নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কোহলিৰ জন্মদিন : বিশেষ ফটোৰে শুভেচ্ছা জ্ঞাপন অভিনেত্ৰীপত্নী অনুষ্কাৰ

বিশেষ বাৰ্তা, ৫ নৱেম্বৰঃ তাৰকা ভাৰতীয় ক্ৰিকেটাৰ তথা ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক বিৰাট কোহলীয়ে আজি ৩৪ বছৰ সম্পূৰ্ণ কৰিলে। ১৯৮৮ চনৰ ৫ নৱেম্বৰত দিল্লীত জন্মগ্ৰহণ কৰিছিল তাৰকাৰগৰাকীয়ে। একে সময়তে বিৰাটৰ জন্মদিনত তেওঁৰ পত্নী তথা অভিনেত্ৰী অনুষ্কা শৰ্মাই তেওঁক বিশেষভাৱে শুভেচ্ছা জনায়। অনুষ্কাই ছ’চিয়েল মিডিয়াত নিজৰ মৰমৰ স্বামীৰ কিছু ছবি শ্বেয়াৰ কৰি জন্মদিনৰ শুভেচ্ছা জনায়। অনুষ্কা শৰ্মাই নিজৰ অফিচিয়েল ইনষ্টাগ্ৰামত বিৰাট কোহলীৰ গুফী ইমেজ ধাৰাবাহিকভাৱে পোষ্ট কৰিছে। বিৰাট কোহলিৰ মুখৰ ভাব এই ছবিবোৰত দেখাৰ যোগ্য। ফটোখন পোষ্ট কৰি অভিনেত্ৰীগৰাকীয়ে কেপচনত লিখিছে, “আপোনাৰ জন্মদিন মোৰ প্ৰেম, গতিকে স্পষ্টভাৱে মই এই পোষ্টটোৰ বাবে আপোনাৰ শ্ৰেষ্ঠ এংগল আৰু ছবি বাছি লৈছোঁ। আপোনাক প্ৰতিটো অৱস্থা, ৰূপ আৰু ধৰণেৰে ভাল পাওঁ।” একে সময়তে বাৰ্থডে বয় বিৰাট কোহলিয়েও পত্নী অনুষ্কাৰ এই পোষ্টটোত মন্তব্য কৰিছে। অনুষ্কাৰ এই পোষ্টটোত বিৰাটে হাঁহিৰ ইমোজি আৰু বহুতো হাৰ্ট ছাইড ইম’টিকনেৰে নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।

You might also like