নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Tag

Featured

দিল্লী বিস্ফোৰণক লৈ ফেচবুকত বিতৰ্কিত মন্তব্য দি আটক হাইলাকান্দিৰ ফৰিদ

দিল্লীৰ সাম্প্ৰতিক বিস্ফোৰণৰ ঘটনাক লৈ সামাজিক মাধ্যম ফেচবুকত বিতৰ্কিত আৰু সাম্প্ৰদায়িক সংবেদনশীল মন্তব্য কৰাৰ অভিযোগত হাইলাকান্দিৰ লালা আৰক্ষীয়ে এজন যুৱকক গ্ৰেপ্তাৰ কৰিছে। যুৱকজনৰ নাম ফৰিদ উদ্দিন লস্কৰ, যি লালা থানাৰ অন্তৰ্গত ৰংপুৰ গাঁৱৰ…

ভাৰতক ৰক্তাক্ত কৰাৰ লক্ষ্য

পুনৰ ৰক্তাক্ত হ’ল ৰাজধানী দিল্লীৰ ৰাজপথ৷ ভাৰতবর্ষক অশান্ত কৰাৰ লক্ষ্যৰে পুনৰ পাকিস্তান সমর্থিত উগ্রপন্থীয়ে চলালে প্রাণঘাতী আক্রমণ৷ সপ্তাহৰ আৰম্ভণিৰ দিনাই নিশ্ছিদ্র নিৰাপত্তা বেষ্টনীৰ মাজত থকা নতুন দিল্লীত তিনিটা ধাৰাবাহিক বিস্ফোৰণত কঁপি উঠে…

আজিৰ দিনটোৰ ৰাশিফল

আজিৰ দিনটোৰ ৰাশিফল আজি ১৩ নৱেম্বৰ, কাতি মাহৰ ২৬ তাৰিখ বৃহস্পতিবাৰ : তিথি–কৃষ্ণ নৱমী, নক্ষত্র : মঘা, যাত্রা : শুভ মেষ : সাংসাৰিক দিশত মানসিক আঘাত পাব পাৰে৷ ক্রোধ নিয়ন্ত্রণত ৰখাৰ চেষ্টা কৰক৷ বাধাৰ মাজেৰে কর্মত সাফল্যৰ যোগ৷ ব্যৱসায়–বাণিজ্যত…

দ্বিপাক্ষিক সম্পৰ্ক উন্নতৰ লক্ষ্যৰে কানাডা-ৰ বিদেশ মন্ত্ৰীৰে বৈঠক এছ. জয়শংকৰৰ

কানাডাৰ নায়াগ্ৰাত অনুষ্ঠিত G-7 বিদেশ মন্ত্ৰীসকলৰ বৈঠকৰ সময়ছোৱাত ভাৰতৰ বিদেশ মন্ত্ৰী ড° এছ. জয়শংকৰে কানাডাৰ বিদেশ মন্ত্ৰী অনীতা আনন্দৰ সৈতে এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়। দুয়ো দেশৰ মন্ত্ৰীসকলে ভাৰত–কানাডা দ্বিপাক্ষিক সম্পৰ্ক আৰু সহযোগিতা…

ৰৈ ৰৈ বিনালে আপলোড, ক্ৰাইম ব্ৰাঞ্চৰ জালত ৰফিকুল

অসমীয়া চলচ্চিত্ৰ ‘ৰৈ ৰৈ বিনালে’ অনলাইন মাধ্যমত অবৈধভাৱে আপলোড কৰি ভাইৰেল কৰাৰ অভিযোগত এজন যুৱকক গ্ৰেপ্তাৰ কৰিছে ক্ৰাইম ব্ৰাঞ্চে। গ্ৰেপ্তাৰ হোৱা যুৱকজন হ’ল গোৱালপাৰাৰ বাসিন্দা ৰফিকুল ইছলাম। সূত্ৰমতে, যুৱকজনে লক্ষীপুৰৰ পৰা ইউটিউব চেনেলৰ…

নামনি অসমত কুখ্যাত কাশ্মীৰী জেহাদী সংগঠন জইচ-ই-মহম্মদৰ তৎপৰতা

নতুন দিল্লীৰ লালকিল্লাৰ সমীপত সংঘটিত সাম্প্রতিক বোমা বিস্ফোৰণৰ পিছত বিভিন্ন মহলত উচ্চাৰিত হৈছে কাশ্মীৰৰ কুখ্যাত জেহাদী সংগঠন জইছ-ই-মহম্মদ (Jaish-e-Mohammed), চমুকৈ জেইএমৰ নাম। অৱশ্যে, এতিয়ালৈ নিশ্চিত নহয় যদিও; কিন্তু যদি সঁচাকৈয়ে সেই…

দিল্লী বিস্ফোৰণ-ক লৈ উচটনিমূলক পোষ্ট : অসমত গ্ৰেপ্তাৰ ৫

শেহতীয়াকৈ সংঘটিত দিল্লী বিস্ফোৰণ ৰ ঘটনাৰ পটভূমিত অসম আৰক্ষীয়ে অনলাইন মাধ্যমত আপত্তিজনক আৰু উচটনিমূলক বাৰ্তা প্ৰচাৰ কৰাৰ অভিযোগত পাঁচজন ব্যক্তিক গ্ৰেপ্তাৰ কৰিছে। গ্ৰেপ্তাৰ হোৱা লোকসকল হ’ল ক্ৰমে মতিউৰ ৰহমান (দৰং), হাছান আলী মণ্ডল…

হাত দাঙিলে অভিযন্তা-ই! ডবকাত উৎকোচ লৈ ভিজিলেঞ্চৰ জালত জহুৰ উদ্দিন

পুনৰ হাত দাঙিলে চৰকাৰী অভিযন্তাই। এইবাৰ ৭ হাজাৰ টকাৰ উৎকোচ লৈ দুৰ্নীতি নিবাৰক শাখাৰ হাতত ধৰা পৰিল বিন্নাকান্দি উন্নয়ন খণ্ডৰ সহকাৰী অভিযন্তা জহুৰ উদ্দিন চৌধুৰী। এম জি এনৰেগা আঁচনিৰ বিল মোকলাই দিয়াৰ নামত উৎকোচ লৈ ধৰা পৰে জহুৰ উদ্দিন চৌধুৰী!…

ঢকুৱাখনা-ৰ অৱসৰী শিক্ষয়িত্ৰী দুৰ্গাৱতী দত্ত মজিন্দাৰৰ বিয়োগ

ঢকুৱাখনা ৰাজহ চক্ৰৰ অন্তৰ্গত জিয়ামৰীয়া গাঁ‌ও নিৱাসী তথা ৩১নং কপহুৱা প্ৰাথমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষয়িত্ৰী, সমাজসেৱিকা দুৰ্গাৱতী দত্ত মজিন্দাৰ (৮৪) মঙ্গলবাৰে নিশা নিজ বাসগৃহত মৃত্যু হয়। জিয়ামৰীয়া গাঁ‌ওস্থিত ৩১নং কপহুৱা…

নগৰবেৰা-ত দুৰ্ঘটনাত পতিত স্কুলীয়া বাহন, আহত ১৫ শিক্ষাৰ্থী

আজি পুৱাৰ ভাগতেই নগৰবেৰা থানাৰ অন্তৰ্গত পথালিপাৰা গাঁৱৰ পূব দিশত নগৰবেৰা পঞ্চায়তৰ সন্মুখভাগৰ পথত সংঘটিত হয় দুখন বাহনৰ মুখামুখি সংঘৰ্ষ। এখন স্কুলৰ ছাত্ৰ ছাত্ৰী কঢ়িওৱা বাহন আৰু এখন মালবাহী টাটা মেজিকৰ মুখামুখি সংঘৰ্ষ হয়, বাহন দুখনৰ নম্বৰ এএছ…