নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাৰত বিভাজনৰ বাবে কংগ্রেছৰ নেতাই দায়ী

নিয়মীয়া বাৰ্তা, ১৩ নৱেম্বৰঃ  অহা বর্ষত অনুষ্ঠিত হ’বলগীয়া উত্তৰ প্রদেশৰ বিধানসভা নির্বাচনৰ প্রাক্মুহূর্তত সাম্প্রদায়িক বক্তব্যই ৰাজ্যৰ ৰাজনীতি উত্তাল কৰি তুলিছে৷ ছুহেলদেৱ ভাৰতীয় সমাজ পার্টীৰ মুৰব্বী অ’পি ৰাজভৰে দেশ বিভাজন নহ’লে ভাৰতৰ প্রথম প্রধানমন্ত্রী মহম্মদ আলী জিন্না হ’লহেঁতেন বুলি কৰা মন্তব্যই ৰাজ্যখনত ৰাজনৈতিক দলসমূহৰ মাজত তীব্র বাক্–বিতণ্ডাৰ সৃষ্টি কৰিছে৷ ৰাজভৰৰ মন্তব্যৰ প্রতিক্রিয়া ব্যক্ত কৰি এইবাৰ এআইএমআইএমৰ মুৰব্বী আছাদুদ্দিন অ’ৱেইছিয়ে ১৯৪৭ চনত ভাৰত বিভাজনৰ বাবে কংগ্রেছৰ সেই সময়ৰ নেতাকেই দায়ী বুলি মন্তব্য আগবঢ়াইছে৷ কংগ্রেছক দেশ বিভাজনৰ দায়ী হিচাপে মন্তব্য কৰা অ’ৱেইছিয়ে কয়–‘ৰাষ্ট্রীয় স্বয়ংসেৱক সংঘ (আৰএছএছ),বিজেপি আৰু সমাজবাদী পার্টী, যিয়ে বিভাজনৰ ইতিহাস পঢ়া নাই, তেওঁলোকক প্রত্যাহ্বান জনাইছোঁ যে দেশ বিভাজন মুছলিমৰ বাবে হোৱা নাছিল৷ কিন্তু এই বিভাজন হৈছিল জিন্নাৰ বাবে৷ সেই সময়ত কেৱল সেইসকল মুছলিমে ভোট প্রদান কৰিব পাৰিছিল, যিসকল প্রভাৱশালী, বিশেষকৈ নৱাব আৰু ডিগ্রীধাৰী৷ সেই সময়ত কংগ্রেছৰ নেতাসকলেই এই বিভাজনৰ বাবে দায়ী৷ মোৰাদাবাদত এখন ৰাজহুৱা সভা সম্বোধন কৰি এআইএমআইএমৰ মুৰব্বী অ’ৱেইছিয়ে দেশ বিভাজনৰ বাবে মুছলিমসকলক জগৰীয়া কৰা উচিত নহয় বুলিও মন্তব্য কৰে৷ কংগ্রেছৰ উপৰি দেশ বিভাজনৰ বাবে আৰএছএছ দায়বদ্ধ বুলি অভিযোগ কৰে অ’ৱেইছিয়ে৷ মন কৰিবলগীয়া যে সমাজবাদী পার্টীৰ মুৰব্বী অখিলেশ যাদৱে পাকিস্তানৰ প্রতিষ্ঠাতা মহম্মদ আলী জিন্নাক স্বাধীনতা যুঁজাৰু মহাত্মা গান্ধী, বল্লভভাই পেটেল আৰু জৱাহৰলাল নেহৰুৰ সৈতে সমকক্ষ বুলি বক্তব্য আগবঢ়াই ৰাজ্যখনৰ ৰাজনীতি উত্তাল কৰিছিল৷

You might also like