ্য্যয়ৰ সময়ছোৱাতো পৰিয়ালকেন্দ্ৰিক ৰাজনীতি অব্যাহত থকাৰ অভিযোগে নতুনকৈ চৰ্চা লাভ কৰিছে। আগন্তুক বিধানসভা নিৰ্বাচনক লৈ প্ৰয়াত মন্ত্ৰী ডাঃ নজৰুল ইছলামৰ পৰিয়ালৰ দুই সদস্যই পৃথক দুটা সমষ্টিৰ পৰা…