নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাছিয়াৰ নেতৃত্বত পুটিনৰ চেহেৰাৰ ‘নকল’ নেতা!

নিয়মীয়া বাৰ্তা, ২৪ মাৰ্চ: ৰুছ ৰাষ্ট্রপতি ভ্লাডিমিৰ পুটিনৰ অবিকল চেহেৰাৰ এজন লোকে ইউক্রেইনৰ দখলীকৃত চহৰ মাৰিউপল ভ্রমণ কৰিছিল৷ অলপতে ৰুছ ৰাষ্ট্রপতি পুটিনৰ চেহেৰাৰ সৈতে ১০০ শতাংশ সাদৃশ্য থকা লোক এগৰাকীয়ে মাৰিউপল চহৰ ভ্রমণ কৰা বুলি ৰাছিয়াৰ ছ’চিয়েল মিডিয়াত দাবী কৰিছে একাংশ লোকে৷ ৰুছ ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱা এক ভিডি’ত দেখিবলৈ পোৱা গৈছে যে মস্কোৰ পৰা ক্রিমিয়াত গৈ উপস্থিত হোৱাৰ সময়লৈ দুবাৰকৈ কাণৰ লটি সলনি হৈছে পুটিনৰ৷ মাৰিউপলত পুটিনৰ বেশত কোনো অন্য লোকে উপস্থিত হৈ সেনা বিষয়াসকলৰ সৈতে কথা পাতিছিল বুলিও দাবী কৰা হৈছে এই ভিডিঅ’টোত৷ ভিডিঅ’টোত দাবী কৰা অনুসৰি ৰুছ ৰাষ্ট্রপতিৰ নকল কেইবাজনো নেতা আছে মস্কোত৷ প্রকৃততে ৰাছিয়া কোনে শাসন কৰিছে বুলিও একাংশ মহলে প্রশ্ণৰ অৱতাৰণা কৰিছে৷

ইফালে ৰাছিয়াই দখল কৰা ইউক্রেইনৰ মাৰিউপল চহৰ পুটিনৰ স্থানত কোনে গৈ ভ্রমণ কৰিলে বুলিও বিভিন্ন মহলে প্রশ্ণ তুলিছে৷ কিন্তু এই বিষয়বোৰ সন্দর্ভত ক্রেমলিন প্রশাসনে কোনোধৰণৰ গুৰুত্ব প্রদান কৰা নাই৷ লক্ষণীয়ভাৱে পাশ্চাত্যৰ সংবাদ মাধ্যমে বিভিন্ন সময়ত পুটিন গুৰুতৰভাৱে অসুস্থ হোৱা বুলি দাবী কৰিছিল৷ এতিয়া একাংশ ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীয়ে পুটিনৰ অৱর্তমানত অন্য নেতাই ৰাছিয়াক নেতৃত্ব দি থকা বুলি দাবী কৰিছে৷

You might also like