নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আকাশবাণীৰ ৯০ বছৰ উপলক্ষে ডিব্ৰুগড় অনাতাঁৰ কেন্দ্ৰৰ সংগীতানুষ্ঠান

আকাশবাণীৰ নব্বৈ বছৰীয়া পূৰ্তি উপলক্ষ্যে ডিব্ৰুগড় অনাতাঁৰ কেন্দ্ৰই বৃহস্পতিবাৰে সন্ধিয়া ডিব্ৰুগড়স্থিত শ্ৰীশ্ৰীআউনীআটী সত্ৰ প্ৰেক্ষাগৃহত ‘সুৰভিত ক্ষণ’ শীৰ্ষক এক সংগীতানুষ্ঠানৰ আয়োজন কৰে৷ আকাশবাণীৰ ঘোষিকা পপী দাসে আঁত ধৰা অনুষ্ঠানটোত অতিথি…

বিধানসভাৰ প্ৰ’টেম অধ্যক্ষ হিচাপে শপতগ্ৰহণ চন্দ্ৰমোহন পাটোৱাৰীৰ

অসম বিধানসভাৰ ১৬সংখ্যক অধিৱেশনৰ পূৰ্বে বৃহস্পতিবাৰে ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই চন্দ্ৰমোহন পাটোৱাৰীক প্ৰ’টেম অধ্যক্ষ হিচাপে শপতবাক্য পাঠ কৰায়। লোকসেৱা ভৱনৰ সন্মিলন কক্ষত অনুষ্ঠিত এক অনুষ্ঠানত এই শপতগ্ৰহণ কাৰ্য সম্পন্ন হয়। অনুষ্ঠানৰ…

২০২৭ চনৰ পৰা CBT পদ্ধতিত হ’ব NEET, ঘোষণা কেন্দ্ৰীয় শিক্ষামন্ত্ৰীৰ

ডিজিটেল ডেস্ক, ১৫ মে' : NEET পৰীক্ষাত প্ৰশ্নকাকত ফাদিলৰ ঘটনা ৰোধ কৰাৰ উদ্দেশ্যে আগন্তুক বছৰৰ পৰা সম্পূৰ্ণ সলনি হ’ব পৰীক্ষা পদ্ধতি। বহী-কলমৰ পৰিৱৰ্তে এতিয়াৰ পৰা কম্পিউটাৰ বেছড টেষ্ট (চিবিটি) পদ্ধতিত অনুষ্ঠিত হ’ব চিকিৎসা শিক্ষাৰ প্ৰৱেশিকা…

খাৰুপেটীয়া আৰক্ষী থানাত চাঞ্চল্যকৰ ঘটনা

খাৰুপেটীয়া আৰক্ষী থানাত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। হাতকেৰেয়াসহ এজন আচামী থানাৰ পৰা পলায়ন কৰাত সমগ্ৰ অঞ্চলটোত তীব্ৰ হাহাকাৰ সৃষ্টি হৈছে। প্ৰাপ্ত তথ্য অনুসৰি, মটৰ চুৰি কাণ্ডৰ সৈতে জড়িত থকাৰ অভিযোগত আৰক্ষীয়ে হাজোৰ হাছেম আলীক আটক কৰি…

সত্ৰনগৰী বৰপেটাৰ উন্নয়নৰ বাবে দীপক দাসক মন্ত্ৰিত্বৰ দাবী ৩ সত্ৰাধিকাৰৰ

বৰপেটাৰ নৱনিৰ্বাচিত বিধায়ক দীপক কুমাৰ দাসক ৰাজ্যিক মন্ত্ৰীসভাত অন্তৰ্ভুক্ত কৰাৰ দাবী উত্থাপন কৰিছে বৰপেটাৰ তিনিগৰাকী সত্ৰাধিকাৰে। এই সন্দৰ্ভত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মালৈ তেওঁলোকে এক সামূহিক আহ্বান জনাইছে। বৰপেটাৰ তিনিখন…

পাছপ’ৰ্ট কাণ্ডৰ নতুন মোৰ : গৌৰৱ গগৈ-ক জেৰাৰ বাবে মাতিব ক্ৰাইম ব্ৰাঞ্চে!

কংগ্ৰেছ নেতা গৌৰৱ গগৈ আৰু দলীয় অভিযোগৰ মাজত চলি থকা পাছপ’ৰ্ট কাণ্ডত নতুন ৰাজনৈতিক উত্তেজনা সৃষ্টি হৈছে। সূত্ৰৰ উদ্ধৃতি দি কোৱা হৈছে যে পৱন খেৰাক অসম আৰক্ষীৰ ক্ৰাইম ব্ৰাঞ্চে কৰা দীঘলীয়া জেৰাৰ সময়ত কিছুমান বিস্ফোৰক দাবী উত্থাপন হৈছে।…

চামগুৰিত বনৰীয়া হাতীৰ সন্ত্ৰাস, দুজনৰ প্ৰাণহানি

ডিজিটেল ডেস্ক, ১৫ মে' : নগাঁও জিলাৰ চামগুৰিত পুনৰ সৃষ্টি হৈছে আতংকময় পৰিস্থিতি। বন্যহস্তীৰ আক্ৰমণত দুজন লোকৰ মৃত্যু হোৱা ঘটনাই অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে। প্ৰাপ্ত তথ্য অনুসৰি, বন্যহস্তীৰ আক্ৰমণত বাজিয়াগাঁৱৰ ছৰিফুল ইছলাম নিহত হয়।…

২২ মে’ত শ্যামকানু মহন্তৰ জামিন আবেদনৰ পৰৱৰ্তী শুনানি

জুবিন গাৰ্গৰ মৃত্যু কাণ্ডক লৈ চলি থকা গোচৰত শ্যামকানু মহন্তৰ জামিন আবেদনৰ শুনানি আজি গুৱাহাটী উচ্চ ন্যায়ালয়ে গ্ৰহণ কৰে। ন্যায়াধীশ পাৰ্থিৱজ্যোতি শইকীয়াই শুনানিৰ পৰা নিজকে পৃথক কৰাৰ পিছত বিষয়টো ন্যায়াধীশ মিতালী ঠাকুৰীয়াৰ বিচাৰপীঠলৈ স্থানান্তৰ…

সোণাৰিৰ প্ৰাক্তন বিধায়িকা নৱনীতা সন্দিকৈৰ স্বামীৰ দেহাৱসান

স্বামীহাৰা হ'ল সোণাৰি সমষ্টিৰ প্ৰাক্তন বিধায়ক নৱনীতা সন্দিকৈ। সোণাৰি সমষ্টিৰ প্ৰাক্তন বিধায়িকা নৱনীতা সন্দিকৈৰ স্বামী ডা: ধ্ৰুবজ্যোতি সন্দিকৈয়ে যোৱানিশা চৰাইদেউ জিলাৰ সাপেখাতীত অৱস্থিত বাসভৱনত অন্তিম নিশ্বাস ত্যাগ কৰে। জনপ্ৰিয় শল্য…

দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণৰ পাছতে বটদ্ৰৱাত মুখ্যমন্ত্ৰী ড০ শৰ্মা

ডিজিটেল ডেস্ক, বটদ্ৰৱা, ১৫ মে' : দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণৰ পাছতে শুকুৰবাৰে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱা থানত উপস্থিত হয় মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা। পুৱাই জাতীয় সাজ পৰিধান কৰি মুখ্যমন্ত্ৰী ড০…