নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পৰকীয়া প্ৰেমৰ সন্দেহ! পেট্ৰ’ল ঢালি পত্নীক জুই লগাই হত্যাৰ চেষ্টা স্বামীৰ

ঘটনাটো সংঘটিত হৈছে কাছাৰৰ লক্ষীপুৰ সমজিলাৰ বাণ্ডু চাহ বাগিচাত। ঘটনা অনুসৰি পেট্ৰ'ল ঢালি পত্নীক জুই লগাই হত্যাৰ চেষ্টা চলাইছে স্বামীয়ে। অভিযুক্ত স্বামী তপন কাহাৰক ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। ঘটনা সোমবাৰৰ নিশাৰ। জানিব মতে, নিশা…

নগৰবেৰাৰ জামলাইত ভূমি বিবাদৰ ভয়ংকৰ পৰিণতি, সংকটজনক অৱস্থাত ৫জনক জিএমচিএইচলৈ প্ৰেৰণ

নিয়মীয়া বাৰ্তা, নগৰবেৰা, ৩০ অক্টোবৰ : নগৰবেৰাৰ জামলাই চেনিমাৰাত ভূমিকেন্দ্ৰিক সংঘাতে ভয়ংকৰ ৰূপ লয়। দুই ফৈদৰ প্ৰচণ্ড মাৰপিটত আহত হয় কেইবাজনো লোক। সংকটজনক অৱস্থাত ৫জনক জিএমচিএইচলৈ প্ৰেৰণ কৰা হয় | জানিব পৰা মতে, গাঁওখনৰ মতলেব আলী নামৰ লোকজনৰ…

ষষ্ঠ আন্তঃজিলা যোগাসন ক্ৰীড়া প্ৰতিযোগিতাৰ সামৰণি…

নিয়মীয়া বাৰ্তা, ছিপাঝাৰ, ৩০ অক্টোবৰ : যোগাসন ক্ৰীড়াৰ জৰিয়তে ইতিমধ্যে দৰংবাসীৰ মাজত বিশেষভাৱে পৰিচিত হৈ পৰা ছিপাঝাৰৰ বৰদৌলগুৰিৰ দীপাংকৰ নাথক প্ৰদান কৰা হৈছে যোগাসন সম্ৰাট খিতাপ। অসম যোগাসন ক্ৰীড়া সন্থাৰ উদ্যোগত আৰু দৰং জিলা যোগাসন…

বঙাইগাঁৱত ৪৪ বিঘা মাটিত প্ৰশাসনৰ উচ্ছেদ অভিযান

বঙাইগাঁও জিলাৰ ধনতোলাৰ নানকাৰগাঁৱত প্ৰশাসনে চলাইছে উচ্ছেদ অভিযান। প্ৰায় ৪৪ বিঘা মাটিত চলায় এই উচ্ছেদ অভিযান। ৪০ বছৰ ধৰি মাটি ক্ৰয় কৰি বসবাস কৰি আছিল লোকসকলে। কিন্তু মাটিৰ গৰাকীয়ে উক্ত ৪৪ বিঘা মাটিৰ বাবে আদালতত গোচৰ ৰুজু কৰে। বসবাস কৰি…

অৱশেষত দৰবাৰ চাপৰিলৈ স্থানান্তৰিত হ’ব কমলাবাৰী ফেৰী ঘাট :  সাজু আভ্যন্তৰীণ জল পৰিবহণ বিভাগ

নিয়মীয়া বাৰ্তা, বনগাঁও, ৩০ অক্টোবৰ : ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ অস্বাভাৱিকভাৱে হ্ৰাস পোৱাৰ পৰিপ্ৰেক্ষিতত যোৰহাট-মাজুলী জলপথৰ বিশেষকৈ কমলাবাৰী-নিমাতী সংযোগী ফেৰী চলাচলত ব্যাপক সমস্যাই দেখা দিছে। নদীখনৰ য'তে-ত'তে বালি চৰ পৰি যোৱাৰ পৰিপ্ৰেক্ষিতত…

দুধনৈত অঘটন, ধাননিত উদ্ধাৰ মৃত হাতী পোৱালি

দুধনৈত অঘটন। দিঘলদাৰাত পোৱালি হাতীৰ মৃতদেহ উদ্ধাৰ৷ ধাননি পথাৰৰ কাষতে উদ্ধাৰ হৈছে মৃত হাতী পোৱালিটো ৷ হাতীটোৰ মৃত্যুৰ কাৰণ জানিব পৰা হোৱা নাই ৷ বনৰক্ষীৰ দল ৰাওনা হৈছে ঘটনাস্থলীলৈ ৷ ডিজিটেল ডেস্ক, ৩০ অক্টোবৰ

কলিয়াবৰ-ত জব্দ এক কোটি টকাৰ জালনোট, আটক মজিবুৰ

কলিয়াবৰ ত জব্দ প্ৰায় এক কোটি টকাৰ জালনোট। ঘটনাৰ লগত জড়িত মজিবুৰ ৰহমান (৪০)ক আটক কৰা হৈছে। তেওঁৰ ঘৰ ১নং বৰঘূলিত। লগতে জব্দ কৰে জাল নোট প্ৰিন্ট কৰা তিনিটা প্ৰিন্টাৰ, ২৪০ বান্দিল ৫০০ টকীয়া জাল নোট (প্ৰায় ১ কোটি টকাৰ জাল নোট)। নিশা গোপন…

কংগ্ৰেছৰ সভাত বাংলাদেশ-ৰ ৰাষ্ট্ৰীয় সংগীত পৰিৱেশন, শ্ৰীভূমি থানাত এজাহাৰ দাখিল

শ্ৰীভূমি জিলাত কংগ্ৰেছৰ কাৰ্যনিৰ্বাহক সভাত বাংলাদেশ-ৰ ৰাষ্ট্ৰীয় সংগীত ‘আমাৰ সোনাৰ বাংলা’ গোৱাক লৈ ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। এই ঘটনাক কেন্দ্ৰ কৰি স্থানীয় নাগৰিক অনুপম দাস চৌধুৰীয়ে শ্ৰীভূমি সদৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ ওচৰত লিখিত অভিযোগ…

টিহুবাসীৰ স্বপ্নপূৰণ : ডেৰ দশকৰ বিৰতিত মুকলি গান্ধী ভৱন ছবি আৰু প্ৰেক্ষাগৃহ

ডেৰ দশকৰ বিৰতিৰ পাছত নতুন ৰূপেৰে মুকলি কৰা হল টিহুৰ গান্ধী ভৱন ছবি আৰু প্ৰেক্ষাগৃহ। মুখ্যমন্ত্ৰীৰ অনুদানেৰে ন ৰূপত জিলিকি উঠিল ছবিগৃহ আৰু প্ৰেক্ষাগৃহটো। উল্লেখ্য যে ছবিগৃহটোত কাইলৈৰ পৰা প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ সপোনৰ ছবি ৰৈ ৰৈ বিনালে…

বৰপেটাত বীৰ লাচিত সেনাৰ তিনি সদস্যক গ্ৰেপ্তাৰ

বীৰ লাচিত সেনাৰ বিৰুদ্ধে কঠোৰ হৈছে চৰকাৰ। ধন দাবী, দালালিৰে জড়িতৰ প্ৰমাণ চৰকাৰে লাভ কৰাৰ পিছতে কঠোৰ হৈছে চৰকাৰ প্ৰশাসন। সেই অনুসৰি বৰপেটাত বীৰ লাচিত সেনাৰ তিনি সদস্যক গ্ৰেপ্তাৰ কৰা হৈছে। গ্ৰেপ্তাৰ কৰা সদস্যকেইজন হৈছে- শ্বহীদুল বৰুৱা, লিটন…