নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ব্ৰাজিলত বিমান দুৰ্ঘটনাগ্ৰস্তঃ ৪ জন ব্ৰাজিল ফুটবলাৰৰ মৃত্যু

নিয়মীয়া বাৰ্তা, ২৫ জানুৱাৰীঃ ক’ৰোনা ভাইৰাছ পজিটিভ অহাৰ বাবে দলৰ পৰা পৃথকে ভ্ৰমণ কৰি থকা ব্ৰাজিল ফুটবল ক্লাবৰ পালমাছৰ চাৰিজন ফুটবলাৰৰ বিমান দুৰ্ঘটনাত মৃত্যু ঘটে। বিমানখন উত্তৰ প্ৰান্তৰ বিমানবন্দৰত উৰণৰ সময়তে ৰাণৱেৰ পৰা পিছলি গৈছিল। এই দুৰ্ঘটনাত পালমাছ ক্লাবৰ সভাপতি আৰু পাইলটজনৰো মৃত্যু ঘটে।

উল্লেখ্য যে ক্লাবটোৰ খেলুৱৈসকলে ভিলা নোভাৰ বিৰুদ্ধে এখন খেলত অংশ ল’বলৈ গোয়নিয়ালৈ যাত্ৰা কৰিছিল।

ক্লাবৰ প্ৰবক্তা ইজাবেলা মাৰ্টিন্সে সংবাদ মাধ্যমক সদৰী কৰা মতে, খেলুৱৈসকলে ব্যক্তিগত বিমানত যাত্ৰা কৰিছিল কাৰণ তেওঁলোকৰ দেহত কভিড-১৯ পজিটিভ পোৱা গৈছিল।

মাৰ্টিন্সে লগতে কয় যে, দেওবাৰে তেওঁলোকৰ আইছ’লেচনৰ অন্তিম দিন আছিল। মৃতসকলৰ ভিতৰত আছে ক্লাবৰ সভাপতি লুকাচ মীৰা আৰু খেলুৱৈ লুকাছ প্ৰক্সাডেছ, গুলেৰ্মে নং, ৰাণুলে আৰু মাৰ্কাচ মোলিনৰি। পাইলটজনক চিনাক্ত কৰিব পৰা নগ’ল।

You might also like