নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাতিটোৰ ভিতৰতে পদত্যাগ কৰিম… ঋণ প্রসংগত কংগ্রেছক মুখ্যমন্ত্রীৰ প্রত্যাহ্বান

উন্নয়নৰ স্বার্থত বিত্তীয় প্রতিষ্ঠানৰ পৰা ঋণ লৈ অহাৰ প্রসংগত ৰাজ্য চৰকাৰখনক কংগ্রেছে বাৰম্বাৰ কৰি অহা সমালোচনাৰ প্রত্যুত্তৰ দিলে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ শ্রীভূমিত সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্রী ড০ শর্মাৰ মন্তব্য– কোনখন কংগ্রেছী…

মধ্যমণি মোদী : জিনপিং–পুটিনৰ মহামিলনত শ’লঠেকত ট্রাম্পৰ আমেৰিকা

সমগ্র বিশ্বক আলোড়িত কৰি ভাৰত–চীন–ৰাছিয়াৰ বন্ধুত্ব সমগ্র বিশ্বৰ বাবে আলোচনাৰ কেন্দ্রবিন্দু চীনৰ টিয়ানঝিন৷ টিয়ানঝিনত মিলিত হৈছে বিশ্বৰ তিনি বৃহৎ শক্তি৷ ভাৰতৰ প্রধানমন্ত্রী নৰেন্দ্র মোদী, ৰাছিয়াৰ ৰাষ্ট্রপতি ভ্লাডিমিৰ পুটিন আৰু চীনৰ ৰাষ্ট্রপতি…

কান্ধত কান্ধ মিলাই আগবঢ়াৰ অংগীকাৰ, ৰুছ ৰাষ্ট্রপতিৰে ভাৰতৰ প্রধানমন্ত্রীৰ দ্বিপাক্ষিক বৈঠক

ৰাছিয়াৰ তেল ক্রয় কৰাক লৈ আমেৰিকাৰ ভাৰতৰ ওপৰত অতিৰিক্ত ৫০ শতাংশ শুল্ক আৰোপ কৰাৰ উত্তেজনাৰ সময়তে ৰাছিয়াৰ ৰাষ্ট্রপতি ভ্লাডিমিৰ পুটিনৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হয় প্রধানমন্ত্রী নৰেন্দ্র মোদী৷ চীনৰ টিয়ানঝিনত আয়োজিত এছচিঅ’ৰ বৈঠকৰ সময়তে ৰুছ…

৪ অক্টোবৰলৈ মেট্রিকৰ প্র–পত্র পূৰণৰ দিন ধার্য, বিদ্যালয় শিক্ষাৰ জাননী

২ লাখৰ তলৰ উপার্জনৰ পৰিয়ালৰ শিক্ষার্থীয়ে দিব নালাগে মাচুল আগন্তুক মেট্রিক পৰীক্ষাৰ প্র–পত্র পূৰণৰ দিন আৰম্ভ হৈছে৷ অহা ৪ অক্টোবৰলৈ মেট্রিক পৰীক্ষার্থীসকলৰ প্র–পত্র পূৰণৰ দিন ধার্য কৰা হৈছে৷ অসম ৰাজ্যিক বিদ্যালয় শিক্ষা ব’র্ডে এখন জাননীৰ…

খিলঞ্জীয়াৰ অগ্নিপৰীক্ষা

খিলঞ্জীয়াৰ জীৱন–জীৱিকালৈ ভয়ংকৰ ভাবুকি নমাই অনা মিঞাৰ বিৰুদ্ধে চলি থকা বেদখল উচ্ছেদ অভিযান বন্ধ কৰিবলৈ উঠি-পৰি লাগিছে প্রভাৱশালী চক্র৷ ড০ হিমন্ত বিশ্ব শর্মা মুখ্যমন্ত্রীৰ আসনত অধিষ্ঠিত হোৱাৰ লগে লগে ৰাজ্যখনৰ চৰকাৰী ভূমি, সংৰক্ষিত বনাঞ্চল আৰু…

পম্পী জড়িত আছিল দেহ ব্যৱসায়ত, ড্রাগছ অভাৰড’জ কাণ্ডৰ নতুন মোৰ

নিশা হৈ পৰিলেই মাতাল হয় নেকি মহানগৰী গুৱাহাটী? কালি নিষিদ্ধ ড্রাগ্ছৰ অভাৰড’জ হৈ নগাঁৱৰ পম্পী বৰুৱাৰ মৃত্যু হোৱাৰ পাছতেই স্বাভাৱিকতেই এই প্রশ্ণৰ উদয় হৈছে৷ ভঙাগড়ৰ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত মৃত্যু হৈছিল পম্পী বৰুৱাৰ৷ চিকিৎসকৰ মতে…

আজিৰ দিনটোৰ ৰাশিফল

আজি ২ ছেপ্টেম্বৰ, ভাদ মাহৰ ১৬ তাৰিখ মঙলবাৰ : তিথি–শুক্লা দশমী, নক্ষত্র : মূলা, যাত্রা : নাই মেষ : মানসিক অস্থিৰতা দূৰ হ’ব৷ তথাপি শৰীৰটো অৱশ যেন অনুভৱ হ’ব৷ উচ্চ শিক্ষাৰ বাতৰিয়ে মনত আনন্দ দিব৷ যান–বাহন কিনাৰ বাবে চেষ্টা কৰিব পাৰে৷ শুভ ৰং…

ভাৰাঘৰতে থাকিব লাগিব প্রাক্তন উপ–ৰাষ্ট্রপতি জগদীপ ধনখড়

নিউজ ডেস্ক, ১ ছেপ্টেম্বৰ : সদ্য পদত্যাগী উপ–ৰাষ্ট্রপতি জগদীপ ধনখড়ক লৈ বিৰোধীয়ে বিভিন্ন অভিযোগ উত্থাপন কৰাৰ সময়তে আন এক তথ্য পোহৰলৈ আহিছে৷ সেই অনুসৰি আবেদন কৰিও চৰকাৰী ঘৰৰ পৰিৱর্তে অতিকমেও দুমাহ ভাৰাঘৰতে দিন অতিবাহিত কৰিব লাগিব প্রাক্তন…

কোৱাড সন্মিলনত অংশগ্রহণ নকৰে ট্রাম্পে : শুল্ক বোমাৰ পাছত ভাৰত–আমেৰিকাৰ মাজত ব্যৱধান বৃদ্ধি

নিউজ ডেস্ক, ১ ছেপ্টেম্বৰ : চলিত বর্ষৰ শেষভাগত ভাৰতত অনুষ্ঠিত হ’বলগীয়া কোৱাড সন্মিলনত অংশগ্রহণ নকৰে মার্কিন ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পে৷ নিউয়র্ক টাইমছৰ এক প্রতিবেদনত এই দাবী কৰা হৈছে৷ অষ্ট্রেলিয়া, ভাৰত, জাপান আৰু আমেৰিকাক লৈ কোৱাড গঠন কৰা…

এছিয়া কাপ হকী : জাপানক হৰুৱাই ছুপাৰ ফ’ৰত প্রৱেশ ভাৰতৰ

নিউজ ডেস্ক, ১ ছেপ্টেম্বৰ : দেশৰ মাটিত অনুষ্ঠিত এছিয়া কাপত ভাৰতীয় হকী দলে বিজয়ৰ ধাৰা অব্যাহত ৰাখিছে৷ প্রতিযোগিতাখনত দর্শনীয় প্রদর্শন অব্যাহত ৰাখি ভাৰতে একেৰাহে দ্বিতীয়খন মেচত জয়লাভ কৰিছে৷ প্রথমখন মেচত শক্তিশালী চীনক পৰাজিত কৰাৰ পিছত ভাৰতীয়…