নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ড্রোন ধ্বংসক লৈ আমেৰিকা–ৰাছিয়াৰ মাজত যুদ্ধৰ আশংকা

নিয়মীয়া বাৰ্তা, ১৭ মার্চ: ইউক্রেইন যুদ্ধৰ মাজতে এইবাৰ সংঘাত বৃদ্ধি পালে ৰাছিয়া আৰু আমেৰিকাৰ৷ দুই মহাশক্তিধৰ ৰাষ্ট্রৰ মাজত হঠাতে সৃষ্টি হৈছে যুদ্ধৰ আশংকা৷ কৃষ্ণসাগৰত ৰুছ যুদ্ধ বিমানৰ আঘাতত মার্কিন ড্রোন ধ্বংস হোৱাৰ পাছতে কার্যতঃ মুখামুখি সংঘাতত লিপ্ত হৈছে দুয়োখন দেশ৷ এনে পৰিস্থিতিত দুয়োখন দেশৰ মাজত যিকোনো মুহূর্ততে যুদ্ধ হ’ব পাৰে বুলি আশংকা কৰিছে বিশেষজ্ঞ মহলে৷ ৰাছিয়াই দাবী কৰা অনুসৰি, কৃষ্ণসাগৰীয় অঞ্চলত আমেৰিকান ড্রোনৰ নজৰদাৰী বৃদ্ধি পাইছে৷ এক দুর্ঘটনাত এই ড্রোন এখন ধ্বংস হোৱা বুলি ৰাছিয়াই দাবী কৰিছে যদিও আমেৰিকাই আজি ৰুছ যুদ্ধ বিমানে ড্রোনখন ধ্বংস কৰা মুহূর্তৰ ভিডি’ মুকলি কৰি দিছে৷ লক্ষণীয়ভাৱে কালি দুয়োখন দেশৰ বিদেশ মন্ত্রীৰ মাজত এই বিষয়টোক লৈ সৃষ্টি হয় বাক্বিতণ্ডা৷ সংবাদ সংস্থা এএনআইৰ সূত্রই সদৰী কৰা অনুসৰি, ৰুছ প্রতিৰক্ষা মন্ত্রী ছের্গেই ছৈগুৰ সৈতে টেলিফোনিক বার্তালাপ হয় মার্কিন প্রতিৰক্ষা সচিব লয়ড অষ্টিনৰ৷ দুয়োগৰাকী নেতাৰ মাজত উত্তপ্ত বার্তালাপ হয় বুলিও এএনআয়ে প্রতিবেদনত উল্লেখ কৰিছে৷ আন্তর্জাতিক আইন মানি কৃষ্ণসাগৰীয় অঞ্চলত আমেৰিকাৰ এমকিউ–৯ নজৰদাৰী ড্রোন উৰিছিল বুলি লয়ডে এখন সংবাদ মেলত আজি ঘোষণা কৰে৷ নেতাগৰাকীয়ে এই কথাও উল্লেখ কৰে যে ৰাছিয়াৰ ছুখই–২৭ যুদ্ধ বিমানে পৰিকল্পনা অনুসৰি এই ড্রোনখন ধ্বংস কৰে৷ লক্ষণীয়ভাৱে অষ্টিনে ৰাছিয়াৰ এনে কার্যক পৰোৱাই নকৰি পুনৰ একেটা অঞ্চলত আমেৰিকাৰ ড্রোন উৰিব বুলি হুংকাৰ দিয়াৰ বিপৰীতে ৰুছ প্রতিৰক্ষা মন্ত্রী ছৈগুৰে উল্লেখ কৰিছে যে অত্যধিক নজৰদাৰীৰ পৰিণাম ভয়াৱহ হ’ব৷ দুয়োগৰাকী নেতাৰ এনে বক্তব্যৰ বাবে এতিয়া সৃষ্টি হৈছে ভয়াৱহ যুদ্ধৰ আশংকা৷

You might also like