নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিলাসীপাৰাত বিধ্বংসী অগ্নিকাণ্ড, চাৰি বাসগৃহ ভস্মীভূত

বিলাসীপাৰাত পুনৰ ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হৈছে। ৰাণীগঞ্জৰ সোনালুগুৰী গাঁৱত সংঘটিত হৈছে এই ভয়ংকৰ অগ্নিকাণ্ড। গাঁওখনৰ জিতেন চৌহান, ৰাজ কিশোৰ চৌহান আৰু ৰাজেশ চৌহানৰ বাসগৃহত সংঘটিত হয় অগ্নিকাণ্ডটো। দীপাৱলী ফটকাৰ পৰা সূত্ৰপাত হৈ…

ডিচেম্বৰ-জানুৱাৰীত কাজিৰঙাত এলিভেটেড কৰিড’ৰ-ফ’ৰলেনযুক্ত পথৰ আধাৰশিলা 

কেন্দ্ৰীয় চৰকাৰে কাজিৰঙাৰ এলিভেটেড কৰিড'ৰ আৰু চাৰিলেনযুক্ত পথৰ অনুমোদন জনোৱাৰ পাছত অহা ডিচেম্বৰ অথবা জানুৱাৰী মাহত আধাৰশিলা কৰা হব বুলি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে। এই কথা কাজিৰঙাত ঘোষণা কৰে মুখ্যমন্ত্ৰী ড০ শৰ্মাই।…

ছয় জনগোষ্ঠীৰ জনজাতিকৰণ : নৱেম্বৰত সকলো দিশ বিবেচনা কৰি বিধানসভাত দিয়া হ’ব প্রতিবেদন

ছয় জনগোষ্ঠীৰ জনজাতিকৰণক লৈ মন্ত্রী ডাঃ ৰণোজ পেগুৰ ঘোষণা ছয় জনগোষ্ঠীৰ জনজাতিকৰণক লৈ দীর্ঘদিন ধৰি চলি থকা বিতর্কৰ মাজতে জনজাতিকৰণৰ সন্দর্ভত অহা ২৫ নৱেম্বৰত ৰাজ্য চৰকাৰে অসম বিধানসভাত প্রতিবেদন দাখিল কৰিব বুলি কৰা ঘোষণাৰ পাছতে আৰম্ভ হৈছে…

ফুটবল জগতত আফ্রিকান বিপ্লৱ, যুৱ বিশ্বকাপত মৰক্কো চেম্পিয়ন

ফুটবল জগতত ইতিহাস মৰক্কোৰ৷ উত্তৰ আফ্রিকাৰ এইখন দেশে শক্তিশালী আজেণ্টিনাক পৰাস্ত কৰি প্রথমবাৰৰ বাবে ২০ বছৰ অনূর্ধ্ব বিশ্বকাপ ফুটবলত চেম্পিয়নৰ সন্মান অর্জন কৰে৷ চিলিৰ ৰাজধানী ছাণ্টিয়াগোৰ এষ্টাডি’ নেচনেল ষ্টেডিয়ামত অনুষ্ঠিত খিতাপ যুঁজৰ মেচখনত…

সম্পাদকীয় : হাগ্রামা মহিলাৰী-ৰ ৰাজনীতি

হাগ্রামা মহিলাৰী-ৰ ৰাজনীতি ২০০৩ চনৰ বিটিচি চুক্তি স্বাক্ষৰৰ পিছত সুদীর্ঘ ১৭ বছৰে ক্ষমতাৰ বাঘজৰী হাতত ৰখা হাগ্রামা মহিলাৰীয়ে ক্ষমতাধিষ্ঠিত ৰাজনৈতিক দলৰ স’তে মিত্রতা কৰি আহিছে৷ বিটিচি চুক্তি স্বাক্ষৰৰ সময়ছোৱাত দিছপুৰৰ ক্ষমতাত আছিল প্রয়াত…

প্ৰকৃতিপ্ৰেমৰ নিদৰ্শন : হাড়গিলা পোৱালি প্ৰতিপালন কৰি গতালে মানাহ ৰাষ্ট্ৰীয় উদ্যানত

বজালী জিলাৰ পাটাছাৰকুছিৰ সুন্দৰপুৰৰ মৃণাল দাসৰ ঘৰৰ কাষত থকা গছ কাটি থাকোতে গছৰপৰা দূৰ্ঘটনাত দুটা প্ৰায় পৈনত হাড়গিলা (বৰটোকোলা)ৰ পোৱালি সৰি পৰে৷ দুটা যোৱা দুদিন ধৰি মৃণাল দাসৰ ল’ৰা দিগন্ত দাসৰ লগতে পৰিয়ালে পোৱালি দুটাক মাছ কিনি আনি খুওৱাই…

মাৰ্ঘেৰিটাৰ বৰগোলাইত অবৈধ গাঞ্জা জব্দ

মাৰ্ঘেৰিটাত আৰক্ষীৰ অভিযানত নিষিদ্ধ গাঞ্জাসহ আটক এজন। মাৰ্ঘেৰিটাৰ বৰগোলাই বিবেকানন্দ কেন্দ্ৰীয় বিদ্যালয়ৰ সমীপৰ পৰা আটক ধৃত। আটকাধীন লোকজন শন্তু প্ৰসাদ গুপ্তা (৫৬) বুলি জানিব পৰা গৈছে। তিনিচুকীয়া জিলা অতিৰিক্ত আৰক্ষী অধীক্ষক ফায়েজ আহমেদ…

আজিৰ দিনটোৰ আপোনাৰ ৰাশিফল (২১ অক্টোবৰ)

কিছুমান ৰাশিৰ বাবে আশাৰ নতুন পোহৰ—চাওক আপোনাৰ ৰাশি অনুসৰি ভাগ্য, আৰ্থিক অৱস্থা আৰু জীৱনৰ পূৰ্বাভাস মেষ ৰাশি আজিৰ দিনটো নতুন পৰিৱৰ্তন আনিব। সামাজিক ক্ষেত্ৰত সক্ৰিয়তা বৃদ্ধি পাব। কামত ধনাত্মক ফলাফল পাব। সময়ৰ সঠিক ব্যৱহাৰ কৰিব পাৰিব।…

শিৱসাগৰত কালীপূজাথলীত চাফাই কৰ্মীৰ জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি

সমগ্ৰ ৰাজ্যৰ লগতে শিৱসাগৰতো আজিৰে পৰা কালীপূজা আৰু দীপাৱলী পালন কৰা হৈছে৷ অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ মৃত্যুৰ পাছত বিগত এটা মাহ ধৰি ৰাজ্যবাসী শোকত ম্ৰিয়মাণ হৈ আছে৷ জুবিন গাৰ্গবিহীন দুৰ্গাপূজা, লক্ষ্মীপূজা আৰু কাতি বিহু পাৰ হৈ গ’ল৷ কোনো…

স্কুবা ডাইভিঙত মৃত্যু হৈছিল জুবিন গাৰ্গৰ, বিৰোধী ঐক্যমঞ্চৰ স্মৃতিগ্ৰন্থত নাভূত-নাশ্ৰুত কাণ্ড

বিৰোধী ঐক্যমঞ্চৰ নাভূত-নাশ্ৰুত কাণ্ড। স্কুবা ডাইভিঙৰ সময়ত হেনো মৃত্যু হৈছিল জুবিন গাৰ্গৰ। বিৰোধী ঐক্যমঞ্চই প্ৰকাশ কৰা ‘কাঞ্চনজংঘা জুবিন’ স্মৃতিগ্ৰন্থত উল্লেখ কৰিছে এই তথ্য। বিৰোধী ঐক্যমঞ্চৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত কালি উন্মোচন কৰা হৈছিল…