নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ইউৰোপত সমকামীয়ে বিয়পাইছে মাংকী পক্স

নিয়মীয়া বাৰ্তা, ৩০ মে’:  ক’ৰোনা মহামাৰীৰ পৰা এতিয়াও মুক্ত হোৱা নাই বিশ্ব৷ ইয়াৰ মাজতে চিকিৎসা বিশেষজ্ঞসকলৰ উদ্বেগ বৃদ্ধি কৰি বিভিন্ন দেশত সংক্রমণ বিয়পাইছে মাংকী পক্স ভাইৰাছে৷ শেহতীয়াকৈ বিশ্বৰ ১৯খন দেশলৈ বিয়পিছে মাংকী পক্সৰ সংক্রমণ৷ ইউৰোপীয় সংঘৰ ডিজিজ এজেঞ্চীৰ প্রকাশিত তালিকা অনুসৰি, আমেৰিকা, ইংলেণ্ড, কানাডা, অষ্ট্রেলিয়া, অষ্ট্রিয়া, বেলজিয়াম, ডেনমার্ক, ফিনলেণ্ড, ফ্রান্স, ইটালীসহ বিভিন্ন দেশলৈ মাংকী পক্স বিয়পি পৰিছে৷ আগন্তুক দিনত মাংকী পক্সে বিশ্বজুৰি আশংকা বৃদ্ধি কৰিব বুলি ধাৰণা কৰা হৈছে৷ বিশ্ব স্বাস্থ্য সংস্থাই ইতিমধ্যে সতর্কবাণী জাৰি কৰিছে৷

উল্লেখনীয় যে মাংকী পক্সৰ সংক্রমণৰ বিষয়টোক লৈ উদ্বিগ্ণ বিশ্ব স্বাস্থ্য সংস্থা৷ সংক্রমণৰ লক্ষণ দেখি চকু কপালত উঠিছে বহু বিশেষজ্ঞৰ৷ বিশ্ব স্বাস্থ্য সংস্থাৰ তৰফৰ পৰা বিশেষজ্ঞ ছিলভিয়া ব্রায়েণ্ডে উল্লেখ কৰা অনুসৰি, সমকামী লোকসকলৰ জৰিয়তে সংক্রমণ অধিক বৃদ্ধি পাইছে৷ গতিকে আগন্তুক দিনত আক্রান্ত লোকৰ সংখ্যা দ্রুতগতিত বৃদ্ধি পোৱাৰ আশংকা আছে৷ পর্তুগালত মাংকী পক্সত আক্রান্ত হৈছে ৭৬গৰাকী লোক৷ আক্রান্তসকলৰ আটাইবোৰেই পুৰুষ৷ এই লোকসকল সমকামী বুলি নিশ্চিত কৰিছে চিকিৎসা বিভাগে৷ সেইদৰে স্পেইনতো বহু সমকামী লোকৰ জৰিয়তে মাংকী পক্সৰ সংক্রমণ বৃদ্ধি পাইছে৷ স্মর্তব্য যে ১৯৫৮ চনত প্রথম বান্দৰৰ শৰীৰত মাংকী পক্সৰ উপস্থিতি ধৰা পৰিছিল৷ ১৯৭০ চনত প্রথম মানৱ শৰীৰত মাংকী পক্সৰ উপস্থিতি ধৰা পৰে যদিও তেতিয়াই ইয়াক বিপজ্জনক বুলি ঘোষণা কৰা হোৱা নাছিল৷

You might also like