নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাজকীয় আতিথ্যত খালিস্তানী নেতা! ডিব্ৰুগড় জেললৈ অমৃতপলৰ ব্যক্তিগত দেহৰক্ষী

বিশেষ বাৰ্তা,  ২৭ মাৰ্চ : ডিব্ৰুগড়লৈ আজি পুনৰ আহিল আন এগৰাকী উগ্ৰ খালিস্তানী সমৰ্থক নেতা। এইবাৰ খালিস্তানী সমৰ্থক সংগঠন ৱাৰিছ পঞ্জাৱ দে’ৰ মূৰব্বী তথা পলাতক অমৃত পাল সিঙৰ ব্যক্তিগত দেহৰক্ষী ৱৰিন্দৰ সিং জোহালক অনা হৈছে ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰলৈ। অতি কটকটীয়া নিছিদ্ৰ নিৰাপত্তা বেষ্টনীৰ মাজত ৬ খনকৈ নিৰাপত্তাৰক্ষী গাড়ীৰ কনভয়ৰ মাজেৰে ডিব্ৰুগড় বিমানবন্দৰৰ পৰা পোনে পোনে প্ৰায় ১৫ কিলোমিটাৰ দূৰত্বত অৱস্থিত ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰলৈ অনা হয় খালিস্তানী সমৰ্থকজনক। পঞ্জাৱ আৰক্ষীৰ এটা দলৰ সৈতে পুৱা প্ৰায় ১১.২০ বজাত ডিব্ৰুগড়ৰ মোহনবাৰী বিমানবন্দৰত অৱতৰণ কৰে উগ্ৰ খলিস্তানী নেতাৰ সহায়ক জনক কঢ়িয়াই অনা ভিষ্টাৰাৰ এখন বিমান। জানিব পৰা মতে, ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ অধীনত গোচৰ ৰুজু কৰি গ্ৰেপ্তাৰ কৰা ৱাৰিন্দৰ সিং জোহলক আজি পুৱতি নিশা পঞ্জাৱ আৰক্ষীয়ে টাৰ্ণ তৰণ জিলাৰ পৰা গ্ৰেপ্তাৰ কৰি কেইঘণ্টামানৰ পিছতে বিমানেৰে ডিব্ৰুগড় কাৰাগাৰলৈ লৈ আহে।ইতিমধ্যে ডিব্ৰুগড় কাৰাগাৰত ভৰ্তি হৈ থকা আন সাতজন ৱাৰিছ পঞ্জাৱ দে’ৰ সদস্যৰ সৈতে আজি ৮ গৰাকী খালিস্তানী উগ্ৰ সমৰ্থকলৈ বৃদ্ধি পালে।উল্লেখ্য যে সাত জনকৈ দুৰ্ধৰ্ষ খালিস্তানী সৰ্মথক তথা ৱাৰিছ পাঞ্জাৱ দে’ৰ নেতা ডিব্ৰুগড় কাৰাগাৰৰ ১৩ নম্বৰ চেলত পৃথকে পৃথকে ৰখা হৈছে। ডিব্ৰুগড়ৰ কেন্দ্ৰীয় কাৰাগাৰত উক্ত খালিস্তানী সমৰ্থকক ৰখাৰে পৰা কাৰাগাৰৰ ভিতৰে,বাহিৰে নিৰাপত্তা ব্যৱস্থা অধিক বৃদ্ধি কৰা হৈছে।তিনি তৰপীয়া কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰে নিশ্চিদ্ৰ পহৰাৰ ব্যৱস্থাও কৰা হৈছে।কাৰাগাৰৰ চৌদিশে বাহিৰত ২৪ ঘন্টাই অতিৰিক্ত পহৰা চকীৰ ব্যৱস্থা কৰাৰ লগতে ভিতৰৰ ভাগত সাতটাকৈ চি চি টিভি সংস্থাপন কৰা হৈছে। ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰত ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ অধীনত কাৰাবন্দী খালিস্তানী সমৰ্থক ক্ৰমে অমিতপাল সিঙৰ বিত্ত সহায়ক দলজিৎ কালসী, দেহৰক্ষী বসন্ত সিৎ ফৌজি, অন্যতম ঘনিষ্ঠ সহযোগী গুৰমিত সিৎ ভূষানৱালা, দুৰ্ধৰ্ষ উগ্ৰবাদী ভগৱন্ত সিং ওৰফে প্ৰধানমন্ত্ৰীক যোৱা ১৯ মাৰ্চত ডিব্ৰুগড়ৰ কেন্দ্ৰীয় কাৰাগাৰলৈ অনাৰ বিপৰীতে যোৱা ২১ মাৰ্চত খুড়াক তথা ব্যক্তিগত পৰামৰ্শদাতা আৰু বিত্তীয় সচিৱ হৰজিৎ সিং , কুলৱন্ত সিং ধালিৱাল আৰু গুৰিন্দৰপাল সিঙক অনা হৈছিল। উক্ত ৭ জন কাৰাবন্দীক ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰত ভিআইপি সদৃশ আতিথ্যত ৰখাৰ ব্যৱস্থা কৰিছে।তেওঁলোকক প্ৰত্যেককে ডানলপযুক্ত বিচনা,কালাৰ টিভি,ৰুচি অনুযায়ী বিলাসী খাদ্য,য’ত পাঞ্জাৱী পৰম্পৰাগত খাদ্যই অগ্ৰাধিকাৰ পোৱাৰ দৰে সকলো সুব্যৱস্থা কৰা হৈছে। তদুপৰি নিয়মীয়াকৈ কাৰাগাৰৰ ভিতৰতে অভিজ্ঞ চিকিৎসকৰ দ্বাৰা স্বাস্থ্য পৰীক্ষাৰো ব্যৱস্থা কৰা হৈছে।আজি ৱৰিন্দৰ সিঙৰ সৈতে কাৰাবন্দীৰ সংখ্যা আঠ জনলৈ বৃদ্ধি পালে।আনহাতে ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰলৈ আন কেইবাজনো খালিস্তানপন্থীক শ্ৰীঘেই অনা হব বুলি জানিব পৰা গৈছে।প্ৰাপ্ত তথ্য অনুসৰি আজি ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ অধীনত গ্ৰেপ্তাৰ হোৱা আৰু ডিব্ৰুগড়ৰ কেন্দ্ৰীয় কাৰাগাৰত সোমোৱা ৱৰিন্দৰ সিং জোহাল, অমৃতপল সিঙৰ ব্যক্তিগত বন্দুকধাৰী হোৱাৰ উপৰিও ডিব্ৰুগড় কাৰাগাৰলৈ স্থানান্তৰিত হোৱা শেহতীয়া ৱাৰিছ পঞ্জাৱ দেৰ সদস্যজন আনন্দপুৰ খালছা বাহিনী (এ কে এফ)ৰ কথিত প্ৰশিক্ষকও আছিল।যিটো অমৃতপাল সিঙে এখন পৃথক খালিস্তান ৰাজ্য গঠনৰ বাবে সশস্ত্ৰ সংগ্ৰাম চলাবলৈ উত্থাপন কৰা বুলি কোৱা হয়।পঞ্জাৱ আৰক্ষীয়ে পূৰ্বে উল্লেখ কৰিছিল যে এ কে এফৰ সদস্যসকলক গুলীচালনাৰ অনুশীলনকে ধৰি যুদ্ধ কলা আৰু অস্ত্ৰৰ প্ৰশিক্ষণ দিয়া হৈছিল। তদুপৰি এ কে এফৰ সদস্যসকলক বেল্ট নম্বৰো দিয়া হৈছিল, জ্যেষ্ঠতাৰ ওপৰত ভিত্তি কৰি।তাৎপৰ্যপূৰ্ণভাৱে পঞ্জাৱ আৰক্ষীয়ে চলি থকা দমন অভিযানৰ সময়ত ৱাৰিছ পঞ্জাব ডিৰ কৰ্মীসকলৰ পৰা ‘এ কে এফ’ সংক্ষিপ্ত ৰূপৰে লিখা কেইবাটাও বুলেটপ্ৰুফ জেকেট আৰু অস্ত্ৰ-শস্ত্ৰ জব্দ কৰা হৈছিল।

প্ৰেৰক বিভাস দুৱৰা

You might also like