নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জন্মৰ সময়ত মাতৃৰ পেটতে ছিগিল সন্তানৰ মূৰ

নিয়মীয়া বাৰ্তা, ২২ জুনঃ পাকিস্তানৰ হাস্পতালত সংঘটিত হৈছে শিহৰণকাৰী ঘটনা৷ প্রসৱ বেদনা আৰম্ভ হোৱাৰ পিছতে নিকটৱর্তী স্বাস্থ্যকেন্দ্রলৈ লৈ যোৱা হৈছিল এগৰাকী মহিলাক৷ কিন্তু এই স্বাস্থ্যকেন্দ্রত নাই কোনো স্ত্রী ৰোগ বিশেষজ্ঞ৷ এগৰাকী স্বাস্থ্য কর্মীয়ে সন্তান জন্ম দিয়াবলৈ গৈ ভয়াৱহ সমস্যাৰ সৃষ্টি কৰিলে৷ নৱজাতকৰ দেহৰ নিম্নাংশ যেতিয়া স্বাস্থ্যকর্মীৰ হাতত তেতিয়া মাতৃৰ গর্ভাশয়তে কেঁচুৱাটিৰ মূৰ ছিগি আহিল৷ দেওবাৰে চিকিৎসালয়ৰ গাফিলতিৰ বাবে কৰাচীৰ সমীপৱর্তী এখন গ্রামীণ হাস্পতালত এই ঘটনা সংঘটিত হোৱাৰ পিছতে সমগ্র অঞ্চলটোত সৃষ্টি হৈছে অস্থিৰতা৷ আনকি বর্তমান মৃত্যুৰ সৈতে যুঁজ দি থাকিবলগীয়া হৈছে ৩২ বছৰীয়া মহিলাগৰাকী৷ ইফালে, এই ঘটনাক লৈ উত্তেজনাৰ সৃষ্টি হোৱাৰ পিছতে প্রশাসনে তদন্তও ঘোষণা কৰিছে৷

You might also like