নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিজেপিৰ জন আশীর্বাদ যাত্রাত ৬ দিনত ১০ লাখৰ শুভাশিস মুখ্যমন্ত্রী ড০ শর্মাক

ডিজিটেল ডেস্ক, ৮ মার্চ : বিধানসভা নির্বাচনৰ দিন ঘোষণাৰ পূর্বেই ৰাজ্যবাসীৰ আস্থা–বিশ্বাস আৰু আশীর্বাদক নির্বাচনী যুঁজৰ অস্ত্রৰূপে পৰিগণিত কৰাৰ লক্ষ্যৰে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ নেতৃত্বত আৰম্ভ হোৱা জন আশীর্বাদ যাত্রা পর্যবসিত হৈছে…

ইজৰাইলী ক্ষেপণাস্ত্রৰ আঘাতত জ্বলিছে তেহৰান, মধ্যপ্রাচ্যত ৮ দিনে নির্বাপিত হোৱা নাই যুদ্ধৰ জুই

ডিজিটেল ডেস্ক, ৮ মার্চ : আঠ দিনৰ পিছতো মধ্যপ্রাচ্যত নির্বাপিত হোৱা নাই যুদ্ধৰ জুই৷ শনিবাৰে পুৱা ইজৰাইলী ক্ষেপণাস্ত্রৰ আঘাতত দাওদাওকৈ জ্বলিল তেহৰানৰ বিমানবন্দৰকে ধৰি একাধিক স্থান৷ ইৰানৰ ৰাজধানীৰ মেহৰাবাদ বিমানবন্দৰো ইজৰাইলী ক্ষেপণাস্ত্রৰ…

আহমেদাবাদত আজি বিশ্ব জয়ৰ শেষ ৰণ, ইতিহাস গঢ়াৰ লক্ষ্য টীম ইণ্ডিয়াৰ

ডিজিটেল ডেস্ক, ৮ মার্চ : প্রতীক্ষাৰ অন্ত৷ এমাহ ধৰি চলা টি–২০ বিশ্বকাপৰ চেম্পিয়ন দলক আদৰিবলৈ সাজু হৈছে বিশ্ববাসী৷ আহমেদাবাদৰ নৰেন্দ্র মোদী ষ্টেডিয়ামত আজি বিশ্ব জয়ৰ শেষ ৰণ৷ এই ৰণত নামিব ডিফেণ্ডিং চেম্পিয়ন টীম ইণ্ডিয়া আৰু নিউজিলেণ্ড৷ আজিৰ এই…

৮ মাৰ্চ : আজিৰ দিনটোৰ ৰাশিফল

আজি ৮ মাৰ্চ, ফাগুন মাহৰ ২৩ তাৰিখ, দেওবাৰ মেষ : পুৱা দহ বজালৈ কিছু সাৱধানে থকাটো ভাল৷ বিদ্যাত তেনে অসুবিধা নাই৷ কর্মব্যস্তসকলৰ কর্মকালত কিবা অশান্তি অনুভৱ৷ শৰীৰ সম্পর্কে সচেতন থাকক৷ আর্থিকত মজলীয়া৷ শুভ ৰং নীলা, শুভ সংখ্যা ২৷ বৃষ : কর্মাদিত…

কাইলৈ টি-২০ বিশ্বকাপৰ হাইভ’ল্টেজ ফাইনেল মেচ, সন্মুখ সমৰত ভাৰত-নিউজিলেণ্ড

ডিজিটেল ডেস্ক, ৭ মাৰ্চ : দীৰ্ঘদিনীয়া যুঁজৰ অন্তত কাইলৈ টি-২০ বিশ্বকাপৰ ফাইনেল খেলখন অনুষ্ঠিত হ'ব। ইতিমধ্যে ভাৰত আৰু নিউজিলেণ্ডে ফাইনেলত প্ৰৱেশ কৰিছে। আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত ভাৰত-নিউজিলেণ্ডৰ মাজত অনুষ্ঠিত হ’ব টি-২০ বিশ্বকাপ…

ছমৰীয়াৰ বামুণবড়ীত বাংলা ইটাভাতাত প্ৰশাসনৰ বুলড’জাৰ

কামৰূপৰ ছমৰীয়া ৰাজহ চক্ৰৰ অন্তৰ্গত কেইবাখনকৈ গাঁৱত একাংশই কাঠফুলাৰ দৰে বহুদিনৰ পৰা অবৈধভাৱে চলাই আহিছে বাংলা ইটাৰ ব্যৱসায় | প্ৰতিবছৰে এবাৰ-দুবাৰ প্ৰশাসনে এই ইটা ব্যৱসায়ৰ বিৰুদ্ধে অভিযান চলায় যদিও পুনৰ অভিযানৰ পাছতেই বন্ধ হোৱাৰ পৰিৱৰ্তে…

জন আশীৰ্বাদ যাত্ৰা : সৰুপথাৰত ত্ৰিশ সহস্ৰাধিকে আদৰণি জনালে মুখ্যমন্ত্ৰী ড০ শৰ্মাক

ডিজিটেল ডেস্ক, ৭ মাৰ্চ : সৰুপথাৰ সমষ্টিবাসীৰ মৰম আৰু আশীৰ্বাদক সদায় মনত ৰখাৰ লগতে এই মৰমক বিকাশৰ নতুন দিগন্তৰে ঘূৰাই দিয়াৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ৷ ৰাজ্যত মুখ্যমন্ত্ৰীয়ে আৰম্ভ কৰা জন আশীৰ্বাদ যাত্ৰাৰ…

তিনিচুকীয়াৰ লাইপুলিত চলন্ত ৰে’লে মহটিয়ালে বাহন

আজি তিনিচুকীয়াৰ লাইপুলিত এখন চলন্ত ৰে'লে এখন মালবাহী বাহনক মহটিয়াই নিয়া ঘটনাই তিনিচুকীয়াত তীব্ৰ চাঞ্চল্য বিৰাজ কৰে ৷ ঘটনা অনুসৰি, নিউ তিনিচুকীয়া ৰে’লৱে ষ্টেচনৰ পৰা ওলাই যোৱা এখন ৰে’লে লাইপুলিত এখন টাটা ইণ্ট্ৰা বাহনক মহটিয়াই লৈ যায় বহু…

কাছাৰৰ বদৰপুৰত কোটি টকাতকৈও অধিক মূল্যৰ মুকুতাসহ গ্ৰেপ্তাৰ এজন

কাছাৰ জিলাৰ বদৰপুৰ ৰে'ল ষ্টেচনত অভিযান চলাই বিপুল পৰিমাণৰ মুকুতাসহ এজন সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিছে ৰে'ল আৰক্ষীয়ে। জানিব পৰা মতে, অভিযানত মুঠ ৬৯৯টা মুকুতা উদ্ধাৰ কৰা হৈছে। ধৃত সৰবৰাহকাৰীজন মিজোৰামৰ বাসিন্দা থাং চিয়ান মুয়াং। আৰক্ষীৰ সূত্ৰ…

শোকাৱহ… পেঙেৰীত নিশা বন্যহস্তীৰ আক্ৰমণত মাতৃ-পুত্ৰৰ প্ৰাণহানি

ডিজিটেল ডেস্ক, ৮ মাৰ্চ : তিনিচুকীয়া জিলাৰ পেঙেৰী অঞ্চলত শুকুৰবাৰে নিশা বন্যহস্তীৰ আক্ৰমণত এগৰাকী মহিলা আৰু তেওঁৰ পুত্ৰৰ মৃত্যু হয়। পেঙেৰীৰ ব্ৰহ্মাজান চাহ বাগিচাৰ ছয় নম্বৰ লাইনত সংঘটিত এই ঘটনাই সমগ্ৰ অঞ্চলত শোকৰ ছাঁ পেলাইছে। শুকুৰবাৰে নিশা…