নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজি পঞ্চম দিন : মধ্যপ্ৰাচ্যত যুদ্ধ তীব্ৰতৰ, ইৰান-ইজৰাইল সংঘাতত বিশ্বজুৰি উদ্বেগ

মধ্যপ্ৰাচ্যত ইৰান আৰু ইজৰাইলৰ মাজত চলি থকা সংঘাতে অধিক তীব্ৰ ৰূপ লৈছে। দুয়োখন দেশে পৰস্পৰে সামৰিক ঘাটি আৰু কৌশলগত লক্ষ্যস্থানসমূহত বায়ু আক্ৰমণ আৰু মিছাইল নিক্ষেপ অব্যাহত ৰাখিছে। ইজৰাইল প্ৰতিৰক্ষা বাহিনীয়ে (Israel Defense Forces) দাবী কৰিছে…

খামেনেইৰ অন্তিম বিদায় অনুষ্ঠান স্থগিত

আমেৰিকা-ইজৰাইলৰ আক্ৰমণত নিহত হোৱা ইৰানৰ সৰ্বোচ্চ নেতা আয়াতুল্লা আলী খামেনেইৰ অন্তিম বিদায় অনুষ্ঠান স্থগিত কৰা হৈছে। আনুষ্ঠানিক সূত্ৰৰ তথ্য অনুসৰি নিৰাপত্তাজনিত কাৰণত এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। দেশজুৰি উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ মাজতে…

ইৰান-আমেৰিকা সংঘাতত উত্তপ্ত মধ্যপ্ৰাচ্য

মধ্যপ্ৰাচ্যত বিগত ২৪ ঘণ্টাত পৰিস্থিতি অধিক অৱনতি ঘটিছে। আমেৰিকা আৰু ইজৰাইলৰ ফালৰ পৰা ইৰানৰ ওপৰত কেইবাটাও ডাঙৰ আক্ৰমণ চলোৱা হৈছে। আমেৰিকাই ১,৭০০ৰো অধিক ঠাইক লক্ষ্য কৰি আক্ৰমণ চলোৱাৰ কথা জানিবলৈ দিছে। United States Central Command-এ জনাইছে যে…

১১টা সমষ্টিত ৰাইজৰ দলৰ প্ৰাৰ্থী ঘোষণা, তালিকাত নাম নাই অখিল গগৈৰ

কংগ্ৰেছৰে মিত্ৰতাৰ আশা ত্যাগ কৰি অৱশেষত আজি অখিল গগৈৰ ৰাইজৰ দলে ১১টা সমষ্টিত নিজৰ প্ৰাৰ্থিত্ব ঘোষণা কৰিলে। তালিকাত স্থান পালে অধ্যাপিকাৰ চাকৰি এৰি ৰাজনীতিলৈ অহা ড০ জ্ঞানশ্ৰী বৰাই। কিন্তু ৰাইজৰ দলৰ এই তালিকাত অখিল গগৈৰ নাম ঘোষণা নোহোৱাটো…

কংগ্ৰেছত মোক্ষম আঘাত : আৰু ৩ বিধায়কৰ বিজেপিত যোগদান নিশ্চিত

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কয় যে কমলাক্ষ দে’ পুৰকায়স্থ, বসন্ত দাস আৰু শশীকান্ত দাসে অহা কাইলৈ (৫ মাৰ্চ) পুৱা ৮ বজাত গুৱাহাটীত বিজেপিত যোগদান কৰিব। বুধবাৰে এক গুৰুত্বপূৰ্ণ ঘোষণা কৰি মুখ্যমন্ত্ৰী ড° শৰ্মাই জনায় যে কংগ্ৰেছৰ তিনিজন…

আজি প্ৰথম প্ৰাৰ্থী তালিকা ঘোষণা কৰিব ৰাইজৰ দলে

কংগ্ৰেছৰ মিত্ৰতা বিচাৰি অৱশেষ বিমুখ হোৱা অখিল গগৈ নেতৃত্বাধীন ৰাইজৰ দলে একলা চলো নীতি গ্ৰহণ কৰি অকলেই নিৰ্বাচন খেলিব। ৰাইজৰ দলে আজি বিয়লি প্ৰথমখন প্ৰাৰ্থী তালিকা ঘোষণা কৰিব বুলি জনাইছে দলটোৰ সভাপতি অখিল গগৈয়ে। তেওঁ জনোৱা মতে, প্ৰথম…

অসমৰ ৰাজ্যসভা নিৰ্বাচনৰ বাবে বিজেপিৰ প্ৰাৰ্থিত্ব ঘোষণা

অসমৰ পৰা ৰাজ্যসভাৰ তিনিখন আসনৰ বাবে আগন্তুক ১৬ মাৰ্চত নিৰ্বাচন অনুষ্ঠিত হ’ব আৰু একেদিনাই সন্ধিয়া ফলাফল ঘোষণা কৰা হ’ব। শাসক দল বিজেপিয়ে ঘোষণা কৰে যে ড° হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন মন্ত্ৰীসভাৰ মন্ত্ৰী যোগেন মহন আৰু দুলীয়াজান সমষ্টিৰ…

ন-বিজেপি নহয়, ৰামেশ্বৰ তেলীক দুলীয়াজানত বিজেপিৰ প্ৰাৰ্থিত্ব!

মুখ্যমন্ত্ৰী ড০ হিমন্ব বিশ্ব শৰ্মাই ঘোষণা কৰিছে যে আগন্তুক বিধানসভা নিৰ্বাচনত দুলীয়াজান সমষ্টিৰ পৰা বিজেপিৰ প্ৰাৰ্থী হিচাপে অৱতীৰ্ণ হ’ব প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী। দুলীয়াজানৰ বৰ্তমানৰ বিধায়ক তেৰাছ গোৱালাক অসমৰ দুটা…

যোৰহাটৰ পৰা গৌৰৱ গগৈক প্ৰাৰ্থিত্ব, কংগ্ৰেছৰ ৪২ সমষ্টিৰ প্ৰাৰ্থী ঘোষণা

অসম বিধানসভা নিৰ্বাচনক লৈ কংগ্ৰেছ দলে ৪২টা বিধানসভা সমষ্টিৰ বাবে প্ৰাৰ্থীৰ প্ৰথম তালিকা প্ৰকাশ কৰিছে। প্ৰথম তালিকাত উল্লেখযোগ্য নামসমূহৰ ভিতৰত আছে অসম প্ৰদেশ কংগ্ৰেছ কমিটী (APCC)ৰ সভাপতি আৰু যোৰহাট লোকসভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈ। তেওঁক…

চিচিবৰগাঁও বিধানসভা সমষ্টিত বিজেপিৰ প্ৰাৰ্থিত্বপ্ৰত্যাশীৰ ভিৰ

সমাগত বিধানসভা নির্বাচনক লৈ প্রার্থিত্ব প্রত্যাশীসকলৰ মাজত খদমদম লাগিছে চিচিবৰগাঁও সমষ্টিত। নতুনকৈ সমষ্টি নিধাৰণ কৰা সমষ্টিটোত এইবাৰ বিজেপিৰ প্ৰাৰ্থী দিব বুলি স্বয়ং মুখ্যমন্ত্রীয়ে ৰাজহুৱাভাৱে ঘোষণা কৰাৰ পিছৰে পৰা বিজেপিৰ প্ৰাৰ্থিত্ব…