নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৭ অক্টোবৰত ৰাজ্যৰ ছবিগৃহত বেলকনিত ভগৱান : গুৱাহাটী প্ৰেছ ক্লাবত অফিচিয়েল ট্ৰেইলাৰ মুকলি

বিশেষ বাৰ্তা, ২৭ ছেপ্টেম্বৰঃ আজি গুৱাহাটী প্ৰেছ ক্লাবত চিনে-প্ৰেমী ৰাইজৰ উপস্থিতিত এই বছৰৰ বহু চৰ্চিত তথা সমগ্ৰ বিশ্বৰে বহু কেইটা উল্লেখযোগ্য চলচ্চিত্ৰ মহোৎসৱত অংশগ্ৰহণ কৰি পুৰস্কৃত হৈ চৰ্চিত হোৱা  ‘বেলকনিত ভগৱান (God On The Balcony)’ নামৰ অসমীয়া চলচ্চিত্ৰখনৰ ‘অফিচিয়েল ট্ৰেইলাৰ’ মুকলি কৰা হয়। চলচ্চিত্ৰখনৰ ‘অফিচিয়েল ট্ৰেইলাৰ’ উন্মোচন কৰে পদ্মশ্ৰী ড° সূৰ্য্যকান্ত হাজৰিকা আৰু চলচ্চিত্ৰ সমাজ অসমৰ সভাপতি ডা° হিতেশ বৰুৱাই। লগতে বিশিষ্ট অতিথি হিচাপে উপস্থিত আছিল অভিনেতা জয়ন্ত ভাগৱতী. কণ্ঠ শিল্পী চয়নিকা ভূঞা , অভিনেতা অৰুন হাজৰিকা আদি। আন্তৰ্জাতিক খ্যাতি সম্পন্ন পৰিচালক বিশ্বজিৎ বৰাৰ দ্বাৰা পৰিচালিত ‘বেলকনিত ভগৱান’ ৭ অক্টোবৰত সমগ্ৰ অসমত মুক্তি লাভ কৰিব আৰু ইতিমধ্যে চলচ্চিত্ৰখনৰ প্ৰতি দৰ্শক ৰাইজৰ আগ্ৰহ বাঢ়িছে। মাইনা প্ৰডাকচনৰ হৈ চলচ্চিত্ৰখন প্ৰযোজনা কৰিছে “জেতুকা পাতৰ দৰে” চলচ্চিত্ৰখনৰ বাবে ৰজত কমল প্ৰাপক প্ৰযোজক, সাহিত্যিক নুৰুল চুলতানে৷ অসমবাসীৰ বাবে অতিকৈ আনন্দ আৰু গৌৰৱৰ বিষয় যে চলচ্চিত্ৰখনৰ সম্পূৰ্ণ স্বত্ব আমেৰিকাৰ বিখ্যাত Distribution company “SHORELINE ENTERTAINMENT”-এ আঠ বছৰৰ বাবে ক্ৰয় কৰিছে, যিটো অসমীয়া চলচ্চিত্ৰৰ ক্ষেত্ৰত বিৰল । ভাৰতৰ অন্যতম উল্লেখযোগ্য আৰু বৃহত্তম চলচিত্ৰ মহোৎসৱ  ‘২৬ তম কলকতা আন্তৰ্জাতিক চলচ্চিত্ৰ মহোৎসৱ’ ৰ ‘NATIONAL COMPETITION ON INDIAN LANGUAGE’ শাখাৰ বাবে নিৰ্বাচিত হৈ ‘Golden Royal Bengal’ বঁটাৰে ‘ শ্রেষ্ঠ পৰিচালকৰ’ বঁটা পোৱাৰ পিছৰে পৰা চর্চালৈ অহা ‘বেলকনিত ভগৱান’ নামৰ অসমীয়া চলচ্চিত্ৰখনে লাভ কৰিছে বিশ্বৰ বহু মহোৎসৱত ভাগ লৈ  এটাৰ পিছত এটাকৈ সন্মান। তাৰ পিছতেই শেহতীয়াকৈ ‘বেলকনিত ভগৱান’ কথাছবিখনে ” ১৩তম Bangalore international film festival ২০২২” ত Asian cinema competition শাখাত ‘শ্ৰেষ্ঠ এছিয়ান কথাছবি’ ৰূপে সন্মানিত হৈ দেশলৈ গৌৰৱ কঢ়িয়াই আনে। লগতে অসম বাসীৰ বাবে অতি সুখবৰ যে “বেলকনিত ভগৱান” চলচ্চিত্ৰখনে ইতিমধ্যে এটি আমেৰিকাৰ বিখ্যাত চলচ্চিত্ৰ বিতৰকৰ দৃষ্টি আকৰ্ষণ কৰি অসম বাসীৰ বাবে গৌৰৱ কঢ়িয়াই আনিছে। এছিয়া তথা পৃথিৱীৰ ভিতৰতে উল্লেখযোগ্য ‘২৪ সংখ্যক সাংঘাই আন্ত:ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ, ২০২১’,  ‘নিউয়ৰ্ক ইণ্ডিয়ান চলচ্চিত্ৰ মহোৎসৱ, ২০২১’ জাৰ্মানীৰ উল্লেখযোগ্য চলচ্চিত্ৰ মহোৎসৱ ’18th Indian film festival of Stuttgart, 2021′ ব্রাজিলৰ ‘Lasa international film festival, Spain, London, Barcelona, Melbourne ‘ Official Selection’ হোৱাৰ উপৰিও অসম বাসীৰ বাবে গৌৰৱৰ বিষয় যে  ‘বেলকনিত ভগৱানে’ ‘লণ্ডন, মেলবৰ্ন, ব্রাজিল আদিত বঁটা পাবলৈ সক্ষম হৈছে,  ইফালে জাৰ্মানীৰ মহোৎসৱ খনত ‘শ্রেষ্ঠ কথাছবিৰ’ ‘German Star of India’ বঁটাৰ বাবে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে। চলচ্চিত্ৰখনে এতিয়ালৈকে প্ৰায় ২৯ টা গুৰুত্বপূৰ্ণ আন্ত:ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত অংশগ্ৰহন কৰি প্ৰায় ৯ টা উল্লেখযোগ্য আন্ত:ৰাষ্ট্ৰীয় পুৰস্কাৰ পাবলৈ সক্ষম হৈছে। চলচ্চিত্ৰখনত মূখ্য চৰিত্ৰত অভিনয় কৰিছে বলীউডৰ কেইবাখনো ছবি ক্ৰমে য়াহা, কমিনে, মিডনাইটচ চিলড্ৰেন, গেংগচ অৱ ৱাছিপুৰ আদিত অভিনীত হাৰিশ খান্নাই। লগতে ইয়াত আন দুটা  মুখ্য চৰিত্ৰত অভিনয় কৰিছে  প্ৰণামী ভাৰথী আৰু পৰিনান্ধি জিমা চুলতানাই। ইয়াৰ উপৰিও অৰুণ হাজৰিকা,  ৰাজীৱ ক্ৰ’, শোণিত বৰা, সাংবাদিক ইভা মহন্ত, পবিত্ৰ বৰুৱা, গৌৰী শংকৰ ভূঞা, যতীন খনিকৰ, বিনোদ লাল দাস, অজয় ভৰালী, আলোক বৰুৱা, জ্যোতিষ্মান কাশ্যপ আদিৰ লগতে জেষ্ঠ অভিনেতা দীনেশ দাস, জেষ্ঠ অধিবক্তা বিজন মহাজন আৰু সাংবাদিক ৰাজদ্বীপ বাইলুং বৰুৱায়ো অভিনয় কৰিছে এই ছবিখনত। উল্লেখযোগ্য যে ৰাজ্য চৰকাৰৰ কৃষিমন্ত্ৰী অতুল বৰায়ো এটা গুৰুত্বপূৰ্ণ ভুমিকা পালন কৰিছে।

You might also like