নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বার্ষিক ২২ শতাংশ ধ্বংস ব্রাজিলৰ আমাজান বর্ষাৰণ্য

নিয়মীয়া বাৰ্তা, ২০ নৱেম্বৰ:  ব্রাজিলৰ আমাজন বর্ষাৰণ্য প্রতিবছৰে ধ্বংসৰ গৰাহত পৰিছে৷ শেহতীয়া তথ্য মতে ব্রাজিলৰ আমাজানৰ বনাঞ্চল বছৰি ২২ শতাংশকৈ ধ্বংস হৈ আছে৷ বিগত ১৫ বছৰৰ ভিতৰত ২০২০–২১ বর্ষত সর্বাধিক বনাঞ্চল ধ্বংস হৈছে৷ ব্রাজিলৰ মহাকাশ গৱেষণা সংস্থাই প্রকাশ কৰা মতে আমাজনৰ বর্ষাৰণ্যৰ ধ্বংসলীলা বার্ষিক ২২ শতাংশকৈ বৃদ্ধি পাইছে৷ বিশ্বৰ বৃহত্তম বর্ষাৰণ্য হিচাপে স্বীকৃত তিনি নিযুত প্রজাতিৰ গছ–গছনি আৰু জীৱ–জন্তুৰ বসতিস্থল আমাজন বর্ষাৰণ্যই ২০২০–২১ বর্ষত ১৩,২৩৫ বর্গ কিলোমিটাৰ বনাঞ্চল হেৰুৱাইছে৷ ২০০৬ চনৰ পিছত এই বর্ষটোত সর্বাধিক বনাঞ্চল ধ্বংসৰ কৱলত পৰিছে৷

মন কৰিবলগীয়া যে আমাজন বর্ষাৰণ্যত এক নিযুত খিলঞ্জীয়া লোকে বসবাস কৰি অহাৰ পৰিপ্রেক্ষিতত এই লোকসকলক প্রলোভনেৰে একাংশ অসাধু ব্যৱসায়ীয়ে বনাঞ্চল ধ্বংসত উৎসাহিত কৰি আহিছে৷ দেশখনৰ পৰিৱেশ মন্ত্রী জেকুইম লেইটে প্রকাশ কৰা মতে ২০২০–২১ বর্ষৰ বনাঞ্চল ধ্বংসৰ তথ্য অতি প্রত্যাহ্বানমূলক হৈ উঠিছে৷ দেশৰ চৰকাৰে বনাঞ্চল ধ্বংস ৰোধ কৰাৰ বাবে কঠোৰ পদক্ষেপ গ্রহণ কৰিব লাগিব৷

গুৰুত্বপূর্ণ যে দেশখনৰ ৰাষ্ট্রপতি জেইৰ ব’লছ’নাৰোৰ কার্যকালত কৃষিকার্য আৰু খনন কার্যকলাপত অধিক গুৰুত্ব দিয়াৰ পৰিপ্রেক্ষিতত বর্ষাৰণ্যখনৰ বনাঞ্চল ধ্বংসৰ অভিযান বৃদ্ধি পাইছে৷ আমাজন বর্ষাৰণ্যৰ পাৰিপার্শ্বিকতাই দাঁতিকাষৰীয়া অনেক দেশৰ পৰিৱেশৰ ওপৰত প্রভাৱ পৰে বাবেই বনাঞ্চল ধ্বংস প্রক্রিয়াই দেশকেইখনলৈ অশনি সংকেত কঢ়িয়াই আনিছে৷ উনুকিয়াও যে স্কটলেণ্ডৰ গ্লাছগ’ চহৰত ৰাষ্ট্রসংঘৰ ক’প–২৬ জলবায়ু সন্মিলনত বনাঞ্চল ধ্বংস ৰোধৰ বাবে বিশ্বৰ শতাধিক দেশে প্রতিজ্ঞাত স্বাক্ষৰ কৰিছিল৷ ক’প–২৬ৰ এই প্রতিজ্ঞাত স্বাক্ষৰ কৰা অন্যতম দেশ ব্রাজিল৷ এই প্রতিজ্ঞা অনুসৰি ২০৩০ চনৰ ভিতৰত বনাঞ্চল ধ্বংস প্রতিৰোধ কৰাৰ লগতে ধ্বংস হৈ যোৱা বনাঞ্চল পুনৰ উজ্জীৱিত কৰাৰ লক্ষ্য স্থিৰ কৰা হৈছে৷ এই প্রতিজ্ঞাৰ সময়তে ব্রাজিলৰ আমাজন বর্ষাৰণ্যত চলি থকা ভয়াৱহ ধ্বংসলীলা পোহৰলৈ আহিছে৷ ব্রাজিল চৰকাৰে এই বর্ষাৰণ্যখনত চলি থকা ধ্বংস অভিযান ৰোধ কৰাৰ বাবে কঠোৰ পদক্ষেপ গ্রহণ কৰাৰ ইংগিত দিছে৷

You might also like