নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Tag

Featured

বিলাসীপাৰাত এনডিএ সমৰ্থিত প্ৰাৰ্থী জীৱেশ ৰায়ক সমৰ্থনৰ আহ্বান অগপ নেতৃত্বৰ

১০নং বিলাসীপাৰা সমষ্টিত এনডিএৰ প্ৰাৰ্থীৰ সমৰ্থনত জোৰদাৰ নিৰ্বাচনী প্ৰচাৰ চলালে কেবিনেট মন্ত্ৰী অতুল বৰা আৰু কেশৱ মহন্তই। দুয়োগৰাকী মন্ত্ৰীয়ে বিলাসীপাৰাৰ পৰা সাপটগ্ৰামলৈ গৈ এক বৃহৎ নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে। সভাত ভাষণ প্ৰদান কৰি…

বিজনীত বিপিএফৰ জয় নিশ্চিত : হাগ্ৰামা মহিলাৰীৰ দাবী

বিজনী সমষ্টিক লৈ আত্মবিশ্বাসী মন্তব্য আগবঢ়ালে বিপিএফ নেতা হাগ্ৰামা মহিলাৰীয়ে। তেওঁ স্পষ্টকৈ কয়— “বিজনী এশ শতাংশ, অকল বিজনী নহয়, ১৫টাৰ ১৫টাই এশ শতাংশই জয় নিশ্চিত। কোনো কম্প্ৰমাইজ নাই।” বিজনী জিলা কাৰ্যালয়ত দলীয় কৰ্মীৰ সৈতে অনুষ্ঠিত বৈঠকৰ…

ঢকুৱাখনা সমষ্টিত সমুখ সমৰত নৱ-আনন্দ, শাসক-বিৰোধীৰ প্ৰচাৰ অভিযান তুংগত

অহা ৯ এপ্ৰিলত অনুষ্ঠিত হ'ব বিধানসভা নিৰ্বাচন। ইতিমধ্যে এই নিৰ্বাচনক লৈ প্ৰতিটো ৰাজনৈতিক দলেই নিৰ্বাচনী প্ৰচাৰত নামি পৰিছে। ৭৭নং ঢকুৱাখনা বিধানসভা সমষ্টিত বিজেপি আৰু বিৰোধী কংগ্ৰেছ দলে ব্যাপক নিৰ্বাচনী তৎপৰতা আৰম্ভ কৰা দেখিবলৈ পোৱা গৈছে।…

নগাঁৱত নিশা পেট্ৰ’ল পাম্পত জিলা আয়ুক্ত দেৱাশিস শৰ্মাৰ আকস্মিক অভিযান

ৰাজ্যৰ প্ৰায় সকলো প্ৰান্ততে পেট্ৰ'ল-ডিজেলৰ হঠাতে বৃদ্ধি পোৱা চাহিদাৰ প্ৰতি লক্ষ্য ৰাখি নগাঁও জিলাত পেট্ৰ’ল-ডিজেলৰ মজুত তথা যোগানৰ বৰ্তমানৰ স্থিতি সন্দৰ্ভত চৰজমিন অনুসন্ধানৰ বাবে যোৱানিশা জিলা আয়ুক্ত দেৱাশিস শৰ্মাই এক আকস্মিক অভিযান চলায়।…

সোঁমাজতে ভাগিল শিৱসাগৰৰ দিখৌ নৈৰ দলং, উজনি-নামনিৰ যোগাযোগ বিচ্ছিন্ন

ডিজিটেল ডেস্ক, ২৭ মাৰ্চ : শিৱসাগৰ জিলাৰ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ অতি গুৰুত্বপূৰ্ণ দিখৌ নৈৰ ওপৰত থকা ঐতিহাসিক গেমন দলঙৰ এটা অংশ শুকুৰবাৰে পুৱতি নিশা ভাঙি পৰে। ইয়াৰ ফলত ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত যাতায়াত সম্পূৰ্ণৰূপে ব্যাহত হৈ পৰিছে। প্ৰায় এমাহ…

আইপিএলৰ উদ্বোধনী অনুষ্ঠান বাতিলৰ সিদ্ধান্ত ব’ৰ্ডৰ, কিয় ল’লে এই সিদ্ধান্ত ?

ডিজিটেল ডেস্ক, ২৭ মার্চ : শনিবাৰৰ পৰা আৰম্ভ হ’বলগীয়া আইপিএলৰ উদ্বোধনী অনুষ্ঠান বাতিল কৰিছে ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’র্ডে৷ বিগত বর্ষৰ ৪ জুনত ৰয়েলছ চেলেঞ্জার্ছ বেংগালুৰুৱে প্রথমবাৰৰ বাবে আইপিএলৰ খিতাপ জয়ৰ পিছত উদযাপিত বিজয় উৎসৱৰ সময়ত সৃষ্টি…

ছিউলীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হ’বনে একালৰ বিপিএফৰ দুর্গ

ডিজিটেল ডেস্ক, ২৭ মার্চ : আগন্তুক বিধানসভা নির্বাচনক কেন্দ্র কৰি বড়োভূমিৰ সদৰ কোকৰাঝাৰত ৰাজনৈতিক তৎপৰতা তীব্র হৈ পৰিছে৷ কোকৰাঝাৰ সমষ্টিৰ বাহিৰে জিলাখনৰ আন সকলো সমষ্টিত মূল প্রতিদ্বন্দ্বিতা বিজেপি–বিপিএফ–মিত্রজোঁট আৰু ইউপিপিএলৰ মাজতে হ’ব…

পেট্ৰ’ল-ডিজেলৰ আবকাৰী শুল্ক প্ৰতিলিটাৰত ১০ টকা হ্ৰাস, কেন্দ্ৰৰ ডাঙৰ সিদ্ধান্ত

ডিজিটেল ডেস্ক, ২৭ মাৰ্চ : মধ্যপ্ৰাচ্যত যুদ্ধৰ ফলত বিশ্ব বজাৰত তেলৰ দাম বৃদ্ধি পাইছে। বিশ্বজুৰি খাৰুৱা তেল যোগানৰ সংকটৰ মাজতে কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰিছে এটা ডাঙৰ সিদ্ধান্ত। শুকুৰবাৰে সংশ্লিষ্ট মন্ত্ৰালয়ে পেট্ৰ'ল আৰু ডিজেলৰ ওপৰত আবকাৰী…

মধ্যপ্ৰাচ্যৰ সংকট : আজি দেশৰ মুখ্যমন্ত্ৰীসকলৰে জৰুৰী বৈঠক মোদীৰ

ডিজিটেল ডেস্ক, ২৭ মার্চ : পশ্চিম এছিয়াৰ যুদ্ধ পৰিস্থিতিয়ে এমাহত ভৰি দিবলৈ ওলাইছে৷ তৈল ধমনী খ্যাত হৰমুজ প্রণালী ইৰানে বন্ধ কৰি দিয়াত ভাৰতত ইন্ধনৰ সংকটৰ আশংকা ঘনীভূত হৈ পৰিছে৷ ইৰানৰ সংঘাতৰ ফলত উদ্ভৱ হোৱা সংকট দীৰ্ঘদিনীয়া হ’ব পাৰে বুলি কৈ…

সম্পাদকীয় : ৰাজনৈতিক সততা আৰু শঠতা

দেশৰ চাৰিখন ৰাজ্য আৰু এখন কেন্দ্রীয়শাসিত অঞ্চলত এতিয়া নির্বাচনী বতৰ৷ এই চাৰিখন ৰাজ্যৰ ভিতৰতে এখন হিচাপে অসমতো এতিয়া ৰাজনৈতিক দলসমূহৰ মাজত নির্বাচনী তৎপৰতা তুংগত৷ দেশৰ সাংবিধানিক দস্তুৰ অনুসৰি প্রতি পাঁচ বছৰৰ মূৰে মূৰে অনুষ্ঠিত নির্বাচনসমূহ…