নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আন্ধাৰত ডুব গ’ল পাকিস্তানৰ ৰাজধানী ইছলামাবাদ

নিয়মীয়া বাৰ্তা, ২৪ জানুৱাৰী: পাকিস্তানত খাদ্য সংকটৰ মাজতে এইবাৰ ভয়াৱহ বিদ্যুৎ সংকটে দেখা দিছে৷ ৰাষ্ট্রীয় গ্রিড বিপর্যয়ৰ ফলত আজি দেশখনৰ কেইবাখনো চহৰ হঠাতেই বিদ্যুৎহীন হৈ পৰিছে৷ বিদ্যুৎ সেৱা বন্ধ হৈ পৰিছে ইছলামাবাদ আৰু লাহোৰতো৷ বিদ্যুৎ যোগান শীঘ্রে স্বাভাৱিক কৰি তোলাৰ বাবে চেষ্টা চলোৱা হৈছে বুলি শক্তি মন্ত্রণালয়ে আশ্বাস দিছে যদিও এই বাতৰি যুগুতোৱাৰ পৰলৈ অন্ধকাৰত ডুব গৈ আছে কেইবাখনো চহৰ৷ ৰাষ্ট্রীয় পাৱাৰ গ্রিড বিপর্যয়ৰ বাবে পাকিস্তানৰ বিস্তীর্ণ অঞ্চলত বিদ্যুৎ সেৱা বিঘ্ণিত হোৱা বুলি শক্তি মন্ত্রণালয়ে টুইটাৰযোগে ঘোষণা কৰে যদিও ইয়াৰ পূর্বেই একাধিক বিদ্যুৎ সংস্থাই বিপর্যয়ৰ কথা প্রকাশ কৰি আহিছিল৷

You might also like