নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

২০২৬ৰ নিৰ্বাচনত ৩০ৰ পৰা ৩৫খন আসনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব AIUDF-এ

"কংগ্ৰেছ ডুবন্ত নাও। ইয়াতে বহি থকা কোনো সাংবাদিকে কব পাৰিব নেকি কংগ্ৰেছে ২০/২২টাৰ ওপৰত আসন পাব! প্ৰশ্নই নুঠে। কোনো অংকই নাই।" এই দাবী ধুবুৰীৰ প্ৰাক্তন সাংসদ তথা এআইইউডিএফ চুপ্ৰিমো বদৰুদ্দিন আজমলৰ। উল্লেখ্য যে আজি ধুবুৰীৰ জিলা পুথিভঁৰাল…

বিজেপিৰ লক্ষ্য ৫০ শতাংশতকৈও অধিক ভোট : মই অখিল গগৈৰ এজন ‘বিগ ফেন’

ৰাইজৰ মাজত পুনৰবাৰ চৰ্চালৈ আহিছে শিৱসাগৰৰ বিধায়ক অখিল গগৈ। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই অখিল গগৈক লক্ষ্য কৰি কঠোৰ মন্তব্য কৰি কয় যে “অখিল গগৈ এতিয়া কেৱল ফেচবুকৰ নেতা। নিজৰ সমষ্টি ৰক্ষা কৰাৰ স্বাৰ্থতেই নিৰ্বাচনৰ আগতেই কংগ্ৰেছৰ ওচৰত…

লাহৰীঘাটত অবৈধ মাদ্ৰাছা উৎখাত আৰক্ষীৰ, ১৬ শিশু-কিশোৰক উদ্ধাৰ কৰি গতালে চাইল্ড লাইনক

নিয়মীয়া বাৰ্তা, ভূৰাগাঁও, ১৮ ডিচেম্বৰ : মৰিগাঁও জিলাৰ লাহৰীঘাটত আৰক্ষীয়ে উৎখাত কৰিলে এখন অবৈধ মাদ্ৰাছা। অবৈধ মাদ্ৰাছা উৎখাত কৰাত স্হানীয় অঞ্চলত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। আৰক্ষীয়ে উৎখাত কৰা অবৈধ মাদ্ৰাছাখন টেঙাগুৰি (জুগুনী বিল)ত স্হানীয়…

‘নিয়মীয়া বাৰ্তা’ৰ সম্পাদক নৰেশ কলিতালৈ ‘অমূল্য কলিতা সোঁৱৰণী সাংবাদিক বঁটা’

ৰাজ্যখনৰ সাহিত্য, সংস্কৃতি, সংবাদ মাধ্যম, স্বাস্থ্য তথা সামাজিকভাৱে অৰিহণা যোগোৱা ব্যক্তিলৈ চলিত বৰ্ষৰ পৰা প্ৰতিবছৰে বঁটা প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ কৰিছে নলবাৰী জিলাৰ ঘগ্ৰাপাৰ প্ৰেছ ক্লাবে। আজি এখন সংবাদ মেলযোগে এই ঘোষণা আগবঢ়াইছে ঘগ্ৰাপাৰ…

ছিপাঝাৰৰ লোকশিল্পী কৃষ্ণকান্ত নাথলৈ ৰাষ্ট্ৰীয় সন্মান, ওপজা ভূমিত উষ্ম আদৰণি

ছিপাঝাৰৰ দক্ষিণ চুবুৰি নিৱাসী এগৰাকী উদীয়মান লোকশিল্পী কৃষ্ণকান্ত নাথক প্ৰদান কৰা হৈছে ড০ বি আৰ আম্বেদকাৰ বঁটা। মূলতঃ অসমৰ এবিধ জনপ্ৰিয় লোককৃষ্টি নাগাৰা নামৰ পাঠক হিচাপে সাংস্কৃতিক ক্ষেত্ৰখনলৈ আগবঢ়োৱা অৱদানৰ স্বীকৃতি হিচাপেই এই…

ৰূপহীহাটৰ ভাটিয়াখালিত ভয়ংকৰ অগ্নিকাণ্ড, ৮ লক্ষাধিক টকাৰ ক্ষতি

ৰূপহীহাটৰ ১নং ভাটিয়াখালিত আজি পুৱতি নিশা এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয়। ১নং ভাটিয়াখালিৰ হবিবুৰ ৰহমানৰ ব্ৰইলাৰ ফাৰ্মত সংঘটিত হয় এই অগ্নিকাণ্ডৰ ঘটনা। উক্ত অগ্নিকাণ্ডৰ ফলত ব্ৰইলাৰ ফাৰ্মত থকা ১৭০০ ব্ৰইলাৰ মুৰ্গী জুইত জ্বলি ভস্মীভূত…

উৎকোচ লৈ হাত দাঙিলে গোলকগঞ্জৰ খণ্ড উন্নয়ন বিষয়াই…

উৎকোচ লৈ হাত দাঙিবলগীয়া হ'ল ধুবুৰীৰ গোলকগঞ্জৰ খণ্ড উন্নয়ন বিষয়া ৰতন সাহাই। জানিব পৰা মতে, গোলকগঞ্জ বাহাকাটী গাঁৱৰ অমৃত সৰোবৰ আঁচনিৰ অধীনত নিৰ্মাণ কৰা চাৰিসীমাৰ বেৰ নিৰ্মাণৰ বিল মোকলাই দিয়াৰ বিনিময়ত দেৱত্তৰ এন্টাৰপ্ৰাইজ নামৰ এটা…

২৪ ঘণ্টাৰ ভিতৰত ১৫ বিদেশীক ভাৰত ত্যাগৰ নিৰ্দেশ জিলা আয়ুক্তৰ

নগাঁও বিদেশী ন্যায়াধিকৰণ আদালতে নগাঁও জিলাৰ ১৫গৰাকী লোকক বিদেশী নাগৰিক হিচাপে চিনাক্ত কৰে। কালি নগাঁৱৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষকৰ (বি) পৰা এই সম্পৰ্কে পোৱা তথ্যৰ ভিত্তিত নগাঁও জিলা আয়ুক্তই কালিয়েই এক নিৰ্দেশযোগে এই ১৫গৰাকী বিদেশী নাগৰিকক ২৪…

খাৰঘুলিত ব্ৰহ্মপুত্ৰত উটি যোৱা আৰু এজনৰ মৃতদেহ উদ্ধাৰ

১০ ডিচেম্বৰত গুৱাহাটীৰ খাৰঘুলি অঞ্চলত ব্ৰহ্মপুত্ৰত উটি যোৱা চতুৰ্থ ব্যক্তিৰ মৃতদেহ বৃহস্পতিবাৰে উদ্ধাৰ কৰা হয়। উদ্ধাৰ কৰা মৃতদেহটো উজান বজাৰৰ বাসিন্দা, কমল চৌধুৰীৰ পুত্ৰ অভিজিত চৌধুৰী (২১)ৰ বুলি চিনাক্ত কৰা হৈছে। ইয়াৰ সৈতে এই ঘটনাত…

জাহ্নু বৰুৱালৈ তীৰ্থ ফুকন লোকসংস্কৃতি বঁটা…

বিশেষ বাৰ্তা, সোণাৰি, ১৮ ডিচেম্বৰ : ভাৰত চৰকাৰৰ পদ্মশ্ৰী, পদ্মভূষণ সন্মানেৰে সন্মানিত আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন চলচ্চিত্ৰ পৰিচালক জাহ্নু বৰুৱাক সাহিত্য অকাডেমি বঁটা বিজয়ী প্ৰখ্যাত সাহিত্যিক তীৰ্থ ফুকনৰ সৃষ্টিৰাজি সংৰক্ষণ, প্ৰচাৰ আৰু…