নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বৈচিত্ৰতা শুৱনি! বলীউডে কেনেকৈ আদৰিছে নাগাভূমিৰ এইগৰাকী নৱাগতা অভিনেত্ৰীক

বিশেষ বাৰ্তা, ২০ মেঃ হিন্দী চলচিত্ৰ উদ্যোগত বিশেষকৈ বলীউডত উত্তৰ-পূব ভাৰতৰ যুৱক-যুৱতীক ক’বলৈ গ’লে সুযোগেই দিয়া নহয়। মংগোলীয় চেহেৰাৰ যুৱতীক মূখ্য চৰিত্ৰত কোনেও নিবিচাৰে। কিন্তু দিনবোৰ সলনি হ’বলৈ লৈছে, চিন্তা-ধাৰাত পৰিৱৰ্তন আহিছে। বলীউডৰ এখন নতুন ছবি অনেক (ANEK)ৰ অভিনেত্ৰী আন্দ্ৰেয়া কেভিচুছাক উষ্ম আদৰণি জনাইছে বলীউডে। আয়ুষ্মান খুৰানাৰ বিপৰীতে মহিলা নায়িকা হিচাপে অভিনয় কৰিবলৈ ওলোৱা এই নৱাগতাৰ ঘৰ নাগালেণ্ডত। অনুভৱ সিনহাৰ পৰিচালনাত আইডোৰ চৰিত্ৰত অভিনয় কৰিব আন্দ্ৰেয়াই। এইগৰাকী উত্তৰ-পূবৰ অভিনেত্ৰীয়ে বি-টাউনৰ চুকে-কোণে মৰম লাভ কৰি আছে। তাপসী পান্নুৰ পৰা নীনা গুপ্তালৈকে নৱাগতা অভিনেত্ৰীক সহজ অনুভৱ কৰাৰ দায়িত্ব লৈছে তাৰকাসকলে। প্ৰবীণ অভিনেত্ৰী নীনা গুপ্তাই এখন ফটো শ্বেয়াৰ কৰিছে য’ত আন্দ্ৰেয়াই বগা শাড়ী পিন্ধি আছে। শাড়ীত লিখা আছে- জিতেগা কৌন? হিন্দুস্তান (কোনে জয়ী হ’ব? ভাৰত)।

 

View this post on Instagram

 

A post shared by Neena Gupta (@neena_gupta)

কেপচনত নীনা গুপ্তাই লিখিছে- Listen up India. Here’s “Aido” from ANEK. আমাৰ মনোৰোম নাগালেণ্ডৰ পৰা আন্দ্ৰেয়া কেভিচুছাক চিনাকী কৰাই দিছোঁ। তাইক মৰমেৰে ওপচাই দিয়ক ভাৰতবাসীয়ে। চিনেমা হলত ২৭ মে’ত আহি আছে অনেক। প্ৰত্যাহ্বানমূলক চৰিত্ৰত অভিনয় কৰি ভালপোৱা তাপসী পান্নুৱে আন্দ্ৰেয়া কেভিচুছাৰ বাবে এটা মন চুই যোৱা টোকা পোষ্ট কৰে। তাত লিখা আছে- বৈচিত্ৰতা সুন্দৰ। ঠিক আমাৰ দেশখনৰ দৰেই। আহকচোন আমাৰ চলচ্চিত্ৰ জগতখনত এই সুন্দৰ নৱাগতাক আদৰি লওঁ। সকলোৱে হৃদয়ৱান হওক। নাগালেণ্ডৰ পৰা অহা আন্দ্ৰেয়া কেভিচুছাক নমস্কাৰ জনাওক। অনেকৰ আইডোক চাওঁক। একেদৰে গেং অৱ ৱাছিপুৰ খ্যাত হুমা কুৰেশ্বী, দিয়া মিৰ্জা, ইশা তালৱাৰ আদিয়েও আন্দ্ৰেয়া কেভিচুছাক এই উদ্যোগলৈ আদৰণি জনাইছে।

You might also like