নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আফগানিস্তানৰ বিস্ফোৰণত তালিবান নেতাসহ নিহত ১৯

নিয়মীয়া বাৰ্তা, ৩ ছেপ্টেম্বৰঃ আফগানিস্তানত তালিবানৰ ক্ষমতা এবছৰ উকলি যোৱাৰ পিছতো দেশখনত পৰিস্থিতি শান্ত হোৱা নাই৷ বৰঞ্চ প্রতিদিনে সংঘর্ষজর্জৰ আফগানিস্তানৰ পৰিস্থিতি অধিক ভয়াৱহ হৈ পৰিছে৷ শেহতীয়াকৈ কুখ্যাত ইছলামিক ষ্টেট জেহাদীয়ে বিভিন্ন স্থানত বোমা বিস্ফোৰণ আৰম্ভ কৰিছে৷ এতিয়ালৈকে এটা বছৰত বিস্ফোৰণত প্রাণ হেৰুৱাইছে তিনি সহস্রাধিক লোকে৷ আজি পুনৰ দেশখনৰ হেৰাট প্রদেশৰ মছজিদ এটাত সংঘটিত বিস্ফোৰণত তালিবানৰ শীর্ষস্থানীয় ধর্মীয় নেতা এগৰাকীসহ ১৯গৰাকী লোক নিহত হৈছে৷ এই ঘটনাত আহত হৈছে অন্য ২৫গৰাকী লোক৷ তাৎক্ষণিকভাৱে এই বিস্ফোৰণৰ দায়িত্ব কোনো জেহাদী গোটে স্বীকাৰ কৰা নাই যদিও এই ঘটনাত ইছলামিক ষ্টেট জড়িত থকা বুলি দাবী কৰিছে তালিবানে৷ আজি দুপৰীয়াৰ নামাজ চলি থকা সময়তে গুজাৰগহ মছজিদত সংঘটিত হয় এই নৰসংহাৰ৷ এই বিস্ফোৰণত তালিবানৰ ধর্মীয় নেতা তথা মছজিদটোৰ ইমাম মুজিব ৰহমান আনছাৰিসহ তেওঁৰ কেইবাজনো ৰক্ষী নিহত হয়৷ ইয়াৰ উপৰি নামাজত অংশগ্রহণ কৰা কেইবাগৰাকীও অসামৰিক লোক নিহত হোৱা বুলি সংবাদ মাধ্যমে সদৰী কৰিছে৷ তালিবানৰ মুখপত্র জাবিহুল্লা মুজাহিদে এই বিস্ফোৰণত জড়িত দুষৃকতিকাৰীক কঠোৰ শাস্তি প্রদান কৰা হ’ব বুলি ঘোষণা কৰিছে যদিও সমগ্র অঞ্চলটোত সৃষ্টি হৈছে আতংক৷

You might also like